Naga People in traditional Atires

নাগালেণ্ড: প্ৰাকৃতিক সৌন্দৰ্য, সাহসিকতাৰ গাঁথা, আৰু সংস্কৃতিৰ ঐহিত্যৰ এটি যাত্ৰা

Naga People in traditional Atires
Photo-Naivedyanandan for Advenride

নাগালেণ্ড: প্ৰাকৃতিক সৌন্দৰ্য, সাহসিকতাৰ গাঁথা, আৰু সংস্কৃতিৰ ঐহিত্যৰ এটি যাত্ৰা

ভাৰতৰ উত্তৰ-পূবৰ সুদূৰত অৱস্থিত প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰা এখন ৰাজ্য নাগালেণ্ড । ইয়াৰ নিভাঁজ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু চহকী জনগোষ্ঠীয় সংস্কৃতিৰে সমৃদ্ধ মনোমুগ্ধকৰ প্ৰাকৃতিক দৃশ্যই ভ্ৰমণকাৰীক আমন্ত্ৰণ জনায় । কুঁৱলীৱে ঢকা পাহাৰ, ঘন অৰণ্য, আৰু সেই পাহাৰত বাস কৰা বিভিন্ন থলুৱা জনগোষ্টীৰ অনন্য পৰম্পৰাগত ৰীতি-নীতিৰ বাবে পৰিচিত নাগালেণ্ড এনে এখন ঠাই য’ত প্ৰকৃতি আৰু পৰম্পৰাই সুসমতাপূৰ্ণ সহাৱস্থান কৰে। এই অঞ্চলৰ হৃদয়ত স্পন্দনিত হয় নগাসকলৰ সজীৱ সংস্কৃতি ।
কেইবাখনো ৰাজ্য আৰু এখন দেশৰ সৈতে নাগালণ্ডৰ উমৈহতীয়া সীমা -পূৱত ম্যানমাৰ(বাৰ্মা), উত্তৰ-পূৱত আছে অৰুণাচল প্ৰদেশ,উত্তৰ, উত্তৰ-পশ্চিম আৰু পশ্চিমত আছে অসম,দক্ষিণত মণিপুৰ ।

