চাহ বাগানৰ মাজেদি মৰিয়ণি জংচনলৈ..
পুৱা ৮-৩০ বজাত ঘৰৰ পৰা যাত্ৰা আৰম্ভ কৰিম বুলি ভাবিছিলো যদিও আটাইবোৰ বয়-বস্তু সামৰি লৈ ওলাওঁ মানে পুৱা ৯-৩০ বাজিল । আৰু অধিক পলম কৰিব নোৱাৰি । গতিকে লগত নিবলৈ লোৱা এটা বেগ মই পিঠিত ল’লো আৰু আনটো বেগ মোৰ লগত মৰিয়ণিলৈকে যাবলৈ ওলোৱা সম্পৰ্কীয় ভাইতি বুবুতিয়ে পিঠিত ল’লে । মাৰ পৰা বিদায় লৈ ঘৰৰ পৰা ওলাই আহিলো ।
পুৱাতেই ধুই বাহিৰত ষ্টেণ্ড কৰি থোৱা বাইকখন ষ্টেণ্ডৰ পৰা নমাবলৈ লৈ মনলৈ ভাৱ আহিল যে মই অকলে এবাৰ দুয়োটা বেগ ডাঙি চোৱা উচিত হ’ব । কাৰণ লক্ষ্নৌত গৈ মই অকলেই দুয়োটা বেগ ডাঙি লৈ ফুৰিব লাগিব । দুই কান্ধত বেগ দুটা লৈ মোৰ বুকু কঁপি উঠিল । এই দুটা বেগ মই অকলে কান্ধত লৈ বাইকখন ঠেলিব লগা হলে মোৰ কি অৱস্থা হ’ব ! গতিকে লগে লগে পুণৰ ভিতৰলৈ উভতি আহিলো । কি এৰি থৈ যাওঁ-ভাবিছো ! আটাইকেইটা বস্তুৱেই প্ৰয়োজনীয় । বেগ খুলি আটাইবোৰ বস্তু উলিয়াই পুনৰ ভৰাবলৈ সময় নাই । গতিকে খৰতকীয়া সিদ্ধান্ত লৈ বিছনা চাদৰখন লগতে জিঞ্চৰ পেণ্ট দুটা আৰু এটা টেৰিকটনৰ পেণ্ট উলিয়াই থ’লো । বেগৰ ওজন কিছু কমিল । ৰ’বলৈ আৰু সময় নাই । সময় আগুৱাই গৈছে । প্ৰায় ৯-৪৫ মান বজাত বাইক ষ্টাৰ্ট দিলো । মোৰ অনিশ্চিত যাত্ৰা আৰম্ভ হ’ল ।

Luminous NXG+ 1100 Inverter (1)
and Solar Panel 165W (2), Blue
Click To Buy on Amazon
ৰেলত বাইক নিবলৈ হ’লে বাইকৰ টেংকিত পেট্ৰোল থকা অনুচিত । বাইকৰ টেংকিত বা লগত পেট্ৰোল ৰখাটো এক দণ্ডনীয় অপৰাধ । বুকিং কৰোতে যিহেতো পেট্ৰল উলিয়াই টেংকি খালি কৰিব লাগিব, গতিকে পেট্ৰল ভৰোৱা নাই । ৰিজাৰ্ভতে চলাই ফুৰিছো এইকেইদিন । টেংকিত কিমান পেট্ৰোল আছে মোৰ ধাৰণা নাই । গতিকে মৰিয়ণিলৈ যোৱাৰ বাটত মাধপুৰত পেট্ৰোল পাম্পত সোমাই ৭০ টকাৰ পেট্ৰোল ভৰালো ।
পেট্ৰোল ভৰাই মৰিয়ণিলৈ আগুৱালো । মৰিয়ণি পাবলৈ প্ৰায় এক-ডেৰ কিলোমিটাৰমান আছে । তেনেতে দেখিলো ৰাষ্টাত গাড়ীৰ জাম । নগালেণ্ডলৈ যাবলৈ অহা টাটা চুমু ,বাছ, অনান্য গাড়ী আৰু বাইক ৰাষ্টাত লাইন লাগি ৰৈ আছে । মইও ৰৈ গ’লো । কিন্তু এনেদৰে ৰৈ থাকিবতো নোৱাৰি । ৰৈ থকা গাড়ীবোৰৰ কাষে কাষে আগুৱাই গ’লো কিনো হৈছে জানিবলৈ ।
