মোক যদি সোধা যায় যে গ্ৰুপ ৰাইডিং আৰু একক ৰাইডিং এই দুটাৰ কোনটো মই বেছি ভাল পাওঁ বা পচন্দ কৰোঁ । মোৰ উত্তৰ হ’ব নিশ্চয় গ্ৰুপ ৰাইডিং । কাৰণ গ্ৰুপ ৰাইডিঙত এক বেলেগ মজা আছে । এটা গ্ৰুপ ৰূপে কেইবাজনো ৰাইডাৰ একেলগ হৈ বাইক ৰাইডিঙত যি এবাৰ হ’লেও গৈছে তেওঁহে বুজিব গ্ৰুপ ৰাইডিঙৰ সোৱাদ কি ?
গ্ৰুপ ৰাইদিঙত কি লাভ হয় ?
নতুন বন্ধু লাভ
যদি ৰাইডিং গ্ৰুপ এটা বিভিন্ন ঠাইৰ পৰা যোৱা লোকেৰে গঠিত হয় তেন্তে তেনে গ্ৰুপ এটাত যোগ দিলে নতুন লোকৰ সতে চিনাকি হোৱাৰ উপৰিও নতুন বন্ধু লাভ কৰা যায় যিটো বহু ক্ষেত্ৰত জীৱনৰ এক অমল্য সম্পদ বুলিব পাৰি । 2019 চনৰ চেপ্টেম্বৰ মাহত হিমাচল প্ৰদেশৰ মনালিৰ পৰা আৰম্ভ হোৱা এক গ্ৰুপ ৰাইদিঙত মই যোগ দিছিলো । সেই ৰাইদিঙত লেহত আমাৰ গ্ৰুপত যোগ দিয়া বাংগালুৰৰ পৰা যোৱা বিশ্বজিত চৌধুৰী আজিও মোৰ এক অন্তৰংগ বন্ধু । তেনেদৰে কলকতাৰ শাক্য মণ্ডল,মাংগালুৰৰ নিতিন ভাই । সেইদৰে 2018 চনৰ এপ্ৰিল মাহত মোৰ প্ৰথমটো গ্ৰুপ ৰাইদিংত যাওঁতে লগ পোৱা পুনেৰ সন্দিপ কুটৱালৰ লগত বন্ধুত্ব আজিও অটুত আছে । এইসকল বন্ধু জীৱনত লগ পোৱা বহু মানুহৰ ভিতৰৰ বিশেষ লোক যাক পাহৰা নেযায় ।
শৃংখলা আৰু ট্ৰেফিক নিয়ম শিকা যায়
যেতিয়া একোটা গ্ৰুপ ৰূপে কেইবাজনো ৰাইডাৰ একেলগ হৈ ৰাইডিঙত যায় তেতিয়া আটাইতকৈ প্ৰয়োজনীয় দিশটো হৈছে গ্ৰুপটোৰ শৃংখলা । শৃংখলা অবিহনে গ্ৰুপ ৰাইডিং বিপদজনক আৰু ভয়ংকৰ হ’ব পাৰে । এই শৃংখলাৰ বাবে কিছুমান নীতি-নিয়ম নিৰ্ধাৰণ কৰিব লগা হয় । এই নীতি-নিয়ম সমূহ প্ৰতিজন সদস্যই মানি চলাটো বাধ্যতামূলক । সেয়ে গ্ৰুপ কেপটেইনৰ নিৰ্দেশ মানিহে বাইক চলাব লগা হয় । নিজৰ মন মৰ্জিত যধে-মধে বাইক চলোৱাৰ পৰা ৰাইদাৰ জন বিৰত থাকিব লগা হয় । ইয়াৰ ফলত ৰাইডিং যথেষ্ট নিৰাপদ হয় লগতে নতুন কথাও শিকা যায় । কোনো দীঘলীয়া ৰাইদিঙত যোৱাৰ পূৰ্বে