A Tata Sumo bus is going to pass between the narrow passage between two hills

নেপাল ৰাইডিঙৰ অবিষ্মৰণীয় অভিজ্ঞতা(তৃতীয় খণ্ড): যাত্ৰাৰ প্ৰস্তুতি আৰু মোৰ লটিঘটি

A Tata Sumo bus is going to pass between the narrow passage between two hills
Photo-Naivedyanandan Sonowal

নেপাল ৰাইডিঙৰ অবিষ্মৰণীয় অভিজ্ঞতা(তৃতীয় খণ্ড): যাত্ৰাৰ প্ৰস্তুতি আৰু মোৰ লটিঘটি

পৰিকল্পনা আৰু প্ৰস্তুতি

প্ৰস্তুতিৰ সম্পৰ্কে এষাৰ কথা মই কৰবাত পঢ়িবলৈ পাইছিলো যে যিকোনো এটা কামৰ পৰিকল্পনা আৰু প্ৰস্তুতি যদি নিখুঁত হয়,তেন্তে কামটো প্ৰায় পঁঞ্চাচ শতাংশ কৰাৰ দৰে হয়। প্ৰস্তুতি নিখুঁত নহ’লে ডাঙৰ অভিযান এটাও বিফল হ’ব পাৰে । গতিকে প্ৰতিটো সৰু সৰু দিশ মনোযোগ দিয়া দৰকাৰ । লাখ লাখ টকা খৰচ কৰি কৰা এভাৰেষ্ট শৃংগ আৰোহণৰ অভিযান এটা বিফল হৈ যাব পাৰে যদি এটা সাধাৰণ জুইশলা বাহ লগত নিবলৈ পাহৰি যোৱা যায় । এই কথাৰ পৰাই বুজা যায় পৰিকল্পনা আৰু প্ৰস্তুতিৰ গুৰুত্ব । এক কথাত মূল অভিযানতকৈ পৰিকল্পনা আৰু প্ৰস্তুতিৰ গুৰুত্ব অধিক । মূল অভিযানটো প্ৰস্তুতিৰ বাস্তৱ ৰূপায়ণ মাত্ৰ । যাত্ৰা এটাত যোৱাৰ পূৰ্বে বা অভিযান এটা চলোৱাৰ পূৰ্বে মনেৰে সেই যাত্ৰা বা অভিযানটো যিমান স্পষ্ট ৰূপত দৰ্শন কৰা হয়, মূল যাত্ৰা বা অভিযানটোত সিমানেই অনাকাংক্ষিত বাধা বিঘিনীৰ পৰিমাণ কমাব পৰা যায় । সেয়ে দীঘলীয়া ট্যুৰ এটাৰ প্ৰস্তুতিৰ বাবে পৰ্যাপ্ত সময় লোৱা উচিত যাতে প্ৰতিটো সৰু সৰু দিশ সামৰিব পৰা যায় । অন্তত ছয় মাহ মান আগৰ পৰা প্ৰস্তুতি চলোৱা উচিত । কিন্তু মোৰ প্ৰস্তুতি আছিল ক্ষন্তেকীয়া আৰু হঠাৎ লোৱা সিদ্ধান্তৰ ফল । আগৰ খণ্ডত উল্লেখ কৰিছো যে মোৰ এই নেপাল ট্যুৰৰ সিদ্ধান্তটো লৈছিলো ফেইচবুকত এটা এডভাৰটাইজ পঢ়িবলৈ পাই । যি কাৰণত যথেষ্ট মানসিক চাপত পৰিব লগীয়া হৈছিলো মই ।

