নেপাল ৰাইডিঙৰ অবিষ্মৰণীয় অভিজ্ঞতা( 9ম খণ্ড): অচিন পথিকৰ মৰম আৰু আৰ্শীবাদ

নেপাল ৰাইডিঙৰ অবিষ্মৰণীয় অভিজ্ঞতা( 9ম খণ্ড): অচিন পথিকৰ মৰম আৰু আৰ্শীবাদ

নৱম খণ্ড

(আগৰ সংখ্যাৰ পিচৰ পৰা )
কিষাণগঞ্জ ষ্টেশ্চনত মানুহজন নামি যোৱাৰ পিছত কেবিনটোত থাকিলোগৈ বয়সস্থ পুৰুষ-মহিলা দুগৰাকী আৰু মই । আমাৰ মাজত তেতিয়ালৈকে কোনো কথা-বতৰা বা চিনা-পৰিচয় হোৱা নাই । তেওঁলোকে নিজৰ মাজতে কথা- বতৰা পাতিছে । লগত নিয়া থাৰ্মো ফ্লাস্কৰ পৰা চাহ তৈয়াৰ কৰি খাইছে । মইনো ওপৰৰ বাৰ্থত অকলসৰে কিমান শুই থাকিম !

এটা সময়ত তললৈ নামি আহি পুৰুষজনৰ ওচৰতে বহিলো । তেওঁলোক ক’লৈ যাব সুধিলো । পুৰুষজনে উত্তৰ দিলে যে তেওঁলোক গোৰখপুৰলৈ যাব । গুৱাহাটীত বাস কৰে । গোৰখপুৰত জীয়েকৰ ঘৰত ফুৰিবলৈ গৈছে । আদিতে গোৰখপুৰৰে লোক । চাকৰি সূত্ৰে অসমলৈ আহি গুৱাহাটীত ঘৰ কৰিলে । মোকো তেওঁলোকে সুধিলে মইনো ক’লৈ গৈছো । মই ক’লো যে মই লক্ষ্নৌলৈ যাম । লক্ষ্নৌৰ পৰা বাইক ৰাইদিঙৰ বাবে নেপাললৈ যাম । তেওঁলোকে জনালে যে নেপাললৈ গোৰখপুৰৰ পৰাও যাব পাৰি । এইদৰে পুৰুষ-মহিলা দুগৰাকীৰ লগত চিনা-পৰিচয় হ’লো ।

আমাৰ মাজত বিভিন্ন কথা-বতৰা আৰম্ভ হ’ল । ৰেল আগুৱাই গৈছে ইটো ষ্টেচনৰ পিছত সিটো ষ্টেচন পাৰ হৈ । কথা পাতিবলৈ আমাৰ কেবিনত মাত্ৰ আমি তিনিজন লোক ।

A picture of Motorola Edge 60 Fusion (Pantone Slipstream, 8GB RAM, 256GB Storage)
Motorola Edge 60 Fusion (Pantone Slipstream, 8GB RAM, 256GB Storage)
Click To Buy on Amazon

লেখক লক্ষধৰ চৌধুৰীৰ “মানুহ বিচাৰি” নামৰ এখন কিতাপ পঢ়িছিলো বহুদিন আগতে । কিতাপ খনত তেওঁ জীৱনত লগ পোৱা বিভিন্ন সৰু সৰু মানুহৰ জীৱনৰ কথা লিখিছে ।

আচলতে প্ৰতিজন মানুহৰে একো একোটা কাহিনী থাকে । বিভিন্ন অভিজ্ঞতা থাকে । সেয়ে বয়সস্থ লোক লগ পালে মই তেওঁলোকৰ জীৱনৰ আভিজ্ঞতা আৰু জীৱনত অতিক্ৰম কৰি অহা সমস্যা, সফলতা-বিফলতাবোৰৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ । প্ৰকৃততে একো একোজন মানুহ একো একোখন কিতাপৰ দৰে । কথা পাতিব জানিলে একোখন কিতাপ পঢ়াতকৈ কোনোগুণে কম নহয় ।