“নগা” শব্দৰ উৎপত্তি

“নগা” শব্দটো যদিও বৰ্ত্তমান বহুলভাবে স্বীকৃত আৰু প্ৰচলিত এক শব্দ, এই শব্দ নগাপাহাৰত বাস কৰা সকলো জনগোষ্ঠীকে সাধাৰণ ভাবে বুজাবলৈ ব্যৱহাৰ কৰা হয় যদিও কিন্তু লক্ষ্য কৰিব লগীয়া কথা হ’ল নগালেণ্ডৰ থলুৱা জনগোষ্ঠী সকলে নগা শব্দটো সামূহিকভাবে আদৰি লৈছে বুলি ক’ব নোৱাৰি । কাৰণ এই শব্দটো নগা সকলে নিজৰ পৰিচয় হিচাপে নিজে বাচি লোৱা শব্দ নহয় আৰু এই শব্দই নগালেণ্ডত বাস কৰা কোনো ফৈদ বা জনগোষ্ঠীকে প্ৰতিনিধিত্ব নকৰে । নগাসকলে নিজক নগা ৰূপে চিনাকি দিয়াতকৈ নিজৰ নিজৰ গোষ্ঠী বা ফৈদৰ স্বকীয় পৰম্পৰা,পৰিচয় ৰক্ষা কৰি নিজৰ ফৈদ বা গোষ্ঠীৰ নামেৰেহে নিজৰ পৰিচয় দি ভাল পায়। নগা বুলি পৰিচয় দিয়াতকৈ তেওঁলোকে নিজৰ গোষ্ঠী যেনে আও,আংগামী,কন্যাক আদি বুলিহে পৰিচয় দিয়া দেখা যায় ।
“নগা” শব্দটো “নাংগা” শব্দৰ অপভ্ৰংশ বুলি ভবাৰ বহু থল আছে । “নাংগা” শব্দৰ অৰ্থ হৈছে নাঙঠ অৰ্থাৎ বস্ত্ৰহীন । অসমত আহোম সকলে ৰাজত্ব কৰাৰ সময়ৰ পৰা বা তাতকৈ আগৰ পৰা নগা শব্দৰ প্ৰচলন হৈ আহিছে । উদাহৰণ স্বৰূপে অসমীয়া সাহিত্যৰ সম্ৰাট স্বৰূপ লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনা “জয়মতী কুঁৱৰী” নাটকত নগা শব্দৰ উল্লেখ পোৱা যায় । আহোমৰ তুংখুঙীয়া ফৈদৰ কোঁৱৰ গদাধৰ সিংহ তেতিয়াৰ শাসক ল’ৰা ৰজা আৰু তেওঁৰ অত্যাচাৰী প্ৰধান মন্ত্ৰী লালুকহোলা বৰফুকনৰ আক্ৰোশৰ পৰা বাচিবলৈ নগা পাহাৰত গৈ আত্মগোপন কৰাৰ কথা জয়মতী “কুঁৱৰী নাটক”ত উল্লেখ আছে । তদুপৰি নগাসকলে ভৈয়ামৰ মানুহৰ লগত ধান আৰু অনান্য বস্তুৰ বিনিময়ত সলনি কৰিবলৈ পাহাৰৰ পৰা লগত অনা জকলীয়া,টেঙা আদিৰ নাম যেনে নগা জলকীয়া, নগা টেঙা,নগা ঢাৰি আদিৰ অসমীয়া ভাষাত প্ৰচলন হোৱা বহু পুৰণি শব্দ । অৰ্থাৎ নগা শব্দৰ প্ৰচলন বহু পুৰণি ।
আগৰ বুঢ়ালোক সকলে কোৱা শুনিছিলো যে নগাপাহাৰত বাস কৰা জনজাতি সকলে অতি কম বস্ত্ৰ পিন্ধিছিল । আনকি নগাপাহৰৰ অতি ভিতৰুৱা চাঙত বাস কৰা কিছু জনজাতিৰ লোক অৰ্ধ নগ্ন বা সম্পূৰ্ণ নাঙঠ আছিল যি সকলে কাপোৰ নিপিন্ধিছিল বা পিন্ধিবলৈ বেয়া পাইছিল । (উল্লেখ যোগ্য যে নগাসকলে বাস কৰা পাহাৰটোক চাং বুলি কয় ।) কাপোৰ নিপিন্ধা বাবেই পাহাৰত বাস কৰা এই লোক সকলক ভৈয়ামৰ লোকে বা উত্তৰ-পূব ভাৰতলৈ বাহিৰৰ পৰা অহা ভ্ৰমণকাৰী আৰু মূল বসতিপ্ৰধান লোকসকলে নাংগা বুলিছিল । নাংগা শব্দৰ পিছলৈ অপভ্ৰংশ হৈ নগা শব্দৰ সৃষ্টি হোৱা বুলি ভাবিবৰ বহু থল আছে ।
