Two riders talking near two standing bikes

নেপাল ৰাইডিঙৰ অবিষ্মৰণীয় অভিজ্ঞতা(পঞ্চম খণ্ড): যাত্ৰা আৰম্ভ

Two riders talking near two standing bikes
Photo-Naivedyanandan Sonowal

নেপাল ৰাইডিঙৰ অবিষ্মৰণীয় অভিজ্ঞতা(পঞ্চম খণ্ড): যাত্ৰা আৰম্ভ

যাত্ৰাৰ প্ৰথম দিন

যোৱা খণ্ডৰ পিছৰ পৰা ।

১১ এপ্ৰিল,২০১৮

পিছ দিনা অৰ্থাৎ ১১ এপ্ৰিলৰ দিনা পুৱা শুই উঠিয়ে মোৰ প্ৰথম কাম হ’ল লগত নিব লগা বস্তু সমূহ ঠিকে-ঠাকে পেকিং কৰা ।

ক’ৰবালৈ ফুৰিবলৈ গ’লে লগত নিব লগা বস্তু সমূহৰ কোনো এপদ সামগ্ৰী যাতে বাদ নপৰে ,সেই উদ্দেশ্যে মই পুৱা বিছনাৰ পৰা নমাৰে পৰা যি ক্ৰমত বস্তু সমূহ দৰকাৰ হয় ঠিক সেই ক্ৰমত সামৰি লওঁ । যেনে পুৱাতে উঠিয়ে দৰকাৰ হোৱা চেণ্ডেল যোৰৰ পৰা আৰম্ভ কৰি টুথ পেষ্ট, টুথ ব্ৰাছ, চাবোন ,টাৱেলকে ধৰি ৰাতি শুবলৈ যোৱালৈকে প্ৰয়োজন হোৱা বস্তু সমূহ তালিকাভুক্ত কৰি পেক কৰোঁ ।

এতিয়া অৱশ্যে উক্ত ক্ৰমত বস্তু সমূহ সামৰাৰ লগতে বাইক চলাওঁতে দৰকাৰ হ’ব পৰা বস্তু সমূহ আৰু লগতে দৰকাৰী আটাইবোৰ কাগজ-পত্ৰৰ মূল কপি সমূহ সামৰিব লগা হৈছে । কেনেবাকৈ এখন কাগজ পাহৰি থাকি গ’লেও মোৰ সাংঘাটিক সমস্যা হ’ব । আটাইতকৈ পাহৰিব নলগা সামগ্ৰী বিধ হৈছে বাইকৰ স্পেয়াৰ কীটো ।

বাইক ৰাইদিঙত যাওঁতে লগত স্পেয়াৰ কী নিবলৈ পাহৰি গ’লে বৰ ডাঙৰ বিপদত পৰিব লগা হ’ব পাৰে । কাৰণ মূল কীটো যদি কিবা কাৰণত হেৰায় বা ভাঙি যায়, স্পেয়াৰ কী লগত নেথাকিলে বাইক ষ্টাৰ্ট দিব পৰা নেয়াব ।

CAMPINGAZ Alloy Steel Camp Bistro 2 Camping Stove with Cp250 Portable Gas Cartridge
CAMPINGAZ Alloy Steel Camp
Bistro 2 Camping Stove
with Cp250 Portable Gas Cartridge
– Pack of 4 (Blue, 33 X 28 X 9 Cm)
Click To Buy on Amazon

কেইবাটাও লাগতিয়াল সামগ্ৰী কিনা নহ’ল । বিশেষকৈ বাটত বাইকৰ সৰু-সুৰা বিজুতি ঠিক কৰিবলৈ দৰকাৰী সৰঞ্জাম কেইপদমান কিনাৰ কথা আছিল । আনকি স্মাৰ্ট ফোন এটা কিনিম বুলি ভাবিও কিনিবলৈ সময় নেপালো ।