বিদেশত ফুৰিবলৈ যাওঁতে বেমাৰ -আজাৰ ,দুৰ্ঘটনা আদিৰ পূৰ্ণ সম্ভাৱনা থাকে । হঠাৎ দুৰ্ঘটনাগ্ৰস্ত হৈ বা বেমাৰত পৰি বিদেশৰ হস্পিতালত পৰি থাকিব লগা হ’লে তাৰ খৰচ নিজে বহন কৰাতো কেতিয়াও সম্ভৱ নহয় । গতিকে ফুৰিবলৈ যোৱাৰ আগতেই ট্ৰেভেল ইঞ্চিওৰেঞ্চ আৰু মেডিকেল ইঞ্চিওৰেঞ্চ কৰোৱাতো অত্যাৱশ্যকীয় । এই মেডিক্লেইমৰ কপি আৰু সংশ্লিষ্ট ফোন নাম্বাৰ নিজৰ লগত ৰাখিব লাগে । ভ্ৰমণত ক’ত কেতিয়া কি ঘটে কোনেও নেজানে । এই ওলাই যোৱাই কাৰোবাৰ বাবে শেষ ওলাই যোৱাও হ’ব পাৰে । সেয়ে জীৱন বীমা আদিৰ মূল কপি সমূহ ঘৰৰ দায়িত্বশীল লোক এজনৰ হাতত চমজাই দি প্ৰয়োজন হ’লে কি কি কৰিব লাগিব সেই বিষয়ে বুজাই যোৱা উচিত । এই কথাটো পৰিয়ালৰ সদস্য সকলৰ বাবে আৱেগিক বিষয় হৈ পৰে । মই মোৰ এই বীমাৰ কপি সমূহ সৰু ভাইতি সমীৰণৰ হাতত চমজাই গৈছিলো । সেয়ে মই ঘৰৰ পৰা ওলাই যোৱাৰ মুহূৰ্তত মা আৱেগিক হৈ পৰিছিল । মইও মানসিক ভাৱে কিছু দুৰ্বল হৈ পৰিছিলো ।

PROCUS Intruder Bt In Ear Helmet Intercom For 10 Riders
Riders’ choice
Click To Buy on Amazon

মোৰ প্ৰথম আঁচনি আছিল লক্ষ্নৌলৈকে অকলে বাইক চলাই গৈ ট্যুৰটোত যোগ দিয়াৰ । সেই বাবে বেছি গভীৰ ভাৱে চিন্তা কৰিছিলো আৰু নিখুঁত ৰ’ড মেপসহ বিপদ সংকুল অংশ সমূহ চিনাক্ত কৰিছিলো । কিন্তু ট্যুৰ সংযোগ ৰক্ষক জিটিনে কানৱাৰে পৰামৰ্শ দিলে যে অসমৰ পৰা বাইক চলাই গ’লে মই মূল ট্যুৰ আৰম্ভ হোৱাৰ আগতেই হয়তো ভাগৰি পৰিম । গতিকে শেষত আঁচনি সলনি কৰি ৰেলেৰে বাইক কঢ়িয়াই লৈ যোৱাতো সিদ্ধান্ত কৰিলো । মূৰামূৰি সময়ত ৰেলৰ টিকট বুক কৰিব লগা হোৱা বাবে টিকটৰ দাম কিছু অধিক ভৰিব লগা হ’ল ।

বাকী ৰাইদাৰ সকলৰ নাম ৰয়েল এনফিল্ডৰ ৱেবচাইতত দেখা পোৱাৰ বাদে কাৰো লগত আগতীয়া চিনাকি বা যোগাযোগ নাছিল । গতিকে সম্পূৰ্ণ অচিনাকি নাম নজনা এক পৰিৱেশলৈ আগুৱাই যাবৰ বাবে নিজকে প্ৰস্তুত কৰিছিলো মই ।

বিদেশত ফুৰিবলৈ যাওঁতে অত্যাৱশ্যকীয় আন এক বিষয় হৈছে ভাষা জ্ঞান । যিমানেই বেছি ভাষা জনা যায় বিদেশত ফুৰিবলৈ গ’লে সিমানেই সুবিধা হয়। অৱশ্যে এজন লোকৰ পক্ষে পৃথিৱীৰ সকলো ভাষা শিকাটো সম্ভৱ নহয় । অন্তত ইংৰাজী জানিলে আৰু ক’ব পাৰিলে যথেষ্ট সহায় হয় । কিন্তু কিছু দেশত যেনে জাৰ্মান আৰু ৰাছিয়াত ইংৰাজী জানিলেও কামত নাহে । তথাপিও ইংৰাজীয়েই একমাত্ৰ ভাষা যি পৃথিৱীৰ সৰহ সংখ্যক দেশত বুজি পায় । মই লক্ষ্য কৰিছিলো চেন্নাই আৰু বাংগালোৰৰ পৰা অহা প্ৰায় কেইজন ৰাইদাৰে হিন্দী ক’ব নোৱাৰিছিল আৰু বুজি নেপাইছিল । যি কাৰণত তেওঁলোক বহু ক্ষেত্ৰত বিশেষকৈ হোটেলত খোৱাৰ সময়ত বা অনান্য যোগাযোগৰ সময়ত অসুবিধাত পৰিছিল । কাম চলাব পৰাকৈ হিন্দী আৰু ইংৰাজীৰ কিছু জ্ঞান থকাৰ বাবে মই অৱশ্যে বিশেষ অসুবিধাত পৰা নাছিলো । নেপালত অৱশ্যে প্ৰায় সকলোৱে হিন্দী বুজি পায় ।