নতুন ৰাইডাৰ সকলক মই এইটো পৰামৰ্শ দিব খুজোঁ যে তেওঁলোকে প্ৰথমটো ৰাইদিং পৰাপক্ষত কোনো প্ৰখ্যাত ৰাইদিং গ্ৰুপৰ লগত কৰা ভাল । এই ক্ষেত্ৰত মই ৰয়েল এনফিল্ডৰ দ্বাৰ আয়োজিত বিভিন্ন ট্যুৰ বা ৰাইদিং সমূহৰ বিষয়ে নাম উল্লেখ কৰিব খোজোঁ । ৰয়েল এনফিল্ডৰ ৰাইদিঙত যোগ দিলে এজন নতুন ৰাইডাৰে জানিব পাৰিব এট ৰাইডিঙত যাবৰ বাবে কি কি দৰকাৰী কথা জনা দৰকাৰ আৰু কি কি জৰুৰী কাগজ-পত্ৰ লগত নিয়া আৱশ্যক । ৰাইদিঙৰ পূৰ্বে তেওঁলোকে এক ফাৰ্ষ্ট এইড ট্ৰেইনিঙো দিয়াৰ ব্যৱস্থা কৰে । এই ট্ৰেইনিংত যিবোৰ বিষয়ৰ ওপৰত শিকোৱা হয় সি কেৱল ৰাইডিঙতে নহয় যিকোনো দুৰ্ঘটনা আদিত কামত অহা ।
ৰাইডিং সংগী লাভ
এটা অকলশৰীয়া ৰাইডিঙত ঘণ্টা ঘণ্টা জুৰি অকলে বাইক চলাব লগা হয় । ফলত মনলৈ কেতিয়াবা নিসংগতা আৰু হতাশা ভাৱ আহে । কিন্তু গ্ৰুপ ৰাইডিঙত কথা পাতিবলৈ,গল্প-গুজব কৰিবলৈ সংগী পোৱা যায় । ইয়াৰ ফলত ৰাইডিং একোটা যিমান দীঘলীয়া হ’লেও আমনিদায়ক অৱস্থাৰ পৰা মুক্ত হৈ থাকিব পাৰি । ইয়াৰোপৰি যিকোনো আকস্মিক বিপদ বা বাইকৰ কিবা বিজুতি আদি হ’লে সহায় পোৱাৰ আশা থাকে যিটো একক ৰাইডিঙত আশা কৰা নেযায় । একক ৰাইডিঙত মুখামুখী হ’ব লগা যিকোনো পৰিস্থিতি আৰু বিপদৰ বাবে অকলে মুকাবিলা কৰিবলৈ মানসিক ভাবে সাজো থাকিব লগা হয় ।
গ্ৰুপ ৰাইদিঙৰ এই সুবিধা সমূহ কেতিয়াও আওকান কৰিব পৰা নেযয় । গ্ৰুপ ৰাইদিঙত এই সমূহ ধনাত্মক দিশ থকাৰ পিছতো মই ব্যক্তিগতভাবে কিন্তু চ’ল’ ৰাইদিঙক বেছি অগ্ৰাধিকাৰ দিওঁ । প্ৰথমে মই স্বীকাৰ কৰোঁ যে চ’ল’ ৰাইদিঙৰ বহু অসুবিধা আছে । নিৰাপত্তা আদিৰ কথা আছে । কিন্তু একক ৰাইদিঙৰ কিছুমান ধনাত্মক দিশো আছে যিকেইটা মোৰ বেছি পচন্দ । চ’ল’ ৰাইদিঙত নিসংগতাবোধ এক প্ৰধান মানসিক সমস্যা যাৰ লগত অভ্যস্ত নথকা সকলে বহু দিন একেৰাহে ৰাইডিং কৰিব লগা হ’লে উৎসাহ আৰু আনন্দ হেৰুৱাই পেলাব পাৰে ।