স্মাৰ্ট ফোন বোলা বস্তুটো মই বৰ পচন্দ নকৰিছিলো । জেপত লৈ ফুৰিবলৈ অসুবিধা । লেপটপতকৈ স্ক্ৰীণখন সৰু বাবে জুমি চাব লগা যেন পাওঁ । ইত্যাদিবোৰ কাৰণত স্মাৰ্ট ফোন এটা কেতিয়াবাই কিনিম বুলি ভাবিও কিনিবলৈ বৰ এটা আগ্ৰহ অনুভৱ কৰা নাছিলো । কিন্তু এতিয়া দেখিছো স্মাৰ্ট ফোন এটা আৱশ্যক হৈ পৰিল । কাৰণ যাওঁতে লক্ষ্নৌলৈকে বাইক চলাই যোৱাৰ আঁচনিটো বাদ দিয়া হ’ল যদিও ওভতি আহোতে লক্ষ্নৌৰ পৰা বাইক চলাই অহাৰ কথা । তেতিয়া জি পি এচৰ বাবে দৰকাৰ হ’ব । সেয়ে স্মাৰ্ট ফোনটো লক্ষ্নৌত গৈ কিনাৰ সিদ্ধান্ত কৰিলো ।

ঋতু শৰ্মাৰ পৰা খুজি অনা ভৰিৰে চলাব পৰা পাম্প এটা ,নী-গাৰ্ড,এল্ব’ গাৰ্ড, বেগ বান্ধিবৰ বাবে বাঞ্জী কৰ্ড তিনিডাল, প্ৰয়োজন হ’ব পাৰে বুলি এখন সৰু আকাৰৰ কম্বল, উইণ্টাৰ জেকেট এটা, জিন্চৰ পেণ্ট চাৰিটা, বিছনা চাদৰ এখন, টাউৱেল এখন, চাৰ্ট চাৰিটা, পাঁচটা গেঞ্জি, গামোচা তিনিখন, বেন্দেজৰ ৰ’ল এটা, হোমিও দৰৱৰ টোপোলা এটা ,দৰকাৰী কাগজ-পত্ৰবোৰ আৰু ডায়েৰী এখন বিভিন্ন সাজোনেৰে আগদিনা কিনি অনা নতুন বেগ দুটাত এবাৰ ভৰাই সঠিক যেন নেপাই আকৌ উলিয়াই আকৌ ভৰাই ,এইদৰে পেকিং কৰা কামটো শেষ কৰো মানে পুৱা আঠ মান বজিল ।

ৰেলেৰে যাত্ৰা কৰাৰ অভিজ্ঞতা বুলিবলৈ সেই ১৯৯০ চনত দাৰ্জিলিঙলৈ স্কুলৰ পৰা এস্কাৰচনত যোৱা আৰু গুৱাহাটী, তিনিচুকীয়ালৈ মাজে সময়ে যোৱাতেই সীমাবদ্ধ । বাইক বুকিং কৰি পোৱা নাই । সেয়ে মই এই বিষয়ক লৈ কিছু উৎকণ্ঠাত আছো ।

মোৰ ঘৰৰ পৰা ফৰকাটিং জংচনলৈ দূৰত্ব কম কিন্তু ফৰকাটিঙত বাইক বুক কৰাৰ সুবিধা নাই । সেয়ে মই মৰিয়ণি জংচনৰ পৰা যাত্ৰা কৰাৰ সিদ্ধান্ত কৰিছিলো ।
মোৰ অফিচৰে সহকৰ্মী নৱদীপ কছাৰীৰ ঘৰ মৰিয়ণিৰ ওচৰতে । গতিকে ১১ এপ্ৰিলত মই যাব লগা অবধ আচাম এক্সপ্ৰেছ ট্ৰেইন খনৰ সময় আৰু বাইক বুকিং আগতিয়াকৈ কৰিব লাগিব নে যাত্ৰাৰ দিনা কৰিলেই হ’ব–এই খবৰটো মৰিয়ণি জংচনত জানি লৈ মোক জনাবৰ বাবে তেখেতক আগতীয়াকৈ অনুৰোধ কৰিছিলো ।
নৱদীপ কছাৰীয়ে জনালে যে ট্ৰেইন বিয়লি ২ বজাত আছে । ডেৰ মান বজাত ট্ৰেইন জংশ্চন পাবহি । গতিকে মই দুঘণ্টামান আগত মৰিয়ণি জংচনত গৈ পালেই হ’ব । সেই অনুসৰি মই সিদ্ধান্ত কৰি থৈছিলো যে পুৱা ১১-৩০ মান বজাত জংশ্চনপোৱাকৈ ঘৰৰ পৰা যাম । জংশ্চনলৈকে মোক আগবঢ়াই দিবৰ বাবে ওচৰৰে সম্পৰ্কীয় ভাইতি এজনক কৈ থৈছিলো । পুৱা ৮-৩০ মান বজাত ঘৰৰ পৰা যাম বুলি তাক কৈছিলো । টালি-টোপোলাবোৰ বান্ধি-খুন্দি আজৰি হৈছো কি নাই, সি আহি পালেহিয়েই ।

