A rider trying to ride on a rough hilly road

নেপাল ৰাইডিঙৰ অবিষ্মৰণীয় অভিজ্ঞতা( সপ্তম খণ্ড): প্ৰথম শ্ৰেণীত প্ৰথম ভ্ৰমণ

A rider trying to ride on a rough hilly road
Photo Naivedyanandan Sonowal

নেপাল ৰাইডিঙৰ অবিষ্মৰণীয় অভিজ্ঞতা( সপ্তম খণ্ড): প্ৰথম শ্ৰেণীত প্ৰথম ভ্ৰমণ

বয়সত যদিও দেৱেশ্বৰ মোৰ সম বয়সৰ, স্কুলত সি মোতকৈ এবছৰ ওপৰত আছিল । দেবেশ্বৰ এজন অতি অমায়িক আৰু সৎ লোক । হয়তো তাক সেইবাবে মোৰ এই ?যlত্ৰা পথৰ বাধা-বেমেজালিৰ সময়ত দেৱ-দূতৰ দৰে ভগৱানে লগ পোৱাই দিছে । আমাৰ খেতি মাটিৰ সীমাতে সিহঁতৰ মাটি । সি ৰেলৱেইত চাকৰি পোৱাৰ আগতে এদিন পথাৰত হাল বাই থকা অৱস্থাত তাক লগ পোৱাৰ পিছৰ পৰা তাৰ সৈতে দেখা দেখি হোৱা নাছিল । সেয়া আছিল বোধ হয় ১৯৯৭ চন মানৰ কথা । গতিকে তাক প্ৰায় একৈছ-বিছ বছৰৰ মূৰত লগ পালো । সেয়ে ইমান বছৰৰ পিছতো হেলমেট পিন্ধি থকা অৱস্থাত দেখি সি মোক চিনি পোৱাত মই অলপ আচৰিত হৈছিলো । বহু দিনৰ মূৰত লগ পাই মোৰো মনটো ভাল লাগিল । তাৰ চেহেৰাত অলপ বয়সৰ চাপ পৰিছে । হয়তো মোৰো পৰিছে ! মইতো নাজানো মই কিমান সলনি হ’লো !

মৰিয়ণি জংচনত উপস্থিত হৈ স্বস্থিৰ নিশ্বাস পেলালো । জেপৰ পৰা মোবাইল ফোনটো উলিয়াই সময় চালো । পুৱা ১১-২৬ হৈছে । ভবা মতে সঠিক সময়তে আহি পাইছোহি । মূৰা-মূৰি সময়লৈ আহিবলৈ থকা হ’লে সমস্যাত পৰিলো হেতেন । কাৰণ তেতিয়া পথ ৰোধ কৰি ৰখা ” ইন কিলাব জিন্দাবাদৰ” বাবে সময় টনাটনি হ’ল হেতেন !

Camping Tent
Coleman Darwin Camping Tent, 5-10 Minutes Easy Setup |
Full Fly Waterproof Sheet | Suitable for All Seasons
(Get Complimentary 2 Coleman BYOT Camping Nightout Event Passes)
Click To Buy on Amazon

ৰেলৱেই পাৰ্চেল বুকিং অফিচত বাইক বুকিঙৰ বাবে দৰকাৰী ফৰ্ম আদি পূৰোৱাৰ ঠিক আগত বাইকখন পেকিং কৰিবলৈ দিলো । এই কামৰ বাবে পেকিং কৰা মানুহ কেইজনক ছয় শ পঞ্চাচ ( 650.00) টকা দিব লগা হ’ল ।

ইমান দিন বাইকখন চলাই ফুৰিছো কিন্তু সেই দিনাহে গম পালো ৰয়েল এনফিল্ডৰ বাইকৰ টেঙ্কিত ৰিজাৰ্ভতো যে ইমান পেট্ৰোল বাকী থাকে । টেঙ্কি খালী কৰিব লাগিব বুলি পেট্ৰোল নভৰোৱাকৈ কেইবাদিনো চলাই ফুৰিছিলো । সেইদিনা মাত্ৰ ৭০ টকাৰ পেট্ৰোল ভৰাইছিলো ।