নাগাৰ লগত অসমীয়া মানুহৰ সম্পৰ্ক অতি পুৰণি যদিও নগা সকল খাদ্য সামগ্ৰী আদিৰ প্ৰয়োজনত ভৈয়ামলৈ যিমান সঘনাই আহিব লগা হৈছিল সিমান সঘনাই ভৈয়ামৰ লোক নাগা পাহাৰলৈ যাব লগা হোৱা নাছিল । সেই দিনত নাগা পাহাৰলৈ অতি নগ’লেই নোহোৱা কামত যাব লগা হোৱা চৰকাৰী লোকৰ বাদে ভৈয়ামৰ সাধাৰণ মানুহ নগৈছিল বুলিব পাৰি । গ’লেও অতি ভয়ে ভয়ে দুই এক গৈছিল । কিন্তু ঘূৰি অহাৰ সম্ভাৱনা বহু কম আছিল । বাট-পথহীন দুৰ্গম জংঘল । বাঘ-ভালুক আদি বনৰীয়া জীৱ-জন্তুৰ পৰা ভয় । আনহাতে নাগা সকলকো আশ্বাসত ল’ব নোৱাৰি । কাৰণ ভাষাৰ সমস্যা । তদুপৰি স্বভাৱতে উগ্ৰ নগা সকলে কাটো বুলিলেই কাটে মাৰো মবুলিলেই মাৰে ।
নাগাসকলৰ থকা-খোৱা আদি অভ্যাস অতি আদিম ধৰণৰ আছিল যাৰ বাবে যিকোনো লোক তেওঁলোকৰ লগত খাপ খাব পৰাটো সম্ভৱপৰ নাছিল। ভিতৰুৱা পাহাৰত বাস কৰা লোক সকলৰ জীৱন প্ৰণালী আছিল অতি আদিম পৰ্যায়ৰ। এনেবোৰ কাৰণত নাগাসকল ভৈয়ামৰ জনসমাজৰ পৰা সম্পূৰ্ণৰূপে বিছিন্ন আছিল । সভ্য সমাজৰ পৰা আঁতৰি বাস কৰাৰ বাবে তেওঁলোকে হয়তো কাপোৰ বোৱাৰ কৌশল আয়ত্ত কৰাৰ কোনো উপায় পোৱা নাছিল । যি কাৰণত তেওঁলোকে ঠাণ্ডা আৰু লাজৰ পৰা ৰক্ষা পাবলৈ গছৰ বাকলি, জন্তুৰ ছাল,চৰাইৰ পাখি আদি দেহাবৰণ ৰুপে ব্যৱহাৰ কৰিছিল বা কৰিবলৈ বাধ্য হৈছিল । পিছলৈ ইয়েই নগাসকলৰ সংস্কৃতি ৰূপ লয় । বস্ত্ৰহীন বা অৰ্ধনগ্ন হৈ থাকি ভালপোৱা এই লোক সকল সেয়ে কালক্ৰমত “নাংগা” বা নাগা ৰুপে জানাজাত হ’ল । কিন্তু পাহাৰত বাস কৰা যি সকল লোকক বাহিৰৰ মানুহে নাগা বুলি কয় তেওঁলোকে নিজক নাগা বুলি চিনাকি দিয়াতকৈ নিজৰ গোষ্ঠী বা ফৈদৰ নামেৰেহে পৰিচয় দি ভাল পায় ।
নাগা পাহাৰৰ বাহিৰৰ লোক সকলে পাহাৰত বাস কৰা এই জনজাতি সকলক নাগা বুলিছিল যদিও জনজাতি লোক সকলে নাগা শব্দটো তেওঁলোকৰ বাসস্থানক বুজাবলৈ ব্যৱহাৰ কৰাৰ বাদে নিজৰ জাতীয় সত্তাক বুজাবলৈ ব্যৱহাৰ নকৰে । মন কৰিব লগীয়া যে নাগা কোনো জাতি নহয় । নাগাৰ সকলৰ কোনো উমৈহতীয়া ভাষা নাই । কোনো উমৈহতীয়া পৰম্পৰাগত উৎসৱ নাই । পৰম্পৰাগত উৎসৱ আছে যদিও ই ফৈদ ভেদে বেলেগ বেলেগ । নাগা সকলে নিজৰ নিজৰ ফৈদৰ দ্বাৰাহে চিনাক্ত হয় । তেওঁলোকৰ গৌৰৱময় চিনাকি হৈছে নিজৰ নিজৰ ফৈদৰ নাম যেনে -লোথা,কন্যাক,আও,আংগামী আদি ।
আশী দশকমানলৈকে নগাপাহাৰত যাতায়তৰ কোনো সুচল ব্যৱস্থা নাছিল বুলিব পাৰি । নগা সকলে ভৈয়ামলৈ আহ-যাহ কৰিবলৈ ব্যৱহাৰ কৰা অতি ঠেক আৰু থিয় লুং লুঙীয়া হাবিতলীয়া বাটৰ বাদে যাতায়তৰ আন কোনো পথ নাছিল । নগাপাহাৰত গাড়ী চলাৰ কথা তেতিয়া কল্পনাৰো অতীত আছিল । গতিকে ইয়াৰ পৰা ধাৰণা কৰিব পাৰি অতীজত নাগা সকল কেনে দূৰ্গম জংঘলৰ মাজত জীয়াই থকাৰ বাবে সংগ্ৰাম কৰিব লগা হৈছিল । অতি প্ৰয়জনীয় বস্ত্ৰও তেওঁলোকৰ বাবে দুৰ্লভ আছিল ।