একক ৰাইদিঙৰ সুবিধা সমূহ
ইচ্ছা অনুযায়ী ৰাইদিং কৰাৰ সুবিধা
চ’ল’ ৰাইদিঙৰ প্ৰথম সুবিধা হৈছে নিজৰ ইচ্ছা অনুযায়ী ৰাইদিং কৰিব পৰাৰ স্বাধীনতা ।
গ্ৰুপ ৰাইদিংত কোন ঠাইত ৰোৱা হ’ব কোন ঠাইত লাঞ্চ খোৱা হ’ব সেইটো আগতীয়াকৈ ঠিক কৰা থাকে । সেইটো সিদ্ধান্ত লোৱাৰ স্বাধীনতা ৰাইডাৰৰ নেথাকে । নিৰ্দিষ্ট ঠাইৰ বাদে আন ঠাইত ৰ’ব লগা হ’লে বেছি সময় পোৱা নেয়ায় । পিছে পিছে আহি থকা চুইপিং ভান আহি ৰৈ থাকিব বা ভাইচ কেপটেইনে খৰধৰ কৰিবলৈ সকিয়াই থাকিব-এনে পৰিস্থিতিৰ মুখামুখী হোৱা যায় ।
নতুন ঠাইত ফুৰিবলৈ যাওঁতে মই বিশেষকৈ য’তে সুন্দৰ দৃশ্য দেখা পাওঁ ত’তে ৰৈ ফটো তোলোঁ । পিছফালৰ পৰা আহি কোনোবা এজনে খৰ-ধৰ কৰিবলৈ সকিয়াই থাকিলে বা চুইপিং ভেনখন আহি যদি ৰৈ থাকে ফটো তোলা কামত মনোযোগ বিঘ্নিত হয়।
আনহাতে ডাঙৰ গ্ৰুপ নহয় লগত যদি আন এজন ৰাইদাৰৰ সৈতে দুজনীয়া গ্ৰুপতো ৰাইদিং কৰা যায় তেনে ক্ষেত্ৰতো সমস্যা সৃষ্টি হ’ব পাৰে যদি এজনৰ সিদ্ধান্ত আনজনৰ সিদ্ধান্তৰ লগত মিল নেথাকে । যেনে লা়ঞ্চ কৰা সময় দুয়োৰে একে নহ’ব পাৰে । ৰাতি ক’ত কটাব সেইলৈ একে সিদ্ধান্ত নহয় ।
ৰূম শ্বেয়াৰ কৰিব লগা হোৱা
গ্ৰুপ ৰাইদিঙত সাধাৰণতে হোটেলৰ একোটা ৰূম দুজনৰ মাজত শ্বেয়াৰ কৰিব লগা হয় । এইটো মোৰ বাবে বিশেষ অসুবিধাজনক । কিয়নো মই লক্ষ্য কৰিোছো যে বহু লোকে একেটা ৰূমত থকা ৰূমমেট জনৰ সুবিধা অসুবিধালৈ কেৰেপ নকৰি নিজৰ মতে ডাঙৰ ভলিউমত মোবাইল ফোনত গান বজায়,চিঞৰি চিঞৰি গাৰ্ল ফ্ৰেণ্ড বা আন কাৰোবাৰ লগত কথা পাতে । কোনোজনে গোটেই ৰূমটোত তেওঁৰ সমষ্ট আধিপত্য খটাব খোজে ।