পেকিং কৰা লোক কেইজনে প্ৰথমে পাইপৰ সহায়েৰে টেংকিৰ পৰা আধা লিটাৰৰ পানীৰ বটল এটাত পেট্ৰল উলিয়ালে । সেইটো ভৰ্তি হোৱাত এক লিটাৰৰ বটল এটা আনি ভৰালে । সেইটোও ভৰ্তি হোৱাত এইবাৰ দুই লিটাৰৰ বটল এটা আনি ভৰালে । এইদৰে প্ৰায় চাৰি লিটাৰ মান পেট্ৰোল টেঙ্কিৰ পৰা উলিয়াই কাপোৰ ভৰাই মোহাৰি টেঙ্কি প্ৰায় শুকুৱাই পেলালে ।

বাইক বুকিং কৰি ষ্টেচনৰ প্লেটফৰ্মত ৰৈ আছো ৰেলৰ বাবে । তেনেতে ৰয়েল এনফিল্ডৰ ট্যুৰ মেনেজমেণ্টৰ পৰা জিতিন কানৱাৰে ফোন কৰি জনালে যে মোৰ ভোটাৰ পৰিচয় পত্ৰৰ কপিটো সিফালে পোৱা নাই । গতিকে আকৌ পঠিয়াব লাগে । মই কপিটো আপলোড কৰিছিলো যদিও কিয় নেপালে বুজিব নোৱাৰিলো । মোৰ হাতত চাধা টেমিটোৰ সমান সৰু মোবাইল ফোন এটাহে আছে । সেইটোত হোটাচ এপ-চেপ একো নাই । গতিকে মোক আগবঢ়াবলৈ যোৱা ভাইতি বুবুতিৰ স্মাৰ্ট ফোনটোৰে মোৰ ভোটাৰ আই ডি ৰ ফটো একপি তুলি জিতিনলৈ মেইলত পঠিয়াই দিলো ।

ৰেল অহালৈ বাট চাই চাই ৰৈ থকাৰ বাদে এতিয়া কৰিবলৈ আন কাম নাই । মোৰ ক্ষেত্ৰত এনে কিয় হয় নেজানো ! যদি মূৰা-মূৰি সময়লৈ ৰৈ থকো, বাছ বা ৰেল ধৰিবগৈ নোৱাৰো । আকৌ যদি সঠিক সময়ৰ আগত গৈ পাওঁ ৰেল নাহেহে নাহে ।

ৰেললৈ ৰৈ ৰৈ আমনি লাগি ৰেল যেতিয়া আহি প্লেট ফ্ৰমত সোমালহি তেতিয়া প্ৰায় বিয়লি আঢ়ৈ বাজিছে । মোক ষ্টেচনত আগবঢাবলৈ যোৱা বুবুতিৰ পৰা বিদায় লৈ ৰেলত উঠিলো । বাইকখন ৰেলত উঠালে নে নাই কথাটো মন কৰি মোক ফোন কৰি জনাবলৈ তাক ক’লো । কাৰণ লাগেজ ভেনখন একোবাৰে শেষত । সেই ঠাইলৈ গৈ বাইক উঠোৱালৈকে মই ৰৈ থাকিলে ওভতি আহি ৰেলত উঠাই সমস্যা হ’ব মোৰ !

যি কি নহওক বিয়লি তিনি বাজিবলৈ তিনি মিনিট থকাত ৰেল চলিল । বুবুতিয়ে বাইকৰ টেংকিৰ পৰা উলিওৱা পেট্ৰোল কেইবটল লৈ বৰহোলালৈ ওভতি গ’লগৈ । মোৰ লগত লঘোণে-ভোকে তাৰ সেই দিনা যথেষ্ট কষ্ট হ’ল ।

ফাৰ্ষ্ট ক্লাচ এচি । জীৱনত প্ৰথম বাৰ উঠিছো । কেবিনটোত সোমাই ভালকৈ চকু ফুৰাই চাইছো ভিতৰৰ সকলোবোৰ । ইয়াৰ আগতে ৰেলৰ মই প্ৰথম শ্ৰেণীত ভ্ৰমন কৰা নাছিলো । আচলতে মই দ্বিতীয় শ্ৰেণীতো ভ্ৰমন কৰি পোৱা নাছিলো । দৰকাৰো হোৱা নাছিল ।