ট্যুৰৰ বাবে প্ৰস্তুতিৰ আন এটা গুৰত্বপূৰ্ণ দিশ হৈছে প্ৰয়োজনীয় যাবতীয় কাগজ-পত্ৰ যোগাৰ কৰা । বাইকৰ পঞ্জীয়ণ পত্ৰ,বীমাৰ প্ৰমান পত্ৰ, প্ৰদুষণ পৰীক্ষাৰ প্ৰমান পত্ৰ,নিজৰ বাইক চালনাৰ অনুজ্ঞা পত্ৰ আদিৰ কপি আগতীয়াকৈ জমা দিব লগা হৈছিল । তদুপৰি এইবোৰৰ মূল কপি লগত নিয়াতো অত্যাৱশ্যকীয় আছিল । যিহেতো আমি আন্তৰ্জাতিক সীমা পাৰ হ’ব লাগিব, গতিকে ভোটাৰ পৰিচয় পত্ৰ(নেপাল আৰু ভূটানৰ ক্ষেত্ৰত) বা পাৰ পত্ৰ লগত নিয়াটোও আৱশ্যকীয় আছিল । মোৰ পাচপৰ্ট নাছিল । সেয়ে ভোটাৰ পৰিচয় পত্ৰহে লগত লৈ গৈছিলো ।

ট্যুৰত যোৱাৰ সিদ্ধান্ত হঠাৎ লোৱাৰ বাবে প্ৰস্তুতিৰ বাবে মই বেছি সময় পোৱা নাছিলো । অফিচৰ কামত ব্যস্ত থাকিব লগা হোৱা বাবে লাগতিয়াল বস্তু সমূহ যেনে-লগত নিব লগীয়া বেগ,ৰাইদিং গীয়েৰ আদি আগতীয়াকৈ কিনিব পৰা নাছিলো । বিশেষকৈ ট্ৰেভেল ইঞ্চিওৰেঞ্চ বা মেডিক্লেইম যোগাৰ কৰাত অসুবিধাৰ সম্মুখিন হৈছিলো । ইয়াৰ কাৰণ বহু বীমা এজেঞ্চিয়ে বাইক ৰাইদাৰক বীমা কৰাব নিবিচাৰে । এই ক্ষেত্ৰত মোৰ কোনো আগতীয়া অভিজ্ঞতা নাছিল । সেয়ে অফিচৰ পৰা আহি পোনে পোনে নেটত বহি গৈছিলো অনুসন্ধানৰ বাবে । শেষত যেনিবা আই চি আই চি লম্বাৰ্ডৰ মেডিকেল ইঞ্চিউৰেঞ্চৰ কৰাবলৈ সক্ষম হৈছিলো ।

আন এটা কথাই মোক অসুবিধাত পেলাইছিল । সেইটো হৈছে ট্যুৰৰ বাবে পঞ্জীয়ণ মাচুল জমা দিয়াৰ পিছতহে কি কি কাগজ-পত্ৰৰ কপি জমা দিব লাগিব সেইটো ৰয়েল এনফিল্ডৰ ৱেৱচাইটত চাব পৰা গৈছিল । নিৰ্ধাৰিত অন্তিম দিনৰ তিনিদিন মানৰ আগতহে মই পঞ্জীয়ণ মাচুল জমা দিব পাৰিছিলো। ইয়াৰ কাৰণ ট্ৰেভেল ইঞ্চিওৰেঞ্চ কৰাব নোৱাৰাৰ বাবে মোৰ ট্যুৰত যোৱাটো অনিশ্চিত হৈ পৰিছিল । পঞ্জীয়ণ মাচুল জমা দিয়াৰ পিছত যেতিয়া গম পালো যে শাৰিৰিক সক্ষমতাৰ ডাক্তৰি প্ৰমান পত্ৰ এখনো জমা দিব লাগে । এই ডাক্তৰী প্ৰমান পত্ৰ যোগাৰ কৰোতে মোৰ যথেষ্ট লটিঘটি হৈছিল ।

