Inside picture of a cabin of a first class coach

নেপাল ৰাইডিঙৰ অবিষ্মৰণীয় অভিজ্ঞতা( দশম খণ্ড): লক্ষ্ণৌ ষ্টেচনলৈ অধীৰ অপেক্ষা

Inside picture of a cabin of a first class coach

নেপাল ৰাইডিঙৰ অবিষ্মৰণীয় অভিজ্ঞতা( দশম খণ্ড): লক্ষ্ণৌ ষ্টেচনলৈ অধীৰ অপেক্ষা

নেপাল ৰাইডিঙৰ অবিষ্মৰণীয় অভিজ্ঞতা( দশম খণ্ড)

নেপাল ৰাইডিঙৰ অবিষ্মৰণীয় অভিজ্ঞতা( নৱম খণ্ড)ৰ পিছৰ পৰা–

গোৰষপুৰত পুৰুষ মহিলা দুগৰাকী নামি যোৱাৰ পিছত কেবিনটোত থাকিলোগৈ কেৱল মই । ওপৰৰ বাৰ্থৰ পৰা তলৰ বাৰ্থলৈ নামি আহি বহি আছো । শুবলৈ চেষ্টা কৰিলো কিন্তু টোপনি নাহে । খিৰিকিৰে বাহিৰলৈ চাই আছো । ক্ৰমান্বয়ে পোহৰ হৈ আহিছে ।

সকলো ঠাইৰে পুৱাৰ এটা মাদকতা আছে । ৰাতিৰ অন্ধকাৰত ভয়াল আৰু ৰহস্যময় হৈ পৰা এডোখৰ ঠাইও পুৱাৰ শান্ত সমাহিত ৰূপত হৈ পৰে মোহনীয় । গো়টেই নিশা সাৰে থাকি দৌৰি দৌৰি যেন ৰেলখন ভাগৰি পৰিছে ! ধীৰ গতিৰে আগুৱাই গৈছে ৰেলখন ।
পুৱাৰ পাতল পোহৰত ঊদ্ভাসিত হৈ উঠিছে ৰেলৰ আলিৰ দুয়োকাষৰ কুঁৱলীয়ে ঢাকি ৰখা ঘেহুঁৰ পথাৰবোৰ ।
আজি ১৩ এপ্ৰিল । অৰ্থাৎ অসমত আজি বহাগ বিহুৰ উৰুকা । এই চ’ত-বহাগতো ইয়াত কুঁৱলি দেখি অলপ আচৰিত হ’লো ।
ইতিমধ্যে স্পষ্ট পোহৰ হৈছে । ক্ৰমান্বয়ে বাঢ়ি অহা দিনৰ পোহৰত উদ্ভাসিত হৈ পৰা সোণবৰণীয়া ঘেঁহুৰ পথাৰবোৰ দেখি মনত ভাব হৈছে যেন অসমৰ আঘোন মাহৰ ধাননি পথাৰ।
পাৰ হৈ যোৱা ষ্টেশ্চনবোৰৰ নাম জানিবলৈ উদগ্ৰীৱ হৈ কেতিয়াবা খিৰিকিৰ গ্লাচৰ মাজেদি জুমি চাওঁ । অকলশৰীয়া অনুভৱ এটাই গ্ৰাহ কৰি পেলাইছে মোৰ মনটো । তেনেতে কেবিনৰ বাহিৰত কোনোবাই কাৰোবাৰ লগত কথা পতা শুনা পালো আৰু শুনিলো অসমীয়া মানুহৰ মুখে মুখে অতি প্ৰচলিত শব্দটি উচ্ছাৰণ কৰি কিবা কৈছে । মনটো অলপ ভাল লাগিল এই ভাবি যে তাৰ মানে ৰেলখনত এতিয়াও অসমীয়া লোক আছে । অৰ্থাৎ মইয়ে একমাত্ৰ অসমীয়া হিচাপে অকলশৰীয়া নহয় ।
পাঁচ মান বজাত এটা ষ্টেশ্চনত ৰেলখন ৰওঁতে দুৱাৰ মুখলৈ ওলাই গ’লো । ইতিমধ্যে কপোৰ পিন্ধি লক্ষ্নৌ পালেই নামিব পৰাকৈ মই সাজো হৈ আছো । মোৰ কেবিন থকা ডবাটোৰ এয়াৰ কণ্ডিশ্চনাৰ দায়িত্বত থকা লোক জনৰ মুখা-মুখি হ’লো । তেওঁ নামনি অসমৰ ফালৰ । তেওঁৰ লগত ইতিমধ্যে মোৰ চিনাকি হৈ পৰিছে । তেওঁ মোক দেখি ক’লে– ” আপুনি এতিয়াই ড্ৰেছ কৰিব হোৱা নাই । আৰু বহু দূৰ আছে । ড্ৰেছ খুলি শুই থাককগৈ যাওক । “
তেওঁৰ কথাত মই কেবিনৰ ভিতৰলৈ আহি পুনৰ শুবলৈ চেষ্টা কৰিলো । কিন্তু এতিয়া আৰু শোৱা সম্ভৱ নহয় । গতিকে বাহিৰলৈ চাই বহি ৰ’লো ।