মানুহজনক মই সুধিলো তেওঁ অসমলৈ কেতিয়া আহিছিল । তেওঁ জনালে যে আশীৰ দশকতে তেওঁ অসমলৈ আহিছিল এটা কোম্পানীৰ হৈ কাম কৰিবলৈ । তেওঁৰ কাম আছিল এয়াৰ কণ্ডিশ্চনাৰ যোগান ধৰা আৰু সেইবোৰ মেৰামতি কৰি ঠিকে ঠাকে চলাই ৰখাত সহায় কৰা । অৰ্থাৎ টেকনিকেল চাপৰ্ট দিয়া । সেই আশীৰ দশকত অসমত এয়াৰ কণ্ডিশ্চনাৰ ব্যৱহাৰ কৰাটো সাধাৰণ লোকৰ কল্পনাৰো অতীত আছিল । সেই সময়ত এয়াৰ কণ্ডিশ্চনাৰ ব্যৱহাৰ কৰা অনুষ্ঠানবোৰ আছিল অইল ইণ্ডিয়া, অ’ এন জি চি, নামৰূপ সাৰ কাৰখানা, যোৰহাটৰ আঞ্চলিক গৱেষণাগাৰ আদি ।

এয়াৰ কণ্ডিশ্চনাৰ অসমৰ বাহিৰৰ পৰা অৰ্ডাৰ দি অনাব লগা হৈছিল । এই এয়াৰ কণ্ডিশ্চনাৰবোৰ স্থাপন কৰা আৰু ইয়াক ঠিকমতে চলি থাকিবলৈ প্ৰয়োজন হোৱা টেক্নিকেল চাপৰ্ট দিয়াতো আছিল মই এতিয়া কথা পাতি থকা লোক জনৰ দায়িত্ব । এই কামত তেওঁ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিব লগা হৈছিল ।

সেই সময়ছোৱা আছিল অসমৰ আধুনিক বুৰঞ্জীৰ আটাইতকৈ উত্তপ্ত সময় । বিদেশী বহিষ্কাৰৰ বাবে ছাত্ৰ সন্থাৰ নেতৃত্বত চলা আন্দোলনৰ ভৰপক সময় । বন্ধ, হৰতাল আছিল নিত্য-নৈমিত্তিক ঘটনা । দলং জ্বলোৱা, চি আৰ পিৰ গুলী-লাঠি চালনা আদিত মানুহ ভয়ত পেপুৱা লগা অৱস্থা । তেনে পৰিস্থিতিত এজন অনা অসমীয়া লোক হিচাপে তেওঁ হেনো যথেষ্ট ভয়ৰ মাজত কাম কৰিব লগা হৈছিল ।

মই সেই সময়ত দ্বিতীয়-পঞ্চম শ্ৰেণীত পঢ়ি থকা এজন কিশোৰ । অৱশ্যে স্কুলত কিছু পলমকৈ নাম লগোৱা বাবে বয়স এঘাৰ-বাৰ বছৰ । মোৰ মনত আছে ১৯৮০ চনৰ বছৰটো আন্দোলনৰ বাবে স্কুল-কলেজ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিল । সেই বছৰটো আমি পথাৰত গৰু ৰখি, কঠিয়া তলীত কঠিয়া ৰখি, টাং গুটি খেলি এনেয়ে পাৰ কৰিছিলো । গোটেই অসম জুৰি এক উতপ্ত থমথমীয়া পৰিৱেশ বিৰাজ কৰিছিল । দোকান -বজাৰ বন্ধ । পথৰ অ’ত-ত’ত দলংবোৰ জ্বলাই দিয়া হৈছিল । দোকান ঘৰৰ বাঁহৰ বেৰ হওক পকা বেৰ হওক সকলোতে পঢ়িবলৈ পোৱা গৈছিল বিভিন্ন শ্লোগান । ক’ৰবাত চি আৰপি এফক গালি পাৰি লিখা শ্লোগান, ক’ৰবাত তেতিয়াৰ ভাৰতৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীক গালি পাৰি লিখা বাক্য আদি ।