ক’ৰবালৈ যাবলৈ ওলালে সঠিক সময়ত সাজো হ’ব নোৱাৰা বেয়া অভ্যাস এটা মোৰ আছে । লগত যাব লগা কোনোবা এজন আহি ওলালেহিহে মোৰ খৰ-ধৰ আৰম্ভ হয় । সঁচা কথা ক’বলৈ হ’লে সময়ানুবৰ্তিতা মোৰ একেবাৰে নাই ।

যেই কি নহওক গা-পা ধুই ভাত-পানী খাই আজৰি হ’লো । খৰ-ধৰ আৰু টেনচনত ভাত খোৱা নহ’লেই বুলিব পাৰি । নাম মাত্ৰ অলপ কিবা খালো ।

Coleman Darwin Camping Tent, 5-10 Minutes Easy Setup
Coleman Darwin Camping Tent,
5-10 Minutes Easy Setup | Full Fly Waterproof Sheet |
Suitable for All Seasons
(Get Complimentary 2 Coleman BYOT Camping Nightout Event Passes)
Click To Buy on Amazon

আগদিনা ব্লু ডাৰ্টৰ পৰা পোৱা আই চি আই চিৰ লম্বাডৰ মেডিক্লেইমৰ মূল কপিটো সৰু ভাইতি সমীৰণক দি প্ৰয়োজন হ’লে কি কৰিব লাগিব,.কোন নাম্বাৰত ফোন কৰিব লাগিব ইত্যাদি লাগতিয়াল কথাবোৰ বুজাই দিলো । জীৱন বীমাৰ পলিচিবোৰ ক’ত ৰাখিছো দেখুৱাই প্ৰয়োজনত মোৰ বন্ধু তৰুণ হাজৰিকাৰ সহায় ল’বলৈ দিহা দিলো । কাৰণ তেওঁ এল আই চিৰ এজন এজেণ্ট । প্ৰয়োজনত ( মানে মোৰ কেনেবাকৈ মৃত্যু হ’লে । কোনে জানে কাৰ কেতিয়া ক’ত কি হয় ! ) নিশ্চয় দিহা-পৰামৰ্শ দিব পাৰিব ।

ঘৰৰ পৰিৱেশটো অলপ শোকাকুল হৈ পৰিছে । দুখ নো কৰিব কোনে ! ঘৰত আমি সৰু ভাইতি,মা আৰু মই এই তিনিটা প্ৰাণী নিয়মীয়াকৈ থাকোঁ । দেউতাৰ মৃত্যুৰ পিছৰ পৰা মই নাথাকিলে গছৰ পাত এখিলা ল’ৰিলেও মাহঁতে ৰাতি ভয় খায় । ঘৰখন উদং হৈ পৰা যেন পায় । সেয়ে এনেকৈ অজান যাত্ৰা এটাত যাবলৈ ওলোৱাত মাৰ মনত দুখ । মাই জানে মোক বাধা দি লাভ নাই । কিবা কৰিম বুলিলে মই কৰিমেই । সেয়ে ২০২৪ চনত মই চাকৰিটো এৰি দিবলৈ সিদ্ধান্ত লোৱাৰ কথা জনাওঁতেও মাই মোক বাধা দিয়া নাছিল ।

এই বাৰেই যে ঘৰৰ পৰা ফুৰিবলৈ ওলাইছো এনে নহয় । কিন্তু ইয়াৰ আগতে এবাৰো এনেদৰে জীৱন বীমাৰ পলিচি ঘৰত চমজাই যোৱা নাই । গতিকে মাৰ দুখ লাগিছে । মোৰো মনটোও দুৰ্বল হৈ পৰিছে ।