ট্যুটো আৰম্ভ হ’ব লগা আছিল লক্ষ্নৌৰ পৰা ১৪ এপ্ৰিলত । গতিকে মই অন্তত ১৩ এপ্ৰিলত লক্ষ্নৌ গৈ পাব লাগিব । সেয়ে ১১ এপ্ৰিলত মই ৰেলেৰে যাত্ৰা আৰম্ভ কৰিবলৈ সিদ্ধান্ত কৰিলো । ৯ এপ্ৰিলৰ পৰা অফিচৰ ছুটি লোৱাতো সিদ্ধান্ত কৰিলো যাতে লাগতিয়াল বস্তু সমূহ কিনিব পাৰো । কিন্তু অফিচৰ কাম মই ভবা মতে ৮ তাৰিখে শেষ কৰিব নোৱাৰিলো । সেয়ে ছুটিত আছিলো যদিও ৯ তাৰিখেও অফিচত কাম কৰিছিলো। ইফালে মোৰ সমস্ত বজাৰ কৰিবলৈ বাকী আছে । শাৰিৰিক সক্ষমতাৰ ডাক্তৰী প্ৰমান পত্ৰখনো যোগাৰ কৰিবলৈ আছে । হাতত আছে মাত্ৰ এটা দিন । ১১ তাৰিখে ৰেলত উঠিব লাগিব ।

হেল্থ চাৰ্টিফিকেটৰ অভিযান

ইতিমধ্যে শাৰিৰীক সক্ষমতাৰ ডাক্তৰী প্ৰমান পত্ৰখনৰ বাবে ৮ এপ্ৰিলত বৰহোলা প্ৰাথমিক চিকিৎসালয়ত যোগাযোগ কৰিছিলো । ৰয়েল এনফিল্ডৰ ৱেবচাইটৰ পৰা ডাউনলোড কৰা প্ৰমান পত্ৰৰ আৰ্হিটো চাই ডাক্তৰে ক’লে, “বাকীবোৰ ইয়াতে হ’ব মাত্ৰ চকুৰ পৰীক্ষাটো কৰাই আনক ।” সেই অনুসৰি গোলাঘাটত ৯ এপ্ৰিল তাৰিখে অফিচৰ শেষত চেম্বাৰ বন্ধ কৰি ঘৰলৈ যাবলৈ ওলোৱা চকুৰ ডাক্তৰ এজনক ধৰি-মেলি যেনিবা চকু পৰীক্ষা কৰাই ৰিপৰ্টটো ল’লো । আহোতে বাটত দবাপিটা বৰষুণ । লগত আছিল অফিচৰে সহকৰ্মী আৰু মোৰ ঘৰৰ ওচৰৰ ঋতু শৰ্মা । সৰু গুমতি এখনৰ চালি এখনত সোমাই গা বচাই ৰাতি আঠ মান বজাত ঘৰ পালোহি ।

পিছদিনা ৰাতিপুৱা অৰ্থাৎ এপ্ৰিলৰ ১০ তাৰিখে পুণৰ গ’লো বৰহোলা প্ৰাথমিক চিকিৎসালয়লৈ । কোনোবা এজনে জনালে যে চিকিৎসালয়ৰ সমুখৰ ফাৰ্মেচি খনত অমুক ডক্তৰ আছে । এইজন অৱশ্যে মই আগতে লগ কৰা ডক্তৰজন নহয় । কথাটো তেওঁকে ক’লো । ভাবিলো একেই কথা প্ৰমান পত্ৰ এখন যিকোনো এজন ডাক্তৰৰ পৰা পালেই হ’ল । প্ৰমান পত্ৰৰ আৰ্হিটো চাই তেওঁ ক’লে ,”আপুনি যোৰহাটৰ মেডিকেল কলেজলৈ যাওক । তাতে আটাইবোৰ বিভাগ আছে । সকলোবোৰ পৰীক্ষা কৰাই প্ৰমান পত্ৰখন তাতে পাব ।”

ট্যুৰৰ বাবে লাগতিয়াল সামগ্ৰী সমূহ কিনিবৰ বাবে যোৰহাটলৈ যোৱাৰ কথা আছিলেই । মোৰ লগতে ঋতু শৰ্মাক লগত লৈ যোৰহাটলৈ ওলালো ।