কীট’জ অ’চেন পেক ৩০এল আপোনাৰ যিকোনো অভিযানৰ বাবে আদৰ্শ সঙ্গী।

Ph5 game and two wireless controllers
Maizic Smarthome GS5 Pro 4K Retro Gaming Console |
30,000+ Built-in Games | 53 Emulators |
HDMI Plug & Play Video Game for TV, PC, Projector |
2 Wireless Controllers
Click To Buy on Amazon

কোনো ষ্টেশ্চনত ৰেলখন আহি ৰলেই মই দুৱাৰ মুখলৈ ওলাই আহি চাওঁহি কোন ষ্টেশ্চন পালোহি জানিবলৈ । মুঠতে আগৰাতি যিটো কাম মোৰ সহযাত্ৰী পুৰুষ-মহিলা দুগৰাকীৰ পুৰুষ জনে কৰিছিল,সেই কাম এতিয়া মই কৰিব ধৰিলো । অৰ্থাৎ ষ্টেচন পালেই দুৱাৰ মুখলৈ আহি কোন ষ্টেচন জানিবলৈ চেষ্টা কৰা ।
সেইফালৰ ষ্টেশ্চনবোৰৰ প্লেটফৰ্মবোৰ লক্ষ্য কৰিলো অসমৰ প্লেটফৰ্মবোৰতকৈ যথেষ্ট চাপৰ । মাটিৰ পৰা প্ৰায় এক-ডেৰ ফুটমানহে ওখ হ’ব । এনেদৰে নতুন ঠাইবোৰ চাই গৈ আছো । প্ৰায় সাত-চাৰে সাতমান বজাত দুজনমান আৰ পি এফৰ জোৱান মোৰ কেবিনৰ আগেদি পাৰ হৈ যাবলৈ লৈ মোৰ কেবিনলৈ সোমাই আহিল মোৰ অনুমতি লৈ । তেওঁলোক আহি মোৰ সমুখৰ খালী ছীতটোত বহিল । অলপ পিছত আৰু কেইজনমান আৰ পি এফৰ জোৱান আৰু দুজন মান উত্তৰ প্ৰদেশ পুলিচৰ জোৱানও সোমালহি লগৰ কেইজনক বিচাৰি আহি । মই ক’ৰ পৰা আহিছো ক’লৈ যাম সুধি তেওঁলোকে মোৰ লগত কথা আৰম্ভ কৰিলে । তেওঁলোকৰ কথাৰ পৰা বুজিলো তেওঁলোকৰ এ চি কেবিনত সোমাই বহি যোৱাৰ অনুমতি নাই । যিহেতু মোৰ কেবিনটো প্ৰায় খালী গতিকে তেওঁলোক বহাত মোৰ কোনো আপত্তি নাই ।
শেষত আমাৰ মাজত মই ফুৰিবলৈ যোৱাৰ পৰা আৰম্ভ কৰি ৰাজনীতিলৈকে বিভিন্ন বিষয়ৰ আলোচনা চলিল । মই যে অবিবাহিত সেই কথা মোৰ পৰা জানিব পাৰি এজনে মোক উপদেশ দি কলে-” সোণোৱাল জী, আপ জব লোটেংগে ট্ৰেইন চে মত যাইয়ে । বাইক চে ঘূম ঘূম কৰ যাইয়ে । জাঁহা কই লড়কী পছন্দ হ’গী বাইকমে উথাকে লে যাইয়ে । য়ঁহা কই কই জগহো মে লড়কী খৰিদনেকেলীয়ে ভি মিলটি হাই । “
মোৰ বিয়াৰ বাবে তেওঁক সঁচাকৈ চিন্তত যেন লাগিল । তেওঁৰ মতে নেপালত বাইক চলাবলৈ যোৱাতকৈ ল’ৰা-ছোৱালীসহ ঘৈণীয়েকক বাইকত উঠাই ফুৰিবলৈ যোৱাটো আচল এডভেঞ্চাৰ ।
তেওঁলোকে মোক লক্ষ্নৌত জেপ লুৰুকাৰ পৰা সাৱধান হ’বলৈ উপদেশ দিলে । লগতে ক’লে যে হোটেলৰ ভাৰা পাঁচ শ বা ছয় শ টকায়েই যথেষ্ট তাতকৈ বেছি দিয়াৰ দৰকাৰ নাই । শেষত এজনে মোৰ লগত ফটো উঠিবলৈও ৰাজি হ’ল ।
এনেদৰে দিনৰ প্ৰায় ১০-৩০ মান বজাত আমাৰ ৰেল আহি লক্ষ্নৌৰ চাৰবাগ ষ্টেশ্চনৰ প্লেটফৰ্মত ৰ’লহি ।

আগলৈ …….

আগৰ খণ্ড সমূহ পঢ়িবৰ বাবে তলত দিয়া লিংকত ক্লিক কৰক-

Nipun Sonowal

লেঞ্চৰ মাজেদি বিশেষকৈ প্ৰাকৃতিক ফটোগ্ৰাফিৰ যোগেদি পৃথিৱীখন আৱদ্ধ কৰাৰ প্ৰতি ৰাপ থকা মই এজন এডভেঞ্চাৰ ৰাইডাৰ । ভ্ৰমণে মোৰ উৎসাহক অনুপ্ৰাণিত কৰে । মই সদায় নতুন দিগন্তৰ সন্ধান কৰি আৰু বাহিৰৰ সৌন্দৰ্য্য ভগাই ভাল পাওঁ ।

This Post Has 3 Comments

প্ৰত্যুত্তৰ দিয়ক