লিংগুৱাফ্ৰেংকা: নাগামিজৰ উৎপত্তি

নাগা পাহাৰৰ সকলোবোৰ পাহাৰত মানুহ বাস নকৰে । বহু দূৰে দূৰে অৱস্থিত একোটা পাহাৰত একোটা ফৈদ বা গোষ্ঠী বাস কৰে । এটা এটা পাহাৰ এটা ফৈদৰ । প্ৰতিটো পাহাৰত বাস কৰা ফৈদ বা গোষ্ঠীৰ কথিত ভাষা ,অনান্য পৰম্পৰা আন পাহাৰত বাস কৰা সকলৰ লগত একে নহয় । এটা পাহৰৰ মানুহৰ ভাষা-সংস্কৃতি,পৰম্পৰা আন এটা পাহাৰত বাস কৰা গোষ্ঠী বা ফৈদৰ ভাষা-সংস্কৃতি,পৰম্পৰাৰ লগত নিমিলে । এটা পাহৰৰ ভাষা আনটো পাহাৰত নচলে । সেয়ে সংযোগী ভাষা ৰূপে কোনো এটা থলুৱা ভাষা সাধাৰণ সংযোগী ভাষা ৰূপে গঢ় লৈ উঠা নাছিল । ফলত এটা পাহাৰৰ মানুহৰ কথা আনটো পাহাৰৰ মানুহে বুজি নেপাইছিল । এটা পাহৰত বাস কৰা জনগোষ্ঠী এটা ওচৰৰ আনটো পাহাৰত বাস কৰা জনগোষ্ঠী এটাৰ মাজত ইমানেই শত্ৰুতা আছিল যে দুয়ো জনগোষ্ঠী সমিল-মিল হোৱাৰ কোনো উপায় নাছিল । ফলত দুই জনগোষ্ঠীৰ মাজত ভাষা-সংস্কৃতি আদান-প্ৰদান হোৱাৰও কোনো সুবিধা নাছিল । পিছলৈ অসমৰ মানুহৰ লগত আহ-যাহ কৰোতে ব্যৱসায় -লেন দেনৰ প্ৰয়োজনত ব্যৱহাৰ হোৱা ভঙা ভঙা অসমীয়া, হিন্দী আৰু ইংৰাজী শব্দ মিহলি এটা সংমিশ্ৰিত খিচিৰি ভাষা গঢ় লৈ উঠিল যিটো আজি নাগামিজ বুলি জনাজাত । এই নাগামিজ প্ৰচলন হোৱাৰ পিছতহে এটা পাহাৰত বাস কৰা নাগা লোক আন এটা পাহাৰত বাস কৰা সকলৰ লগত ভাৱ বিনিময় কৰিব পৰা হ’ল । যিটোৱে তেওঁলোকক এক জাতীয় সত্তাৰ অনুভৱও প্ৰদান কৰিলে । এতিয়া অৱশ্যে শিক্ষিত নতুন চামৰ মাজত ইংৰাজী ভাষা যথেষ্ট প্ৰচলন হৈছে যদিও অশিক্ষিত আৰু বয়সস্থ লোক সকলে ইংৰাজী বুজি নেপায় । নাগামিজেই তেওঁলোকৰ বাবে মূল সংযোগী ভাষা ।

