হিমালয়ৰ সুউচ্চ শৃংগৰ মাজত অৱস্থিত আৰু সমুদ্ৰপৃষ্ঠৰ পৰা ২৩০০ মিটাৰ উচ্চতাত অৱস্থিত কোডাৰী হৈছে এডভেঞ্চাৰ প্ৰিয় প্ৰতিজন লোকক হাত বাউলি দি মতা এক হেঁপাহৰ ঠাই। চীন-নেপাল সীমান্তত অৱস্থিত এই ৰুক্ষ অথচ মনোমোহা ঠাইখন নিভাজ প্ৰাকৃতিক সৌন্দৰ্য্য, ৰোমাঞ্চকৰ দুঃসাহসিক ক্ৰীড়াৰ অভিজ্ঞতা আৰু চহকী সাংস্কৃতিক সংমিশ্ৰণৰ বাবে প্ৰখ্যাত । অকোৱা-পকোৱা পথেদি আগুৱাই যাওঁতে ই আপোনাৰ সাহসিকতাক পৰীক্ষা কৰাৰ লগতে পথৰ গাতে লগা থিয় পাহাৰ, গভীৰ দ খাৱৈ আৰু চমকিত কৰা দৃশ্যই আপোনাৰ হৃৎ স্পণ্ডন বঢ়ায় তোলে । কোদাৰীত কটোৱা প্ৰতিটো মুহূৰ্ত অবিস্মৰণীয় প্ৰাকৃতিক সৌন্দৰ্য্য আৰু হৃদয়ত কঁপনি তোলা অভিজ্ঞতাৰে ভৰা।
Rider’s choice
Click To Buy on Amazon
কোডাৰীলৈ যাত্ৰা: আন কোনো যাত্ৰাৰ দৰে নহয়
নেপালৰ ৰাজধানী চহৰ কাঠমাণ্ডুৰ পৰা কোদাৰীলৈ দূৰত্ব প্ৰায় ১৪৪ কিলোমিটাৰ । কিলোমিটাৰ হিচাপেৰে দূৰত্ব বৰ বেছি নহয় যেন লাগিলেও এই যাত্ৰাই আপোনাৰ মনত চিৰ যুগমীয়া সাঁচ বহুৱাই থৈ যাব । এইটো কোনো সাধাৰণ ড্ৰাইভ নহয়—এয়া নেপালৰ আটাইতকৈ নাটকীয় প্ৰাকৃতিক দৃশ্যৰ মাজেৰে যাত্ৰা । পথৰ এফালে সেমেকা শেলুৱৈৰে ভৰা শিলাময় পৰ্বতৰ থিয় পিঠি আৰু আনফালে গভীৰ দ খাৱৈ। তলত প্ৰবল সোঁতেৰে বৈ থকা খৰস্ৰোতা ভোটে কোশী নদী । নদীৰ বুকুৰ প্ৰকাণ্ড প্ৰকাণ্ড শিলত আচাৰ খাই নামনিলৈ বৈ যোৱা নদীৰ জলধাৰাৰ অবিৰত গৰ্জন । শিলাময় ওখোৰা-মোখোৰা ঠেক পথটোৰ প্ৰতিটো কেঁকুৰি ঘূৰাৰ লগে লগে চকুৰ আগত উদ্ভাসিত হয় আপোনাক যেন আদৰিবলৈ ৰৈ থকা অসীম সৌন্দৰে ভৰা প্ৰাকৃতিক দৃশ্য ৰাজি । য’ত ধূসৰ পাহাৰবোৰ প্ৰাচীন দৈত্যৰ দৰে আকাশলৈ মূৰ দাঙি থিয় হৈ থাকে ।