এজন লোকক সুধি জানিব পাৰিলো যে কোনোবাই ধৰ্ণা দি ৰাষ্টা বন্ধ কৰি ৰাখিছে । মোৰ চিন্তা বাঢ়িল । এতিয়া কি কৰা যায় ! ধৰ্ণা কেতিয়া শেষ হ’ব তাৰ কোনো ঠিকনা নাই । সময় আগুৱাই গৈছে । এতিয়া এই ঠাইৰ পৰা উভতি গৈ তিতাবৰেদি ঘূৰি যোৰহাটৰ চিনামৰা হৈ ঘূৰিবলৈ গ’লে মোৰ ট্ৰেইন ধৰিবলৈ টান হ’ব । কাৰণ মোৰ বাইক বুকিং কৰিবলৈ আছে । কি কৰা যায় ! মই উপায় চিন্তা কৰিবলৈ ধৰিলো ।
তেনেতে দেখিলো এজন লোক তেওঁৰ মটৰ বাইকখন ঘূৰাই ওভতিবলৈ লৈছে । তেওঁ মোক চিনি পাই মাত লগালে । মই তেতিয়াহে তেওঁক চিনিব পাৰিলো । এইয়াচোন বৰহোলাৰে মোৰ ঘৰৰ পৰা পাঁচ-ছয় কিলো মিটাৰ মান দূৰৰ নেঘেৰী গাৱঁৰ দেৱেশ্বৰ সোণোৱাল । সি ৰেলৱেইত চাকৰি পোৱাৰ কথা শুনিছিলো । আজিহে লগ পালো তাক বহুদিনৰ পিছত । চাকৰিলৈ বুলি ওলাই আহিছে সি । ইতিমধ্যে তাৰ পলম হৈছে । মই তাক সুধিলো–” তুমি মৰিয়ণিলৈ যোৱা চমু বাট চিনি পোৱা নেকি ? ” সি পাওঁ বুলি কৈ মোলৈ নৰৈ বাইক চলাবলৈ ধৰিলে । কাৰণ ৰ’বলৈ তাৰ হয়তো সময়ৰ নাটনি । মই বোলো- ” মই বাট চিনি নেপাওঁ । মইও যাওঁ ৰ’বা ।” এইবুলি তাৰ পিছ ল’লো ।
তিতাবৰলৈ অহাৰ দিশত কিছু দূৰ ওভতি আহি মূল পথৰ বাঁওফালে ঘূৰি গাঁৱলীয়া ৰাষ্টা এটাৰে সি আগবাঢ়িল । মইও তাৰ পিছ ল’লো । নগালেণ্ডলৈ যোৱা তিনিখন মান টাটা চুমু গাড়ীয়েও আমাৰ পিছে ল’লে । কিছুদূৰ যোৱাৰ পিছত গাওঁ এৰি চাহ বাগিছা আৰম্ভ হ’ল ।
চাহ গছৰ মাজৰ লুং লুঙীয়া শিল দিয়া ওখোৰা-মোখোৰা বাটেৰে দেৱেশ্বৰে যিমান পাৰে খৰকৈ বাইক চলাইছে । মইও তাৰ পিছে পিছে একে গতিত আগুৱাইছো । এনেদৰে অকোৱা-পকোৱা বাটেদি প্ৰায় বিছ-পঁচিছ মিনিট মান বাইক চলাই আহি পুনৰ মূল পথত উঠিবলৈ লৈ সি ৰৈ গ’ল । । তেতিয়াহে সি বুজিলে যে ইমান পৰে আমি এনেয়ে বাইক চলাই সময় নষ্ট কৰিলো । আমি য’ত ওলালোহি,কিছু সময়ৰ পূৰ্বে আমি সেই ঠাইৰ পৰাই ওভতি গৈছো । মানে সেই ধৰ্ণা দিয়া ঠাইতে আকৌ আহি ওলালোহি । মোৰ উৎকণ্ঠা বৃদ্ধি পাইছে । ৰ’বলৈ সময় নাই । দেৱেশ্বৰে তৎক্ষণাত বাইক ঘূৰাই ওলোতা দিশত আগবাঢ়িলেই । সোনকালে কৰ্মস্থলী গৈ পোৱাৰ চিন্তাত সি অধৈৰ্য্য হৈ আছে । মইও বাইক ঘূৰাই পুণৰ বাগানৰ ভিতৰৰ ৰাষ্টাৰে তাৰ পিছ ল`লো ।
