A railway track and wheat field with Taal trees

নেপাল ৰাইডিঙৰ অবিষ্মৰণীয় অভিজ্ঞতা( ৮ম খণ্ড): ঘৰৰ আকৰ্ষণৰ পৰা দূৰলৈ

A railway track and wheat field with Taal trees
Photo=Naivedyanandan Sonowal

নেপাল ৰাইডিঙৰ অবিষ্মৰণীয় অভিজ্ঞতা( ৮ম খণ্ড): ঘৰৰ আকৰ্ষণৰ পৰা দূৰলৈ

সাধাৰণতে যিবোৰ মানুহ ঘৰৰ পৰা ফুৰিবলৈ বাহিৰলৈ বৰকৈ নেযায় তেওঁলোক হঠাৎ দূৰলৈ যাব লগা হ’লে কিছু কাতৰ হৈ পৰে । ইংৰাজীত ইয়াকে “হোম চিক ” বোলা হয় । মোৰ ক্ষেত্ৰতো সেই কথা খাটে । ঘৰত থকালৈকে এই কথা অনুভৱ নহয় ।
পৃথিৱীৰ পৰা মহাকাশলৈ উৰা মাৰিলে যিদৰে মাধ্যাকৰ্ষণ বলে তললৈ টানি ধৰে ঠিক সেইদৰে ঘৰৰ পৰা দূৰলৈ ওলাই গ’লে ঘৰৰ সমষ্ট সমস্যা আৰু আকৰ্ষণবোৰে পিছলৈ টানি ধৰে । এই আকৰ্ষণ ছিঙি ওলাই অহাটো এটা টান কাম ।

বাকীবোৰ পাহৰিব পাৰিলেও প্ৰায় তিনি বছৰীয়া সৰু ভতিজাটোলৈ মনত পৰি দুখ লাগিছে । কিছুদিন পূৰ্বে মাৰ্ঘেৰিটালৈ সিহঁতৰ তাত ফুৰিবলৈ যাওঁতে আহিবৰ সময়ত সি ফেঁকুৰি ফেঁকুৰি কান্দিছিল । বিহুত সিহঁত আহিব । কিন্তু মোক লগ নাপায়হি ঘৰত । আজি এপ্ৰিলৰ এঘাৰ তাৰিখ আৰু তিনি দিনৰ পিছত মই যেতিয়া লক্ষ্নৌ পামগৈ সেইদিনা অসমত বহাগ বিহুৰ উৰুকা । এটা সময়ত বহাগ বিহু বুলিলে মই এক প্ৰকাৰ বলীয়া হৈ পৰিছিলো । মোৰ এটা নিজা বিহু দলেই আছিল । আজি সেই বহাগ বিহু এৰি অসমৰ বাহিৰলৈ যাবলৈ ওলাইছো ।

এনেধৰণৰ কথাবোৰ মনলৈ আহি থাকিল । ৰেল চলি আছে । মাজে সময়ে বাহিৰলৈ চাবলৈ চেষ্টা কৰোঁ । বিশেষ একো নেদেখি খিৰিকিত গ্লাছ থকাৰ বাবে ।

iPhone 16e 128GB
iPhone 16e 128 GB: Built for Apple Intelligence,
A18 Chip, Supersized Battery Life, 48MP Fusion. Camera, 15.40 cm (6.1″) Super Retina XDR Display; White
Click To Buy on Amazon

ডিমাপুৰত এগৰাকী মাৰোৱাৰী সম্প্ৰদায়ৰ মহিলা উঠিল জীয়েকৰ সৈতে । গুৱাহাটীলৈ যাব । জীয়েক লগত যোৱা কথা নাছিল কিন্তু আহিবৰ সময়ত লগত ওলাল । সেয়ে মাকৰহে টিকেট আছে জীয়েকৰ নাই । টিকেট পৰীক্ষকে একহেজাৰ টকা জৰিমনা ভৰাই টিকেট দিলে ।

অকলে বহি থাকি আমনি লগা কেবিনটোলৈ মানুহ অহাত অলপ ভাল লাগিল । পিছে ছোৱালী জনীয়ে গুৱাহাটী গৈ নোপোৱালৈকে গোটেই বাটছোৱা “ব’ৰ” লাগিছে বুলি কেন কেনাই থাকিল । বাকী সৰহ ভাগ সময় তাই মোবাইল ফোনটোক লৈ ব্যস্ত হৈ থকা দেখা পালো । বৰ্তমান সময়ৰ অতি অধৈৰ্য্য আৰু মুহূৰ্ততে আচৰিত কিবা নিত্য নতুন পৰিবৰ্তন এটা আশা কৰি থকা নৱ প্ৰজন্মটোৰ তাই এক সুন্দৰ প্ৰতিনিধি । সুখী হ’বলৈ তেওঁলোকক লাগে নিত্য নতুন আচৰিত আকৰ্ষণ। মাক-জীয়েকৰ কথাৰ পৰা বুজিলো ছোৱালী জনীয়ে এইবাৰ হাইয়াৰ চেকেণ্ডাৰী ফাইনেল পৰীক্ষা দিছে ।

