(স্বাস্থ্য সক্ষমতাৰ প্ৰমাণ পত্ৰৰ বাবে যোৰহাট চিভিল হস্পিতেললৈ গৈ তাত কিদৰে বিমুখ হৈছিলো সেই বিষয়ে আগৰ খণ্ডত উল্লেখ কৰি আহিছো ।)
পুৰণা চিভিল হস্পিটেলৰ পৰা ওলাই আহি বাহাদুৰ গাওঁবুঢ়া পথত মানে নতুন বালিবাটত আমাৰ ডাক্তৰ বিচৰা অভিযান আৰম্ভ কৰিলো । যিমান ফাৰ্মাচি আছে সুমাই গ’লো এফালৰ পৰা -ডাক্তৰ আছে নেকি বুলি খবৰ কৰিবলৈ ।
ক’ৰবাত উত্তৰ পাওঁ–অহা সপ্তাহতহে লগ পাব । ক’ৰবাত কয়–পাঁচ বজাত আহিব । ইত্যদি ইত্যাদি ।
তেনেদৰে ফাৰ্মাচিয়ে ফাৰ্মাচিয়ে খবৰ কৰি এটা চেম্বাৰত গৈ গম পালো যে ডাক্তৰ আছে । ভিতৰত ৰোগী চাই আছে । ৰিচেপ্শ্বনিষ্টে অলপ সময় বহিবলৈ অনুৰোধ কৰিলে । আমি যোৱাৰ উদ্দেশ্য-বিধেয় জনালো । তেওঁ ফিজ পাঁচ শ টকা লাগিব বুলি জনালে । পাঁচ শ টকা দি নাম লিখালো আৰু ডাক্তৰক লগ ধৰিবলৈ অপেক্ষা কৰিলো । হওক তেও এটা চিন্তা শেষ হ’ল । মনতে ভাবিলো ।
এটা সময়ত ৰিচেপ্শ্বনিষ্টে ভিতৰলৈ গৈ ডাক্তৰৰ লগত কথা পাতিলেগৈ । ডাক্তৰে ফুচ ফুচাই কিবা কোৱা কাণত কৰিছেহি । অলপ সময়ৰ পিছত আমাক ভিতৰলৈ মাতিলে । ডাক্তৰক মোৰ কথা খিনি বুজাই ক’লো । তেওঁ বোলে ডাক্তৰী প্ৰমান পত্ৰ এনেকৈ একো পৰীক্ষা নকৰাকৈ দিব পৰা নে়যাব । মই ক’লো যে মোক মাত্ৰ নিয়ম-মাফিক দেখুৱাবৰ বাবেহে ডাক্তৰী প্ৰমানপত্ৰ এখন লাগে । মোৰ কথা শুনি ডাক্তৰে এটা উপায় দিলে । ওচৰতে লেৱৰেটৰী আছে । অন্তত প্ৰস্ৰাৱ আৰু তেজ পৰীক্ষা দুটা কৰাই আনক । ইতিমধ্যে ৰিচেপ্শ্বনিষ্টে পাঁচ শ টকাটো মোক ঘূৰাই দিছে ।
এইবাৰ গ’লো লেৱৰেটৰীলৈ । তাত জনালে যে ৰিপৰ্ট পাঁচ বজাৰ আগত দিব নোৱাৰে । ইতিমধ্যে পিছবেলা চাৰি বাজিছে । মোৰ বেগ-জোতা আদিবোৰ কিনিবলৈ আছেই । যি হয় পিছত দেখা যাব এই ভাবি লেৱৰেটৰীৰ পৰা ওলাই গড় আলিলৈ আগুৱালো কিনিব লগা বস্তু কেইপদ কিনি লওঁ বুলি।
খৰধৰকৈ ইখনৰ পিছত সিখন দোকানত সোমাই বেগ চাবলৈ ধৰিলো । শেষত মোৰ বাবে জোখৰ দুটা বেগ, জোতা এযোৰ আৰু পাঁচ যোৰ মান মোজা কিনিলো । তেতিয়া সময় পাঁচ বাজিছে । হঠাৎ ঋতুৰ মনত পৰিল তাৰ দেউতাকৰ বাবে আয়ুৰ্বেদিক ঔষধ কেইটামান কিনিবলৈ আছে । ফাৰ্মাচীখন আছে কৰ্টৰ সমুখত । আমি কৰ্টৰ সমুখেদিয়ে আহিছিলো । কিন্তু তেতিয়া তাৰ মনত নপৰিল । মোৰো যোৰহাট থানাৰ সমুখত থকা ব্লু ডাৰ্ট কুৰিয়াৰ এজেঞ্চিৰ অফিচত মেডিকেল ইঞ্চিওৰেঞ্চৰ মূল কপিটো আহি পৰি আছে । সংগ্ৰহ কৰিব লাগে । গতিকে মই ডাৰ্ট কুৰিয়াৰ এজেঞ্চিৰ অফিচলৈ খোজ ল’লো । ঋতু গ’ল কৰ্টৰ সমুখলৈ ।