১৯৮৩ চনৰ এপ্ৰিল নে মে মাহৰ কোনাবা এটা দিন ভালকৈ মনত নাই । ৰাতিপুৱা আমাৰ গাঁৱৰ ৰাজহুৱা বৰ পুখুৰীটোৰ পাৰত নতুনকৈ আৰম্ভ কৰা অৰুণৰ বাঁহৰ বেৰৰ সৰু গুমটি খনৰ সমুখত কেইজনমান ডেকা ল’ৰাই আলোচনা কৰা শুনিলো,”দন্দেশ্বৰ কলিতাৰ গাত বোলে যোৱা ৰাতি গুলী লাগিছে ।”

১৯৮৩ চনৰ অসমৰ বিধান সভাৰ নিৰ্বাচন বৰ্জন কৰাৰ আহ্বান কৰিছিল ছাত্ৰ সন্থাই । ছাত্ৰ সন্থাৰ এই আহ্বানক আওকান কৰি যি সকলে নিৰ্বাচনত প্ৰতিদন্দিতা কৰিবলৈ আগবাঢ়িছিল তেওঁলোকৰ ঘৰ আদি অনিষ্ট কৰাৰ চেষ্টা কৰিছিল কোনো দুষ্কৃতিকাৰীয়ে । ডেকা কেইজনে কৰা আলোচনাৰ পৰা যি বুজিছিলো দন্দেশ্বৰ কলিতাও সেই দৰে লগত যাওঁতে তিতাবৰৰ মাধপুৰৰ বিধান সভাৰ নিৰ্বাচনৰ প্ৰাৰ্থী জয় বৰাৰ ঘৰত পুলিচৰ দ্বাৰা গুলী বিদ্ধ হয় । গোলাঘাটলৈ চিকিৎসাৰ বাবে নিয়া অৱস্থাত তেওঁৰ মৃত্যু হয় । খবৰটো বিয়পি পৰাত আমাৰ গোটেই অঞ্চল নিজান পৰিছিল । সেই কালত আজিৰ দৰে মোবাইল ফোন বা টেলিভিচন আদি একো নাছিল । কিন্তু খবৰবোৰ কাণ বাগৰি আহিছিল । নেলীত সংঘটিত হোৱা হত্যা কাণ্ড, পংকাৰ সাতজন লোকক শাৰী পাতি গুলীয়াই হত্যা কৰাৰ ঘটনা ইকাণে-সিকাণে বাগৰি আহি মানুহৰ কাণত পৰিছিলহি। ত্ৰাস আৰু ভয়-শংকাময় এক পৰিৱেশ ।

অসম আন্দোলনৰ মোৰ নিজা যি অনুভৱ সেয়া মই জানো । কিন্তু এজন অনা অসমীয়াৰ পৰা এই প্ৰথম জানিলো তেওঁলোকে সেই সময়ত কেনেধৰণৰ অসুবিধাৰ সম্মুখীন হৈছিল ।

এনেদৰে দিনটো বহি বহি আমি বিভিন্ন কথা পাতিলো । তেওঁৰ জীৱনৰ উত্থান-পতন, জীৱনত অতিক্ৰম কৰি অহা অতি কঠিন সময় কি দৰে তেওঁ অতিক্ৰম কৰি আহিছে আমাৰ কথা বতৰাত এইবোৰ কথা ওলাল । অসমত সেইসময়ত বিৰাজ কৰা উত্তপ্ত পৰিস্থিতিৰ বাবে তেওঁ কাম কৰা কোম্পানীটোৱে অসমৰ পৰা কাৰ্যালয় উঠাই লৈ গৈছিল । ফলত তেওঁ কৰ্মহীন হৈ পৰিছিল । সেই অৱস্থাত উপায়হীন হৈ ল’ৰা-ছোৱালীসহ পৰিয়াল তেওঁৰ শশুৰৰ ঘৰত ৰাখিব লগা হৈছিল তেওঁ । কেইহাজাৰ মান সাঁচতীয়া টকাৰে চলিব লগা হৈছিল তেওঁলোক ।