এই যাত্ৰা কেৱল সৌন্দৰ্য্যৰে ভৰাই নহয় । ই হৈছে প্ৰত্যাহ্বানযুক্ত আৰু ভাগৰাই তোলা এক যাত্ৰা । যি সময়ত দূৰৰ ওখ ওখ উদং শিলাময় পৰ্বতৰ আঁৰত লুকাভাকু খেলা বৰফাবৃত হিমালয়ৰ অস্পৰ্শিত প্ৰাকৃতিক সৌন্দৰ্য্যই আপোনাৰ উশাহ হৰণ কৰে, সেই সময়ত কিন্তু আপুনি পাহৰি গ’লে নহ’ব যে এই অপাৰ সৌন্দৰ্য্যৰে ভৰা প্ৰাকৃতিক পৰিৱেশ হঠাৎ সলনি হৈ যাবও পাৰে । এই শান্ত পৰিৱেশ হঠাৎ ৰূপান্তৰ হ’ব পাৰে অনাকাংক্ষিত দুৰ্যোগলৈ । প্ৰাকৃতিক সৌন্দৰ্য্যত মন্ত্ৰমুগ্ধ হৈও সজাগ হৈ থাকিবলৈ নেপাহৰিব । মনোমোহা প্ৰাকৃতিক দৃশ্যই আপোনাক মোহিত কৰিব পাৰে, কিন্তু অপ্ৰত্যাশিতভাৱে ভূমিস্খলন সতৰ্কবাণী অবিহনে হ’ব পাৰে, যাৰ ফলত শান্ত মুহূৰ্তবোৰ হঠাৎ বিপদলৈ পৰিণত হ’ব পাৰে। ভুমি স্খলন কেতিয়া হয় কোনেও নেজানে । সেয়ে সৌন্দৰ্য্য উপভোগ কৰাৰ লগতে সজাগ দৃষ্টি ৰাখি আগবঢ়া উচিত । প্ৰকৃতিৰ আকৰ্ষণৰ দ্বাৰা অনুপ্ৰাণিত হওক আৰু এই অভাৱনীয় পৰিৱেশত সদায় সাৱধানে খোজ দিয়ক ৷
ভুমি স্খলনৰ উপৰি পৰ্বতীয়া পথৰ প্ৰতিটো কেঁকুৰিত সাৱধান আৰু মনোযোগী নহ’লে দুৰ্ঘটনাৰ সম্ভাৱনা । সমুখৰ পৰা অহা গাড়ী ,ওখোৰা-মোখোৰা শিলাময় পথৰ দ গাঁত আদি লক্ষ্য কৰি নগ’লে দুৰ্ঘটনা ঘটাৰ সম্ভাৱনা অতি সুলভ । কেতিয়াবা হয়তো গাড়ীৰ চকা গভীৰ খাৱৈৰ একেবাৰে কাষলৈ চপাব লগা হয় আৰু কেতিয়াবা হয়তো পৰ্বতৰ গাত চেপেটা লগাকৈ কাষ চপাব লগা হয় সমুখৰ পৰা অহা গাড়ীক বাট এৰি দিবলৈ।
স্থানীয় সংস্কৃতি : নেপাল আৰু তিব্বতৰ সাংস্কৃতিক মিলন
কোদাৰীৰ কাষ চাপি যোৱাৰ লগে লগে স্থানীয় গাঁওবোৰত দেখিবলৈ পাব নেপালী আৰু তিব্বতী প্ৰভাৱৰ অনন্য মিশ্ৰণ । পথৰ কাষৰ সৰু সৰু মন্দিৰৰ চূড়াত দেখিবলৈ পাব দূৰৰ পৰা জিলিকি থকা চেঁচা বতাহে কঁপাই থকা নানা ৰঙী ধৰ্ম ধ্বজা।
বাটত সময় উলিয়াই স্থানীয় লোকৰ সৈতে কথা পাতক, আৰু সংস্কৃতি মিলন হোৱা এই নিস্তব্ধ গাঁওবোৰ অন্বেষণ কৰক। ৰাস্তাৰ কাষৰ বজাৰবোৰত দেখিবলৈ পাব পৰম্পৰাগত হস্তশিল্প, সুস্বাদু স্থানীয় জলপান, আৰু সৰু, অনন্য স্মৃতিচিহ্ন যাতে কোদাৰীৰ সাংস্কৃতিক অনুভৱক প্ৰতিনিধিত্ব কৰা এটা টুকুৰা আপোনাৰ লগত কঢ়িয়াই নিব পাৰে।
ধূসৰ পৰ্বতমালা, গভীৰ গড়খাৱৈ, আৰু নদীৰ জলধাৰাৰ গোজৰণি