মোৰ বেছিকৈ দুখ লাগিল তেতিয়া যেতিয়া মই ঘৰৰ পৰা ওলোৱাৰ আগে আগে মাই মোক “এইয়া মোৰ পৰা ইয়াকে দিছো” বুলি একাৱন্ন টকা দিলে । মই যাবলৈ ওলাইছো নেপাললৈ বাইক ৰাইদিঙত । মাৰ হাতত মোক দিবলৈ সেই একাৱন্ন টকাহে আছে । মাই মোৰ ভটিজা কেইটা বা ভাগিন কেইটা ফুৰিবলৈ আহিলে যাবৰ সময়ত দুই এটকা দিয়ে মিঠাই খাবলৈ । কিন্তু মোক ফুৰিবলৈ গ’লে টকা-পইচা দি পোৱা নাই । সৰুৰে পৰা মই এক কঠোৰ সংগ্ৰাম আৰু যুঁজ-বাগৰ পৰিৱেশত ডাঙৰ হৈছো । আলৌ-তুলৌ মৰমৰ লগত মই অভ্যস্ত নহওঁ । সৰু কালৰে পৰা মই পৰিয়ালৰ এক দায়িত্বশীল লোক হিচাপেহে ডাঙৰ হৈছো । ঘৰৰ প্ৰায়বোৰ সৰু-সুৰা সমস্যাৰ কথা দেউতাই গম পোৱাৰ পূৰ্বে মইহে গম পাইছিলো ।

মাৰ মোৰ প্ৰতি থকা মৰম মই বুজি পাওঁ । কিন্তু মোক ফুৰিবলৈ গ’লে মিঠাই খাবলৈ মাৰ পৰা পইচা আশা কৰিব পৰা ধৰণৰ পৰ্য্যায় এটাত মই নাই । হাতত ধন নোথাকিলে দৰকাৰ হ’লে মই নিজেই বিচাৰোঁ ।

মই এটা চাকৰি কৰোঁ । দৰ্মহা পাওঁ । কেতিয়াও মই মাৰ হাতত টকা থ’বলৈ জমা দি পোৱা নাই । মাৰ পেঞ্চনৰ টকা কেইটাও ঘৰৰ কিবা কিবি কামত খৰচ হৈ যায় । মাৰ হাতত পইচা নেথাকেই । অথচ অতি টানত কাৰো হাতত পইচা নেথাকিলেও মাৰ ওচৰত বিচাৰিলে এটকা হ’লেও পোৱা যায় । বাৰীৰ তামোল-পাণ,নাৰিকল আদি বেচোঁতে বেপাৰীয়ে দি যোৱা দুই এটকাকে মাই সাঁচি-সামৰি থয় । তেনেকৈ সাঁচি থোৱা পইচাকে মাই মোৰ হাতত তুলি দিছে ।

দূৰত চাকৰি কৰিবলৈ বা পঢ়িবলৈ যোৱা আৰু মোৰ এই যাত্ৰাৰ মাজত পাৰ্থক্য আছে । পঢ়িবলৈ বা চাকৰি কৰিবলৈ গ’লে এটা ঠিকনা থাকে । কিবা খবৰ এটা পাবলৈ হ’লে সেই নিৰ্দিষ্ট ঠাইত খবৰ কৰিলেই হ’ল । কিন্তু মোৰ যাত্ৰাৰ গন্তব্যস্থান যদিও লক্ষ্নৌ কিন্তু লক্ষ্নৌত গৈ ক’ত থাকিম তেতিয়ালৈকে মই নিজেও নেজানো ।
এক অনিশ্চিত যাত্ৰা । মোৰ যদি কিবা বিপদ-আপদ হয় মাহঁতে খবৰ পাব নে নেপায় সেই কথাও মই নেজানো ।

আগলৈ……

Naivedyanandan Sonowal

লেঞ্চৰ মাজেদি বিশেষকৈ প্ৰাকৃতিক ফটোগ্ৰাফিৰ যোগেদি পৃথিৱীখন আৱদ্ধ কৰাৰ প্ৰতি ৰাপ থকা মই এজন এডভেঞ্চাৰ ৰাইডাৰ । ভ্ৰমণে মোৰ উৎসাহক অনুপ্ৰাণিত কৰে । মই সদায় নতুন দিগন্তৰ সন্ধান কৰি আৰু বাহিৰৰ সৌন্দৰ্য্য ভগাই ভাল পাওঁ ।

প্ৰত্যুত্তৰ দিয়ক