জংঘলৰ মাজত জীৱন সংগ্ৰাম

নাগালেণ্ডৰ জনজাতিসকলে জীৱিকাৰ বাবে চাৰিও কাষৰ অৰণ্যৰ ওপৰত নিৰ্ভৰ কৰি পৰম্পৰাগতভাৱে প্ৰকৃতিৰ তেনেই কাষত বাস কৰি আহিছে । ইয়াৰ জীৱন প্ৰত্যাহ্বানমূলক,প্ৰতিটো দিনেই জংঘলৰ ক্ষমাহীন কঠোৰ পৰিৱেশৰ লগত খাপ খুৱাই কটাব লগীয়া হয় । সৰলতা আৰু জীয়াই থকাৰ সংগ্ৰামৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা এই জীৱন-শৈলীয়ে তেওঁলোকৰ পোনপটীয়া আৰু যুঁজাৰু মানসিকতাক গঢ় দিছে ।
প্ৰজন্মৰ পিছত প্ৰজন্ম জংঘলৰ নিৰ্দয় প্ৰাকৃতিক পৰিৱেশত বাস কৰিব লগা হোৱাৰ ফলত নাগা জনগোষ্ঠী সমূহে নিজৰ সাহস আৰু শক্তিক নিখুঁত কৰি তুলিব লগা হৈছিল । সেই দিনৰ সভ্যতাৰ পোহৰে ঢুকি নোপোৱা জংঘলৰ মাজৰ জীৱন আছিল কল্পনাতীত । মেলেৰীয়া,গ্ৰহণী আদি বিভিন্ন ৰোগ আৰু মহ-ডাহ,জোক,সাপ আদি সাধাৰণ বিষাক্ত প্ৰাণীৰ পৰা আৰম্ভ কৰি,বাঘ-বালুকৰ আক্ৰমণলৈকে বিভিন্ন প্ৰাণীৰ পৰা মৃত্যৰ ভয় । লগতে ইটো ফৈদ আৰু সিটো ফৈদৰ মাজৰ পুৰুষাণুক্ৰমে চলি অহা শত্ৰুতা,বিবাদ আৰু ভূখণ্ডৰ আধিপাত্যৰ বাবে হোৱা সংঘৰ্ষ আছিল সাধাৰণ ঘটনা । হঠাতে ৰাতি আহি আক্ৰমণ কৰি এটা ফৈদে আনটো ফৈদৰ ঘৰ জ্বলাই দিয়া, মানুহ হত্যা কৰি মূৰ কাটি নিয়া আদি ঘটনা অতি সুলভ আছিল । এই সংঘৰ্ষসমূহত পৰাক্ৰম আৰু বীৰত্বই আছিল বাচি থকাৰ সৰ্বশ্ৰেষ্ঠ উপায়। নিজৰ বংশক ৰক্ষা কৰিবলৈ আৰু নিজৰ সাহস প্ৰমাণ কৰিবলৈ যোদ্ধাসকলে প্ৰায়ে এনে যুদ্ধত লিপ্ত হৈছিল যিটো পৰাক্ৰম আৰু বীৰত্বৰ এক পৰীক্ষা ৰূপে গণ্য কৰা হৈছিল । জংঘলৰ মাজৰ জীৱন আছিল অনিশ্চিত আৰু ক্ষণস্থায়ী । জীৱনটো হাতৰ মুঠিত লৈ জীয়াই থাকিব লগা হৈছিল পাহাৰত বাস কৰা লোক সকল ।