কোদাৰীলৈ যোৱা পথটোৰ দুয়োফালে আকাশ স্পৰ্শা ধূসৰ ৰঙৰ শিলাময় পাহাৰ। হাতীৰ পিঠিৰ দৰে ধূসৰ বৰ্ণ শিলৰ পৃষ্ঠত ওলমি থকা কোনো বৃদ্ধৰ দীঘল দাড়িৰ দৰে আধা সেউজীয়া শুকান খেৰ ৰঙী শেলুৱৈ ,ওখোৰা-মোখোৰা পথৰ ধূলি-এই সকলো মিলি বিৰাজ কৰা এক নাটকীয়,প্ৰায় ৰহস্যময় পৰিৱেশ । দূৰলৈকে বিস্তাৰিত হৈ থকা শিলাময় পাহাৰবোৰত দেখা যায় সেউজ বৰণীয়া চকলা-চকল টাপলি যেন লগা নাম নজনা হিমালয়ান উদ্ধিদ । কোদাৰীলৈ আগবঢ়াৰ লগে লগে পথৰ কাষে কাষে বৈ থকা নদীখন আৰু গৰ্জটো ক্ৰমে গভীৰ হৈ পৰে । গোটেই পথছোৱাত এনে লাগে যেন ভোটে কোশী নদীখন আপোনাৰ অহৰহ সংগী । তললৈ বৈ যোৱা আৰু নদীৰ বুকুৰ প্ৰাচীন শিলা খণ্ডত খুন্দা মাৰি আচাৰ খাই পৰা জলধাৰাৰ অহৰ্ণিশে সৃষ্টি হোৱা শক্তিশালী বজ্ৰপাতৰ দৰে শব্দৰে চৌপাশ ভৰাই পেলায় যি শব্দ আপুনি কোদাৰিৰ পৰা ওভতি অহাৰ পিছতো আপোনাৰ কাণত বাজি থাকিব গোটেই জীৱন জুৰি ।
নদীৰ জলধাৰাৰ গৰ্জন আৰু চৌপাশৰ দুই পাহাৰৰ মাজৰ গহীন বায়ুত নদাৰ পৰা বাষ্পায়িত পানীৰ কণিকাৰ চেঁচা স্পৰ্শ ,এই সকলো লগ লাগি সৃষ্টি হয় এক সৌন্দৰ্য্যৰ পৰিৱেশৰ সৃষ্টি । পৰিৱেশটোৱে আপোনাক এক ৰোমাঞ্চকৰ শক্তিৰে ভৰাই তোলে,কোডাৰীত অপেক্ষা কৰি থকা বন্য দুঃসাহসিক অভিযানক আকোৱালি ল’বলৈ আহ্বান জনায়।
দ্য লাষ্ট ৰিজৰ্ট(The Last Resort): এডভেঞ্চাৰৰ মাজত অভ্যৰ্থনা
যাত্ৰাৰ প্ৰায় শেষ পৰ্যায়ত সেই বন্য পৰিৱেশৰ মাজত অৱস্থিত টেণ্টযুক্ত হোটেল আৰু ৰেষ্টুৰেণ্ট দ্য লাষ্ট ৰিজৰ্টত ৰাতিটোৰ বাবে ৰৈ যাওক। ইয়াত আপুনি লাভ কৰিব সম্পূৰ্ণ বন্য কিন্তু আৰামদায়ক অভিজ্ঞতা । টেণ্টযুক্ত বাসস্থানৰ সৈতে যিয়ে আপোনাক হিমালয়ৰ তৰাৰ তলত শোৱাৰ এক আনন্দকৰ সুবিধা প্ৰদান কৰে । পাহাৰৰ গাতে সৰু সৰু টিলাত অৱস্থিত টেণ্টৰ ভিতৰত শুই গোটেই ৰাতি শুনিবলৈ পাব প্ৰবল বেগেৰে বৈ যোৱা ভোটে কোশীৰ অন্তহীন গৰ্জন । থমকি ৰ’বলৈ, জিৰণি ল’বলৈ, আৰু আপোনাৰ চৌপাশৰ প্ৰাকৃতিক সৌন্দৰ্য্যত সিক্ত হবলৈ ই এক নিখুঁত ঠাই ৷