দুপৰীয়া এক মান বজাত যোৰহাট পালোগৈ । যোৰহাটৰ মেডিকেল কলেজত খবৰ কৰি জানিব পাৰিলো যে শাৰিৰিক সক্ষমতাৰ ডাক্তৰী প্ৰমান পত্ৰ এখন ইমান সহজে একেদিনাই পাব পৰা বস্তু নহয় । প্ৰায় এমাহৰ আগতেই ইয়াৰ বাবে চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকলৈ আৱেদন কৰিব লাগে । সেইদিনা যদি আৱেদন কৰোঁ এমাহৰ পিছতহে প্ৰমান পত্ৰখন পাম । অৰ্থাৎ নেপালৰ পৰা ওভতি অহাৰ পিছত ! মোক লাগে সেইদিনাই ।

চিকিৎসালয়ৰ পৰা ওলাই আহিবলৈ লৈ বহিৰ্বিভাগৰ দুৱাৰ মুখৰ ফালে ” How Can I Help You ” লিখা বুথ এটাত দুজন লোক বহি থকা দেখি ওচৰ চাপি গ’লো কিজানিবা “হেল্প” এটা পাওঁ । কথাখিনি তেওঁলোকক বুজাই ক’লো । ক’লো যে মই তাৰ পিছদিনাই ট্ৰেনেৰে লক্ষ্নৌলৈ যাত্ৰা কৰিম আৰু সেইদিনাই মোক ডাক্তৰী প্ৰমান পত্ৰ এখন প্ৰয়োজন । মোৰ কথা শুনি তেওঁলোকৰে এজনে জনালে যে তাত যি প্ৰক্ৰিয়াৰে ডাক্তৰী প্ৰমান পত্ৰ দিয়া হয় সেই মতে মই এমাহৰ পিছতহে প্ৰমান পত্ৰ পাম । তথাপি বহিৰ্বিভাগৰ ডাক্তৰক লগ ধৰি চাবলৈ ক’লে । তাত নহ’লে পুৰণা চিভিলত চেষ্টা কৰি চাবলৈ পৰামৰ্শ দিলে । ক’তো নেপালে প্ৰাইভেট ডাক্তৰক লগ ধৰিবলৈ পৰামৰ্শ দিলে ।

তেওঁৰ পৰামৰ্শ মতে বহিৰ্বিভাগৰ ডাক্তৰক লগ কৰিবলৈ গ’লো । তেওঁ ৰোগী চোৱাত ব্যস্ত । তাতে সহায়কাৰী এজনে আমাক বহিবলৈ ক’লে । কিছু সময় অপেক্ষা কৰাৰ পিছত আমাৰ কি সমস্যা ডাক্তৰে সুধিলে আৰু সমস্যাৰ বিষয়ে জানিয়েই অধীক্ষকৰ ওচৰলৈ পঠিয়াই দিবলৈ সহায়কাৰী জনক কৈ তেওঁ ৰোগীত মনোযোগ দিলে ।
অকধীক্ষক মানে এমাহ । গতিকে ওলাই আহি টেম্পোত উঠিলো ।

বাইক চলাওঁতে দৰকাৰ হ’ব পৰা কেইবাটাও সামগ্ৰী যেনে নী- গাৰ্ড, এল্ব’ গাৰ্ড, গ্লাভজ আদি কিনা হোৱা নাছিল । বাইক ৰাইদিঙত যাবলৈ যে ইমানবোৰ সামগ্ৰী প্ৰয়োজন হ’ব পাৰে আগতে জনা নাছিলো । ৰয়েল এনফিল্ডৰ ৱেবচাইটত এই অত্যাৱষ্যকীয় সামগ্ৰী সমূহৰ তালিকা এখন দিয়া আছিল । ওপৰত উল্লেখিত সামগ্ৰী সমূহ মোৰ লগত নাছিল । সেয়ে কিনাটো একান্ত জৰুৰী হৈ পৰিছিল । বেগ আৰু জোতা এযোৰো কিনাৰ কথা ।

যোৰহাটৰ বৰুৱা চাৰি আলিত টেম্পোৰ পৰা নামি সিদ্ধান্ত কৰিলো টৰাজানত বাইকৰ লাগতিয়াল সামগ্ৰীৰ দোকান এখন আছে তাত সোমাই কেইপদমান লাগতিয়াল সামগ্ৰী কিনি লওঁ। সেইমতে লাগতিয়াল সামগ্ৰী কেইপদ কিনিলো।