যাত্ৰা কালত পথত বা ৰেলে-বাছে লগ পোৱা লোক তেতিয়াবা সদায় লগ পোৱা চিনাকি লোকতকৈ বেছি আপোন যেন হৈ পৰে । শেষলৈ মোৰ এনে অনুভৱ হ’ল যে এই মানুহ দুজন যেন মোৰ বহু দিনৰ চিনাকি । ৰাতি ৰেলৰ পৰা মোক যোগান ধৰা খাদ্যৰ লগত তেওঁলোকে নিজে খাবলৈ টিফিন বক্সত ভৰাই লগত লৈ যোৱা আমৰ আচাৰ, পুৰি, তিতা কেৰেলাৰ বৰ, আদি মোকো যাঁচিলে। মই নেলাগে বুলি কোৱাৰ পিছতো লগত নিয়া পুৰি আৰু আমৰ আচাৰ মহিলাগৰাকীয়ে জোৰ কৰি মোক খাবলৈ দিলে । মই ক’লো,” ৰেলৰ পৰা দিয়া এই ৰুটি কেইখনকে মই খাব নোৱাৰিম । আপোনালোকে দিয়া ৰুটি আচাৰ আদি খাওঁকেনেকৈ ? পেটতে নুজুৰিব ।” কিন্তু তেওঁলোকে মোক নিজ পুত্ৰৰ দৰে দেখুৱা মৰমক নেওচা দিব নোৱাৰি ৰেলৰ ৰুটি খাব নোৱাৰি এৰিলেও তেওঁলোকে দিয়া পুৰি আৰু আচাৰ খাব লগা হ’ল ।

ৰেলৰ সময় সূচী অনুসৰি আমাৰ ৰেল গোৰখপুৰ ষ্টেশ্চন পাবগৈ লাগে ৰাতি চাৰে এঘাৰ বা এঘাৰ পঞ্চল্লিছ বজাত । এই কথা মোৰ কেবিনৰ সহযাত্ৰী পুৰুষ-মহিলা হালে তেওঁলোকৰ জীয়েক-জোঁৱায়েকক ফোন কৰি জনাই থৈছিল । সেই অনুসৰি সময় আগবঢ়াৰ লগে লগে জীয়েক-জোঁৱায়েকে ফোনত খবৰ লৈ থাকিল-তেওঁলোক কোন ঠাই আহি পাইছে জানিবলৈ । পিছদিনা পুৱা পাঁচ বাজি পাঁচ মিনিটত মইও লক্ষ্নৌ গৈ পোৱাৰ কথা । নিশাটোহে বাকী আছে ।

টোপনি ধৰিছে যদিও শুবলৈ মন যোৱা নাই । কাৰণ শুই থাকোতে যদি তেওঁলোক নামি যায়, তেওঁলোকক মাত এষাৰ দিব নোৱাৰিম মই । এইটো মোৰ ফালৰ পৰা বৰ অভদ্ৰ আচৰণ হ’ব । তথাপি অলপ চিলমিলকৈ টোপনি আহিছিল । এটা ষ্টেশ্চন আহি পোৱাত মই সাৰ পাই গ’লো । মানুহজনে দুৱাৰ মুখলৈ গৈ চাই আহিল কোন ষ্টেশ্চন আহি পালে । ইতিমধ্যে বেগ-চেগবোৰ সামৰি গোৰখপুৰ আহি পালেই নামিব পৰাকৈ তেওঁলোক সাজো হৈ থাকিল । প্ৰতিটো ষ্টেশ্চন আহি পালেই মানুহজন কেবিনৰ পৰা দুৱাৰ মুখলৈ ওলাই যায় কোন ষ্টেশ্চন জানিবলৈ । ৰাতিৰ আন্ধাৰত তেওঁলোকেও ধৰিব পৰা নাই কোন ঠাই পাইছেহি । গতিকে মইও তেওঁলোকৰ লগতে সাৰে থাকিব লগা হ’ল ।