মোৰ বাবে আটাইতকৈ অসুবিধাজনক কথাটো হৈছে যদি ৰাইডাৰজন চাফচিকুন নহয় আৰু তেওঁৰ ভৰিৰ মোজা গোন্ধায় । আন দুটা অসুবিধা হৈছে যদি ৰুমমেট জনৰ ৰাতি শোওঁতে নাকৰ শব্দ হয় আৰু চিগাৰেট খোৱাৰ অভ্যাস থাকে । দিনটো বাইক চলোৱাৰ পিছত এটা শান্তিপূৰ্ণ ভাল টোপনিৰ অতি প্ৰয়োজন । একোটা ৰূমতে আৰু সাধাৰণতে একোখন বিছনাতে শোৱা ৰুমমেটৰ যদি নাকে ঘৰ ঘৰাই থাকে এইটো মোৰ বাবে অসহ্য কাৰণ মোৰ টোপনি অতি পাতল । অলপ শব্দতে মই সাৰ পাই যাওঁ ।
এনে এটা ঘটনা ঘটিছিল ২০১৮ চনত ৰয়েল এনফিল্ডৰ গ্ৰুপত নেপাল ৰাইডিঙত যাওঁতে । লুম্বিনিত উপস্থিত হৈ হোটেলত সোমোৱাৰ পিছত দিল্লীৰ পৰা যোৱা ৰাজেশ ধাৱানে আমাৰ ৰূমলৈ আহি আমাৰ লগত ৰুমমেট সলাব বিচাৰিলে । তেওঁ জনালে তেওঁৰ ৰুমমেট ৰাজেশ গ্ৰুভাৰৰ নাকৰ শব্দত তেওঁ এদিনো শান্তিৰো টোপনি যাব পৰা নাই । কিন্তু তেওঁৰ লগত এতিয়া ৰূমমেট সলায় কোনে ! কোনে জানি শুনি তেওঁৰ ৰূমমেটৰ নাকৰ শব্দ শুনি টোপনি খতি কৰিবলৈ ৰাজি হ’ব ?
নিজে সিদ্ধান্ত লোৱাৰ স্বাধীনতা
একক ৰাইদিঙত ক’ত খাব, ক’ত ৰ’ব, ক’ত ৰাতি কটাব, কোন ঠাই ফুৰিব আদি সিদ্ধান্ত লোৱাৰ স্বাধীনতা সম্পূৰ্ণ নিজৰ ওপৰত থাকে । ইয়াৰ ফলত নিজৰ ইচ্ছামতে ব্ৰেক ল’ব পাৰি । বাটত ইচ্ছামতে জিৰণি ল’বলৈ আৰু ফটো আদি তুলিবলৈ পৰ্যাপ্ত সময় পোৱা যায় ।
গ্ৰুপ ৰাডিঙৰ আটাইতকৈ মাৰাত্মক কথা হৈছে বাটত ৰাইদাৰৰ মাজত মনোমালিন্যৰ সৃষ্টি হোৱাটো । ডাঙৰ গ্ৰুপ নহৈ মাত্ৰ দুজন লোক ৰাইদিঙত গৈ বাটত যদি দুজনৰ মাজত কিবা কথাত মনোমালিন্যৰ সৃষ্টি হয়, তেন্তে গোটেই ৰাইডিংটো পন্দ হোৱাৰ সম্ভাৱনা থাকে ।
প্ৰত্যেক লোকৰ সহ্য শক্তিৰ সীমা বেলেগ বেলেগ । একেৰাহে কেইবাদিনো বাইক চলাব লগা হোৱাৰ ফলত শাৰিৰীক কষ্ট আৰু ভাগৰত কিছুলোকৰ ধৈৰ্য্য্চ্যুতি ঘটাতো স্বাভাৱিক । তেনে লোক খিংখিঙীয়া হৈ পৰে আৰু সৰু-সুৰা খুটি-নাটি আদিৰ বাবে লগত যোৱা জনৰ ওপৰত দোষ জাপিব খোজে বা খং ৰাগ কৰিবলৈ আৰম্ভ কৰে । এনো কিছু লোক আছে যি নিজৰ খং বা দোষ আনৰ ওপৰত জাপিবলৈ বিচাৰে । এনেধৰণৰ অনাকাংক্ষিত পৰিস্থিতিত পৰাতকৈ মই একক ৰাইদিং বেছি পছন্দ কৰোঁ ।
আপোনাৰ পচন্দ কি ?