মোৰ লগত যোৱা ঋতু শৰ্মাৰ লগত আলোচনা কৰিলো শাৰিৰিক সক্ষমতাৰ ডাক্তৰী প্ৰমান পত্ৰখন ইয়াতে কোনোবা প্ৰাইভেট ডাক্তৰ এজনক লগ ধৰি ল’ব পৰা যায় নেকি ! সি তাৰ পৰিচিত কোনোবা মেডিকেল ৰেপ্ৰিজেণ্টেটিভ এজনলৈ ফোন কৰি সুধিলে ক’ৰবাত চিনাকি ডাক্তৰ আছে নেকি । সিফালৰ পৰা জনালে যে ডাক্তৰ পিছবেলা পাঁচ বজাতহে চেম্বাৰত বহিব । পাঁচ বজালৈ আমি ৰ’ব নোৱাৰো । ঘৰৰ পৰা ওলাওঁতে বতৰ ডাৱৰীয়া দেখি বাইক অনা নাই । বাছত আহিছো । সিমান সময়লৈ ৰ’লে গাড়ী পোৱা টান হ’ব । গতিকে বেলেগ চেষ্টা কৰিব লাগিব ।

হোটেলত সোমাই পাতলীয়া আহাৰ অলপ খাই পুৰণি চিভিললৈ বুলি খোজ ল’লো । তাত সোমাই টেবুলত বহি থকা মহিলা এগৰাকীৰ ওচৰলৈ গৈ কথাখিনি ক’লো । তেওঁ এটা কোঠালৈ দেখুৱাই ক’লে সেই কোঠাতে ডাক্তৰ আছে তালৈ যাওক । মনটো ভাল লাগি গ’ল । ইমান সময় ঘূৰি-ফুৰি কামটো অন্তত ইয়াত হ’ব । পোনে পোনে ইয়ালৈ অহা হ’লেই ভাল আছিল । মনতে ভাবিলো । এনেয়ে ইমান সময় বৰবাদ কৰিলো । এই ভাবি ডাক্তৰৰ অনুমতি লৈ কোঠালৈ সোমাই গ’লো । মোৰ কথাখিনি ডাক্তৰক জনালো । মোৰ মুখত চেঁচা পানী ঢালি ডাক্তৰ বাবুৱে জনালে যে এইটো কাম ইয়াত নহ’ব নহয় । তেওঁ মোক সুধিলে, মই ক’ৰ পৰা গৈছো । মই জনালো যে বৰহোলাৰ পৰা গৈছো । তেওঁ ক’লে, “কেলৈ বৰহোলাতে অমুক ডাক্তৰ আছে । তেওঁৰ পৰাই এইখন চাৰ্টিফিকেট ল’ব পাৰে । তাতে পাব যাওক ।” এইবুলি মোক বিদায় দিলে । মই ফুটবলৰ দৰে যিয়ে যেনি গুৰিয়াইছে সেইফালে বাগৰি ফুৰিছো ।

সময় পাৰ হৈ গৈ আছে । ইতিমধ্যে তিনি বাজি গৈছে । শেষ বাছখন সন্ধ্যা পাঁচ বজাত । বেগ আদি কিনিবলৈ আছেই । দোকান এখনত সোমালেই যে বস্তু এটা পচন্দ হ’ব তাৰ কোনো নিশ্চয়তা নাই । তাতে দৰ- দামৰ কথা আছে । গতিকে পুৰণা চিভিলৰ পৰা ওলাই আহি ঠিক কৰিলো যিহেতো বাহাদুৰ গাওঁবুঢ়া পথত কেইবাজনো ডাক্তৰ বহে । তাৰে কোনোবা এজনক লগ ধৰি চেষ্টা কৰি চাওঁ । এই ভাবি বাহাদুৰ গাওঁবুঢ়া পথলৈ আগূঢ়িলো । আৰম্ভ হ’ল মোৰ ডাক্তৰ বিচৰা অভিযান ।

আগলৈ…

Naivedyanandan Sonowal

লেঞ্চৰ মাজেদি বিশেষকৈ প্ৰাকৃতিক ফটোগ্ৰাফিৰ যোগেদি পৃথিৱীখন আৱদ্ধ কৰাৰ প্ৰতি ৰাপ থকা মই এজন এডভেঞ্চাৰ ৰাইডাৰ । ভ্ৰমণে মোৰ উৎসাহক অনুপ্ৰাণিত কৰে । মই সদায় নতুন দিগন্তৰ সন্ধান কৰি আৰু বাহিৰৰ সৌন্দৰ্য্য ভগাই ভাল পাওঁ ।

This Post Has 2 Comments

প্ৰত্যুত্তৰ দিয়ক