ৰাতি চাৰে দহমান বজাত ৰেল গুৱাহাটী ষ্টেশ্চন পালেহি । মাক-জীয়েক নামিল । এহাল বয়সস্থ পুৰুষ-মহিলা উঠিল । পুতেক-নাতিয়েকহঁতে ৰেলত উঠাবলৈ আহিছে । তলৰ বাৰ্থ দুটা তেওঁলোকৰ । অলপ পিছতে আন এজন উঠিল । মোৰ বিপৰীত ফালৰ ওপৰৰ বাৰ্থত । মোৰ বাৰ্থও ওপৰত । ৰেল আকৌ চলিব ধৰিলে ।

প্ৰচণ্ড গতিত ৰেল আগুৱাই গৈছে । চাৰিজন লোক এটা সৰু কেবিনত সোমাই আছো । বয়সস্থ পুৰুষ-মহিলা দুজন গিৰিয়েক-ঘৈণীয়েক । পুৰুষ জনৰ বয়স ৭০ বছৰ ওপৰ হ’ব আৰু মহিলা গৰাকীৰো বয়স ৬৫ মান হ’ব । তেওঁলোক দুয়ো ইজনে সিজনৰ মাজত কথা-বতৰা হোৱাৰ বাদে কাৰো লগত কোনেও চিনাকি হোৱা নাই । মোৰ বিপৰীত দিশত থকা ওপৰৰ বাৰ্থৰ লোক জনে ফোনত কথা পতাত ব্যস্ত । মোৰ নিজা পৰিয়াল নাই । ফোন কৰি খবৰ ল’বলৈও কোনো নাই । ফেইচবুক আদিত সময় কটাবলৈও মোৰ স্মাৰ্ট ফোনো নাই । এটা সময়ত ওপৰৰ বাৰ্থৰ সিফালৰ মানুহ জনক তেওঁ কলৈ যাব সুধিলো । তেওঁ উত্তৰ দিলে যে তেওঁ কিষাণগঞ্জলৈ যাব । উত্তৰ শুনি মই তেওঁলৈ এবাৰ ভালকৈ চালো ।

বাইক চলাই লক্ষ্নৌলৈকে যাম বুলি সিদ্ধান্ত কৰোতে আঁতি-গুৰি ল’বলৈ ইণ্টাৰনেটত যথেষ্ট তথ্য অনুসন্ধান কৰিছিলো । ইণ্টাৰনেটত পাইছিলো যে ডকাইতি আদিৰ বাবে কিষাণগঞ্জ ঠাইডোখৰ বোলে কুখ্যাত । এনেয়েও কিষাণগঞ্জৰ কুখ্যাতিৰ কথা শুনিছো । গতিকে নিজৰ কেবিনতে কিষাণগঞ্জলৈ যোৱা লোক এজন সহযাত্ৰী হিচাপে পোৱাত মনলৈ অলপ পাতলীয়া শংকা ভাৱ এটা অহা নাছিল বুলি বৰ ডাঠি ক’ব নোৱাৰো । অৱশ্যে অলপ আশস্ত হ’লো এই ভাবি যে মানুহজন যিহেতু অসমতে থাকে তাতে প্ৰথম শ্ৰেণীত ভ্ৰমণ কৰিছে । গতিকে বেয়া মানুহ নহ’ব নিশ্চয় । কথা পাতি জানিব পাৰিলো তেওঁ কামাখ্যা গেটৰ ওচৰতে থাকে । কিমান সঁচা নাজানো ।

ৰাতি কাৰো লগত বিশেষ কথা-বতৰা নহ’ল । ৰেলৰ পৰাই যোগান ধৰা খাদ্য খাই শুই পৰিলো ।

পিছদিনা পুৱা সাত বাজি পোন্ধৰ মিনিটত ৰেল কিষাণগঞ্জ ষ্টেশ্চনত ৰ”ল । মানুহজন নামি গ’ল । কিছু মুহূৰ্তৰ বাবে মইও ষ্টেশ্চনৰ প্লেটফৰ্মত ৰেলৰ পৰা নামি অনুভৱ কৰিবলৈ চেষ্টা কৰিলো কিষাণগঞ্জনো কেনেকুৱা ঠাই ।

Nipun Sonowal

লেঞ্চৰ মাজেদি বিশেষকৈ প্ৰাকৃতিক ফটোগ্ৰাফিৰ যোগেদি পৃথিৱীখন আৱদ্ধ কৰাৰ প্ৰতি ৰাপ থকা মই এজন এডভেঞ্চাৰ ৰাইডাৰ । ভ্ৰমণে মোৰ উৎসাহক অনুপ্ৰাণিত কৰে । মই সদায় নতুন দিগন্তৰ সন্ধান কৰি আৰু বাহিৰৰ সৌন্দৰ্য্য ভগাই ভাল পাওঁ ।

প্ৰত্যুত্তৰ দিয়ক