হেড হাণ্টিং বা মূৰ কটা প্ৰথা

দুটা ফৈদৰ মাজৰ বিবাদ আৰু শত্ৰুতা বংশগত শত্ৰুতালৈ ৰূপান্তৰ হৈছিল । এটা ফৈদে আনটোক কেতিয়া কোন সময়ত আক্ৰমণ কৰে কোনো নিশ্চয়তা নাছিল । এই সংঘৰ্ষবোৰত সাধাৰণতে মহিলা আৰু শিশুবোৰৰ অধিক ক্ষতি হৈছিল । নগা সকলৰ মাজত এক পৰম্পৰা আছিল যে যুঁজত হত্যা কৰি শত্ৰুৰ মুণ্ড ছেদ কৰি লৈ যোৱা হৈছিল । এনে যুঁজ বাগৰত এজন লোকে যিমান বেছি শত্ৰু পক্ষৰ লোকৰ মূৰ কাটি আনিব পাৰিছিল সেইটো এক গৌৰৱ আৰু বীৰত্বৰ চিহ্ন হিচাবে গণ্য কৰা হৈছিল । এই প্ৰথাৰ পৰাই তেওঁলোকে “হেডহাণ্টাৰ”ৰ এক কুখ্যাত উপাধি লাভ কৰিছিল ।—এই শব্দটোৱে তেওঁলোকৰ সাহস আৰু উগ্ৰ সুনামক প্ৰতিনিধিত্ব কৰে। হেডহান্টিং সাহসৰ প্ৰতীক হৈ পৰিছিল। একোটা আক্ৰমণ সফল হোৱাৰ পিছত বিজয় উদযাপন কৰা হৈছিল আৰু মূৰবোৰ যোদ্ধাৰ শক্তিৰ চিন হিচাপে প্ৰদৰ্শন কৰা হৈছিল । এই কাটি অনা মূৰবোৰ তেওঁলোকে নিজৰ ঘৰৰ বেৰত আঁৰি থৈছিল যিদৰে খেলুৱৈৱে কোনো খেলত জিকি অনা বঁটা আদি ঘৰত সজায় ৰাখে সেইদৰে ।

চিকাৰ আৰু ঝুম খেতি

পৰম্পৰাগতভাৱে নগাসকল আছিল অঘৰী আৰু চিকাৰী । চিকাৰেই আছিল তেওঁলোকৰ জীয়াই থকাৰ মূল উপায় । এটা পাহাৰত বাস কৰা গোটেই ফৈদৰ যুৱক আৰু সমৰ্থবান সকলোৱে চিকাৰত অংশগ্ৰহণ কৰিছিল । চিকাৰী প্ৰবৃত্তি নগাসকলৰ ৰক্তত প্ৰবাহিত হৈ আছে । নাগাসকল একোটা পাহাৰত এটা গোট হিচাপে বাস কৰে । সময়ৰ লগে লগে তেওঁলোকে একোটা পাহাৰীয়া অঞ্চলত স্থায়ীকৈ বসতি স্থাপন কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে তেওঁলোকে খেতিৰ মৌলিক পদ্ধতি শিকিলে যদিও বয়নত তেতিয়াও পাকৈত হ’ব পৰা নাছিল ।
একোটা পাহাৰত তেওঁলোকৰ বসতি বৰ বেছি বছৰলৈ স্থায়ী নহৈছিল । মহামাৰী, সঘনাই হোৱা ফৈদৰ মাজৰ সংঘাত আৰু অন্যান্য প্ৰত্যাহ্বান আদিৰ বাবে প্ৰায়ে তেওঁলোকক ঠাই সলাবলৈ বাধ্য হৈছিল । প্ৰতিবাৰ স্থানান্তৰিত হৈ তেওঁলোকে এটা নতুন পাহাৰ দখল কৰিছিল,তাৰ জংঘলবোৰ পৰিষ্কাৰ কৰিব লগা হৈছিল আৰু অস্থায়ী খেতিপথাৰ স্থাপন কৰিছিল।
নাঙলৰ ব্যৱহাৰ তেওঁলোকে কৰা নাছিল; বৰঞ্চ ঝুম খেতি নামেৰে জনাজাত এক বিশেষ পদ্ধতিৰে তেওঁলোকে খেতি কৰিছিল। কিছু পাহাৰত জুম পদ্ধতিৰে এতিয়াও খেতি কৰা হয় । এই পদ্ধতিত খেতি কৰাৰ বাবে গছ-গছনি কাটি জ্বলাই পাহাৰৰ জংঘল পৰিষ্কাৰ কৰা হয়, তাৰ পিছত পৰিষ্কাৰ কৰা মাটিত পোনে পোনে বীজ সিঁচি দিয়া হয়। কেইবছৰমান খেতি কৰাৰ পিছত মাটিখিনিৰ উৰ্বৰতা শেষ হৈ যোৱা বুলি ভাবি তেওঁলোকে সেই পাহাৰ এৰি আন এটা পাহাৰ পৰিষ্কাৰ কৰি পুনৰ একে ধৰণে খেতি কৰে । এই স্থানান্তৰিত খেতিৰ চক্ৰই তেওঁলোকক নিজৰ চৌপাশৰ লগত খাপ খুৱাবলৈ আৰু নিজৰ সম্প্ৰদায়ক টিকিয়াই ৰাখিবলৈ সমৰ্থবান কৰিছিল।