ব্লু ডাৰ্টত আহি মোৰ পাৰ্চেলটো লৈ চহী কৰিছো মাত্ৰ । সিফালৰ পৰা ঋতুৰ ফোন আহিছে । সি মোলৈ ছীত এটা ৰাখি বাছ ষ্টেণ্ডৰ পৰা মেজিক ভেন এখনত আহি আছে । গতিকে ৰাষ্টাৰ কাষতে মোক ৰৈ থাকিবলৈ জনালে । অলপ পিছতে আহি পোৱা মেজিক ভেনখনত উঠিবলৈ লৈ দেখিলো ভিতৰত সোমাবলৈ ঠাই নাই । আটাইকেইটা ছীটতে মানুহ । ভৰি দুখন কোনোমতে ভিতৰত ৰাখি দুৱাৰ খনতে বহিলো । অলপ পিছতে কোনোবা এজনে ভিতৰত ছীত এটা এৰি দি নিজে বাহিৰলৈ আহি মোৰ ঠাইত বহিল ।
বৰহোলা আহি পাওঁতে ৰাতি আঠ বাজিল । ৰেলৰ টিকেটটোৰ প্ৰিণ্ট এটাও উলিয়াবলৈ আছে । ডাক্তৰী প্ৰমান পত্ৰ খনটো আছেই ।
মোৰ স্মাৰ্টফোন নাছিল । ৰেলৰ টিকেটটো লেপটপতে বুক কৰিছিলো । কিন্তু পিছদিনা ষ্টেচনত পাৰ্চেল (বাইকখন) বুক কৰিবলৈ টিকেটটো দৰকাৰ হ’ব । ভাগ্যে বৰহোলা হাইয়াৰ চেকেণ্ডাৰী স্কুলৰ সমুখতে জেৰক্সৰ দোকান এখন খোলা আছিল । তাতে টিকেটৰ প্ৰিণ্টটো উলিয়ালো । ইয়াতে ইমান দিনে পূৰাবলৈ সময় নোপোৱা স্বঘোষিত স্বাস্থ্য তথ্য ঘোষণাপত্ৰ আৰু স্বপ্ৰণোদিত ঘোষণাপত্ৰ দুখন পূৰ কৰিলো আৰু স্কেন কৰাই আপলোড কৰিবৰ বাবে পেন ড্ৰাইভত ল’লো ।
ঋতুৱে খৰধৰ কৰিবলৈ কৈ আছে । যিজন ডাক্তৰে মোক চকু পৰীক্ষা কৰাই আনিবলৈ কৈছিল শেষ চেষ্টা হিচাপে তেওঁৰ ওচৰলৈকে এবাৰ যাবলৈ সি মোক জোৰ দিছে ।
বৰহোলা প্ৰথমিক চিকিৎসালয়ৰ কম্পাউণ্ডৰ ভিতৰত তেওঁৰ কোৱাৰ্টাৰটো বিচাৰি উলিয়ালো । পিছে মানুহজন নাই । কেনিবা ওলাই গ’ল । কিছু সময়ৰ পিছত ডাক্তৰ আহিল । মই চিনাকি দি ক’লো যে তেখেতে কোৱা মতে চকুৰ পৰীক্ষা কৰাই আনিলো । ব্যস্ততাৰ বাবে এতিয়াহে আহিব পাৰিছো । তেওঁ মোৰ পৰা ফৰ্মখন লৈ পূৰাই গ’ল । চহী কৰি ষ্টাম্প মাৰি মোক কাগজ খন ওভোতাই দিলে ।
এইদৰে দিনটোৰ শেষত ৰাতি চাৰে আঠ বজাত বাইক ৰাইডিঙত যাব পৰাকৈ শাৰিৰীক ভাবে সক্ষম বুলি ঘোষিত হ’লো ।
আগলৈ……
Pingback: নেপাল ৰাইডিঙৰ অবিষ্মৰণীয় অভিজ্ঞতা(পঞ্চম খণ্ড): যাত্ৰা আৰম্ভ - Advenride
Pingback: নেপাল ৰাইডিঙৰ অবিষ্মৰণীয় অভিজ্ঞতা মোৰ প্ৰথম ৰাইড (প্ৰথম খণ্ড): বাইচাইকেলৰ পৰা দু:সাহসিক ৰয়েল এনফ
Pingback: নেপাল ৰাইডিঙৰ অবিষ্মৰণীয় অভিজ্ঞতা( দশম খণ্ড) - Advenride