এনেদৰে ৰাতি এঘাৰ বাজিল । ইতিমধ্যে জীয়েক-জোৱায়েকহঁত আহি ৰেল ষ্টেশ্চনত ৰৈ আছেহি বুলি ফোনতে জনালে । চাৰে এঘাৰ বাজিল । বাৰ বাজিল । এক বাজিল । গোৰখপুৰ নেপাওঁহিহে নেপাওঁহি ।

গোৰখপুৰ ষ্টেশ্চন আহি পোৱাৰ কেইবাটাও ষ্টেশ্চনৰ আগতেই আমি দুৱাৰ মুখত আহি ৰৈ আছোহি । দুৱাৰ মুখত ৰৈ থাকোতেই গোৰখপুৰত নামিব লগা আন এজন মানুহৰ লগতো চিনাকি হ’লো । তেওঁ অৰুণাচলৰ বৰডোমচা নে তেনেকুৱা ঠাই এডোখৰতে শিক্ষকতাৰ চাকৰি কৰে । মিলিটেৰী চাকৰি এৰি আহি তেওঁ শিক্ষকৰ চাকৰি বাচি লৈছে ।

শেষত যেতিয়া ৰেল আহি গোৰখপুৰ ষ্টেশ্চনৰ প্লেটফৰ্মত সোমালহি তেতিয়া সময় পুৱতি নিশা দুই বাজিছে । যিকি নহওক নিশা দুই বজাত তেওঁলোক গোৰখপুৰ ষ্টেশ্চনত নামি গ’ল । মই তেওঁলোকৰ বেগ এটা ৰেলৰ পৰা প্লেটফৰ্মত নমাই সহায় কৰিলো আৰু প্লেটফৰ্মলৈ নামি গৈ তেওঁলোকক বিদায় জনালো । মহিলা গৰাকীয়ে মোক আৰ্শীবাদ দিলে যাতে মই সুকলমে নেপালৰ পৰা ওভতি আহিব পাৰোঁ ।

তেওঁলোকক বিদায় দি কেবিনলৈ ওভতি আহিলো । এনে অনুভৱ হ’ল যেন মই মোৰ মা-দেউতাকহে এৰি আহিলো । কেবিনটো উকা উকা অনুভৱ হ’ল । মই শুবলৈ চেষ্টা কৰিলো । কিন্তু ৰাতি পুৱাবলৈ তেতিয়া বেছি সময় নাছিল । টোপনি গ’লে মই যদি নিজৰ নামিব লগা ষ্টেশ্চন পাৰ হৈ যাওঁ– এই ভাবি ওপৰৰ পৰা তললৈ নামি আহি খিৰিকিৰে বাহিৰলৈ চাই বহি ৰ’লো ।
আগলৈ …..

Nipun Sonowal

লেঞ্চৰ মাজেদি বিশেষকৈ প্ৰাকৃতিক ফটোগ্ৰাফিৰ যোগেদি পৃথিৱীখন আৱদ্ধ কৰাৰ প্ৰতি ৰাপ থকা মই এজন এডভেঞ্চাৰ ৰাইডাৰ । ভ্ৰমণে মোৰ উৎসাহক অনুপ্ৰাণিত কৰে । মই সদায় নতুন দিগন্তৰ সন্ধান কৰি আৰু বাহিৰৰ সৌন্দৰ্য্য ভগাই ভাল পাওঁ ।

প্ৰত্যুত্তৰ দিয়ক