হৰ্ণবিল উৎসৱ: জীৱন আৰু ঐতিহ্যৰ এক উদযাপন

হৰ্ণবিল উৎসৱ, যাক প্ৰায়ে “উৎসৱৰ উৎসৱ” বুলিও জনা যায়, নাগা সংস্কৃতিৰ এক চমকপ্ৰদ উদযাপন আৰু একতা প্রদৰ্শনৰ এটি উজ্জ্বল আয়োজন। প্ৰতি বছৰে ডিচেম্বৰ ১ তাৰিখৰ পৰা ১০ ডিচেম্বৰলৈকে নাগালেণ্ডৰ কোহিমাৰ ওচৰৰ কিছামা ঐতিহ্য গাঁৱত হৰ্ণবিল উৎসৱ অনুষ্ঠিত হয় । এই সপ্তাহজোৰা উৎসৱত নাগালেণ্ডৰ সকলো জনজাতীয় গোষ্ঠী একত্ৰিত হৈ নিজৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰে। চমকপ্ৰদ সৌন্দৰ্য আৰু শক্তিৰ প্ৰতীক হৰ্ণবিল নামৰ এবিধ পক্ষীৰ নামেৰে নামাকৰণ কৰা এই উৎসৱে নাগাসকলৰ আত্মাৰ প্ৰশংসা কৰে আৰু তেওঁলোকৰ ৰীতি-ৰিৱাজৰ বৈচিত্ৰ্য উদযাপন কৰে।
হৰ্ণবিল উৎসৱত নগা সকলৰ বিভিন্ন্ গোষ্ঠীৰ নিজৰ নিজৰ পৰম্পৰাগত নৃত্য,জনগীত, আৰু উচ্ছ্বসিত যুদ্ধ নৃত্য আদি প্ৰদৰ্শনৰ দ্বাৰা গোষ্ঠীসমূহৰ বীৰত্বৰ ইতিহাস পুনৰ সজীব কৰি দেখুওৱা হয় । প্ৰতিজনজাতীয় গোষ্ঠীয়ে নিজৰ ধৰ্মীয় পোছাক পিন্ধে, য’ত আছে পৰা চুলি, ৰঙীন চাদৰ,চৰাইৰ পাখি, আৰু শিপাৰে বান্ধা অলংকাৰ আদি,যিয়ে চক্ষুৰ আগত এটি অতুলনীয় দৃশ্য সৃষ্ট কৰে।
সাংস্কৃতিক প্ৰদৰ্শনৰ উপৰিও, এই উৎসৱত অন্তৰ্ভুক্ত আছে ধনুৰ্বিদ্যা আৰু কুস্তিৰ দৰে জনজাতীয় খেল-ধেমালি সমূহ, য’ত অংশগ্ৰহণকাৰীসকলে নিজৰ পাৰদৰ্শিতা,শক্তি,আৰু কৌশল প্ৰদৰ্শন কৰে। নাগা জলকীয়া খোৱাৰ প্ৰতিযোগিতা আৰু তেল সনা বাঁহত উঠাৰ দৰে অনন্য কাৰ্যসূচীসমূহে উৎসৱত উল্লাস আৰু হাঁহিৰ খোৰাক যোগায়।
ইয়াৰোপৰি পৰম্পৰাগত খাদ্য আৰু পানীয়ই হৰ্ণবিল উৎসৱত বিশেয আদৰ লাভ কৰিবলৈ সক্ষম হৈছে । এই খাদ্য আৰু পানীৰ ভিতৰত উল্লেখযোগ্য বিশেষ পদ্ধতিৰে বিভিন্ন ফল-মূল যেনে-পাইন এপল আৰু চাউলৰ পৰা তৈয়াৰ কৰা ঘৰোৱা পানীয় । খাদ্যৰ ভিতৰত খৰিকাত দিয়া গাহৰিৰ মাংস, বাঁহৰ চোঙাত ৰন্ধা ভাত, বাঁহ গাজৰ পৰা তৈয়াৰী গাঁজ টেঙা,”চক” নামৰ প্ৰকাৰৰ চাউলৰ সুৰা আদি ।