ৰেলৰ যাত্ৰা বুলিবলৈ উজনিলৈ তিতাবৰৰ পৰা তিনিচুকীয়া বা মাৰ্ঘেৰিতা আৰু নামনিলৈ তিতাবৰ বা ফৰকাটিঙৰ পৰা গুৱাহাটী । এইচোৱা পথ সাধাৰণ শ্ৰেণীতে চলি যায় ।

মোৰ কেবিনত অকলশৰে বহি বাহিৰলৈ চাই গৈছো ।

মোৰ জীৱনত তেতিয়ালৈকে ৰেলেৰে কৰা দীৰ্ঘতম যাত্ৰা বুলিবলৈ এটাই আছিল । ১৯৯০ চনত হাইয়াৰ চেকেণ্ডাৰী পঢ়ি থাকোতে বৰহোলা স্কুলৰ পৰা দাৰ্জিলিঙলৈ যোৱা সেই শিক্ষামূলক ভ্ৰমণ । এই বিষয়ে আগৰ খণ্ডত উল্লেখ কৰিছো । সেইবাৰ নিউ জলপাই গুৰিলৈকে ৰেলেৰে অহা-যোৱা কৰোতে ইমানেই কষ্ট অনুভৱ হৈছিল যে আমাৰ লগৰ বহুতে আকৌ দূৰণিত ফুৰিবলৈ নেযাওঁ বুলি শপত খাইছিল । মইও শপত খাইছিলো।

মই যিহেতু যথেষ্ট দিন ঘৰৰ পৰা বাহিৰত থাকিব লাগিব । তদুপৰি নেপালৰ সমগ্ৰ পথচোৱা সুকলমে অতিক্ৰম কৰি পুণৰ ঘৰলৈ উভতি আহিবলৈ হ’লে মোৰ শাৰিৰিক সুস্থতা অতি জৰুৰী । সেয়ে মই বাতানুকুল প্ৰথম শ্ৰেণীত ভ্ৰমণ কৰাতো সিদ্ধান্ত কৰিছিলো যাতে বতাহ,ধূলি আদিত মই অসুস্থ হৈ নপৰো । প্ৰথম শ্ৰেণীত ভ্ৰমণ কৰাৰ আন এটা সুবিধা হ’ল ইয়াত অতি কম মানুহে ভ্ৰমণ কৰে । লগতে আশা কৰিব পাৰি মানুহবোৰ সাধাৰণতে সম্ভ্ৰান্ত আৰু শিক্ষিত । গতিকে ঠগ-প্ৰবঞ্চক আদিৰ পৰা ভয় কম ।

মৰিয়ণিৰ পৰা ডিমাপুৰলৈকে মোৰ কেবিনত মই অকলেই ৰাজত্ব কৰিলো । কেবিনত অকলশৰে জোপোকা মাৰি বহি মাজে মাজে খিৰিকিৰে বাহিৰলৈ চোৱাৰ বাহিৰে মোৰ কৰিবলৈ আন কাম নাছিল । মনটো ভাবুক হৈ পৰিছিল । ঘৰ এৰি দূৰলৈ ওলাই আহিলে সকলোৰে ছাগে এনেকুৱাই হয় ।

আগলৈ…

Naivedyanandan Sonowal

লেঞ্চৰ মাজেদি বিশেষকৈ প্ৰাকৃতিক ফটোগ্ৰাফিৰ যোগেদি পৃথিৱীখন আৱদ্ধ কৰাৰ প্ৰতি ৰাপ থকা মই এজন এডভেঞ্চাৰ ৰাইডাৰ । ভ্ৰমণে মোৰ উৎসাহক অনুপ্ৰাণিত কৰে । মই সদায় নতুন দিগন্তৰ সন্ধান কৰি আৰু বাহিৰৰ সৌন্দৰ্য্য ভগাই ভাল পাওঁ ।

প্ৰত্যুত্তৰ দিয়ক