কিছু দূৰ গৈ এখন যাত্ৰীবাহী বাছ, টাটা চুমু, স্কুটাৰ, মটৰ চাইকেল আদিৰ এটা দীঘলীয়া মিছিল দেখা পালো । তেতিয়াহে বুজিলো যে এতিয়াহে আমি সঠিক পথ বিচাৰি পাইছো ।
এফালে মোৰ ৰেল ষ্টেশ্চন সোনকালে গৈ পোৱাৰ চিন্তা আৰু আনফালে বাইকৰ টেংকিৰ তেলৰ চিন্তা । আগতে কেতিয়াও মই ৰেলত বাইক বুকিং কৰি পোৱা নাই । গতিকে কি কি কাগজ-পত্ৰ পূৰাব লাগিব মোৰ ধাৰণা নাই । বাইক পেকিং কৰোতে কিমান সময় লাগিব তাৰো কোনো ধাৰণা নাই। গতিকে উৎকণ্ঠাত আছো । এই কেইদিন বাইকত তেল ভৰোৱা নাছিলো । ৰিজাৰ্ভ লগা কেইবাদিনো হ’ল । সত্তৰ টকাৰ পেট্ৰোল ভৰাই আহিছো মাত্ৰ । বাগানৰ ভিতৰত কণা গৰু ঘূৰাদি ঘূৰি ফুৰোঁতে যদি বাইকৰ পেট্ৰোল শেষ হৈ বাগানৰ মাজতে আবদ্ধ হৈ পৰিব লগা হয়, মোৰ যাত্ৰাৰ বাৰ বাজিব ।এনেবোৰ কাৰণত মোৰ উৎকণ্ঠা বৃদ্ধি পাইছিল ।
ইতিমধ্যে দেবেশ্বৰে বাছ, টাটা চুমু,সকলোকে পিছ পেলাই তৰিৎ গতিত তাৰ হিৰোহোণ্ডা মটৰ চাইকেলখন চলাব ধৰিলে । মোৰ ৰয়েল এন ফিল্ড ক’ৰবাতে থাকি গ’ল। তাক চকুৰ আতঁৰ হ’বলৈ দিব নোৱাৰি । সিয়েই এতিয়া মোৰ কণাৰ লাখুটি । কাৰণ চাহ বাগনৰ মাজৰ ওকোৱা পকোৱা পথ । মই পথ চিনি নেপাওঁ ।
ঠেক ওখোৰা মোখোৰা ৰাষ্টা । যেনে তেনে বাছখন অতিক্ৰম কৰি আন গাড়ীবোৰো পিছ পেলাই এটা সময়ত তাৰ ওচৰ চাপিলো । এনেদৰে ওখোৰা-মোখোৰা ৰাষ্টাৰে আহি আহি এটা সময়ত সোনোৱাল বাগিছাৰ কলঘৰৰ গেটেদি ওলাই নাগাজাংকাৰ ফালৰ পৰা মৰিয়ণিলৈ অহা মূল ৰাষ্টাত উঠিলোহি । ৰক্ষা !
মৰিয়ণি তিনি আলিত সি পোনে পোনে যোৰহাটলৈ যোৱাৰ দিশত আগবাঢ়িল আৰু মই বাওঁহাতে ষ্টেশ্চনৰ দিশত ঘূৰিলো । তাক মাত এষাৰ দি ধন্যবাদ এটা দিয়াও নহ’ল । আজিলৈকে অৰ্থাৎ এই মুহূৰ্ত্তলৈকে সি নেজানে সিয়েই যে মোৰ নেপাল যাত্ৰাৰ প্ৰথমজন গাইড !
আগলৈ ……..