নাগালেণ্ড ভ্ৰমণৰ বাবে কেনেকৈ যাব?

  1. ৰেলযোগে:
    নাগালেণ্ডৰ অন্যতম নিকটতম ৰেলৱে ষ্টেচন হৈছে ডিমাপুৰ। গুৱাহাটী, দিল্লী আৰু কলকাতাৰ পৰা ডিমাপুৰলৈ সহজে ৰেল পাওয়া যায়। ডিমাপুৰৰ পৰা ৰোডযোগে নাগালেণ্ডৰ ৰাজধানী কোহিমালৈ ৭০ কিলোমিটাৰৰ দূৰত্বত।
  2. বিমানযোগে:
    ডিমাপুৰৰ বিমানবন্দৰ নাগালেণ্ডৰ একমাত্ৰ বিমানবন্দৰ। দিল্লী, কলকাতা আৰু গুৱাহাটীৰ পৰা সাপ্তাহিক ফ্লাইট উপলব্ধ। বিমানবন্দৰৰ পৰা টেক্সি লৈ নাগালেণ্ডৰ বিভিন্ন ঠাইত সহজে যাব পাৰি।
  3. ৰোডযোগে:
    গুৱাহাটীৰ পৰা নাগালেণ্ডৰ বাবে বাছৰ ব্যৱস্থা উপলব্ধ । টেক্সি আদিও সুলভ ।

কেনেকৈ ভ্ৰমণৰ সময় উপভোগ কৰিব?

  • হৰ্ণবিল উৎসৱ:
    ডিসেম্বৰ মাহত অনুষ্ঠিত হোৱা এই উৎসৱত নাগালেণ্ডৰ সম্পূৰ্ণ সংস্কৃতিৰ এক সাৰ্থক পৰিচয় পাব।
  • সঁচা পৰম্পৰা:
    নাগা আদিবাসীসকলৰ জীৱন ধাৰা, শিল্পকলা, আৰু খাদ্যৰ সোৱাদৰ মাজেৰে ঐতিহ্য আৰু সংস্কৃতিক পৰম্পৰাৰ অভিজ্ঞতা লওক।
    নাগালেণ্ড ভ্ৰমণ আপোনাৰ জীৱনৰ অভিজ্ঞতাৰ বিশেষ সোঁৱৰণীয় হ’ব । প্ৰকৃতি, সংস্কৃতি, আৰু আতিথ্যৰ অপূৰ্ব মিশ্ৰণ উপভোগ কৰিবলৈ আজিয়ে পৰিকল্পনা কৰক।

Naivedyanandan Sonowal

লেঞ্চৰ মাজেদি বিশেষকৈ প্ৰাকৃতিক ফটোগ্ৰাফিৰ যোগেদি পৃথিৱীখন আৱদ্ধ কৰাৰ প্ৰতি ৰাপ থকা মই এজন এডভেঞ্চাৰ ৰাইডাৰ । ভ্ৰমণে মোৰ উৎসাহক অনুপ্ৰাণিত কৰে । মই সদায় নতুন দিগন্তৰ সন্ধান কৰি আৰু বাহিৰৰ সৌন্দৰ্য্য ভগাই ভাল পাওঁ ।

প্ৰত্যুত্তৰ দিয়ক