কেৱল নদীৰ জলধাৰাৰ গৰ্জনৰ বাদে ইয়াত নাই কোনো জন সমাগমৰ কোলাহল । পাহাৰৰ পিঠিতে লগা ইয়াৰ ডাইনিং হলৰ, যাৰ এখন বেৰ পাহাৰৰ পিঠি আৰু আনফালে মুক্ত, কুলু কুলুকৈ পাহাৰৰ ওপৰৰ পৰা বৈ অহা প্ৰাকৃতিক নিজৰাৰ কাষত হাতত একাপ কফি লৈ ক্ষন্তেক বহক । এনে লাগিব যেন আপুনি সংসাৰৰ সকলো সমস্যাৰ পৰা বহু নিলগত । আৰু খাই ডিনাৰ খাই শুই যাওক আৰু মনতে প্ৰস্তুত চলাওক পাছদিনা পুৱাৰ গা সিৰ সিৰাই যোৱা বাঞ্জি জাম্পৰ বাবে সাজো হ’বলৈ ।
ভোটে কোশী নদীৰ ওপৰৰ পৰা বাঞ্জি জাম্পিং: এ থ্ৰিল লাইক ন’ অদাৰ
কোডাৰীৰ অন্যতম প্ৰধান আকৰ্ষণ হৈছে ইয়াৰ বিশ্ববিখ্যাত বাঞ্জি জাম্প, যিটো এছিয়াৰ অন্যতম উচ্চতাৰ বাঞ্জি জাম্প, য’ত ৰোমাঞ্চ বিচৰা লোকসকল আহি ভীৰ কৰেহি । ভোটে কোশী নদীৰ ওপৰত ইপাৰৰ পৰা লাষ্ট ৰিজৰ্ট ৱাইল্ড কেম্পলৈ যাব পৰাকৈ সংযোগী ষ্টিলৰ তাঁৰৰ জালনাৰ এখন শক্তিশালী ওলোমা দলঙৰ ওপৰত তললৈ চালে মূৰ ঘূৰোৱা আৰু নদীৰ পৰা ১৬০ মিটাৰ, (যিটো প্ৰায় ৫২৫ ফুট)উচ্চতাত এই বাঞ্জি প্লেটফৰ্মখন নিৰ্মাণ কৰা হৈছে । আন সকলো শব্দ তল পেলাই বহু তলত বৈ থকা খৰ স্ৰোতা নদীৰ উত্তাল জলধাৰাৰ জৰ-জৰ শব্দই বিৰাজ কৰি থকা আৰু খোজৰ তালে তালে টলং ভটংকৈ দোলা দলং খনেদি খোজ কাঢ়ি গলে হাৰ্ট বীট বাঢ়ি যায় । সেই দলং খনৰ ১৬০ মিটাৰ উচ্চতাৰ পৰা মুক্তভাবে তললৈ পৰি কেনে অনুভৱ হ’ব সেইটো অনুভৱ কৰিবলৈ নিশ্চয় আপুনি কোদাৰিলৈ এবাৰ আহক ।
তলৰ হুলস্থুলীয়া নদীখনলৈ চালে ভয় আৰু বুকু ধপধপনিয়ে আপোনাক আগুৰি ধৰিব। দলঙৰ পৰা তললৈ পৰি যোৱাটো বায়ুৰ মাজেৰে এক মুক্ত পতন । ওপৰলৈ টানি অনাৰ আগতে আপুনি দলঙৰ পৰা ১৬০ মিটাৰ তলত দুলি থাকিব । দ্ৰুতভাৱে নদীৰ জলপৃষ্ঠৰ ওচৰ চাপি পানী স্পৰ্শ কৰিব ।
দুঃসাহসিক অভিযান অনুৰাগীসকলৰ বাবে ক্ষন্তেক মুহূ্ত্তলৈ কোনো কোনো মূৰ্চ্চা যোৱা এই জাঁপটোৱেই হৈছে ৰোমাঞ্চৰ শিখৰ—জীৱনত এবাৰ পোৱা এটা মুহূৰ্ত যিয়ে প্ৰকৃতি আৰু বিশুদ্ধ এড্ৰিনেলিনৰ মিশ্ৰণ ঘটায়। কোডাৰীত বাঞ্জি জাম্পিঙৰ অভিজ্ঞতা আপোনাৰ স্মৃতিত চিৰদিনৰ বাবে খোদিত হৈ ৰৈ যোৱাটো নিশ্চিত।