A rider riding a bike on a hanging bridge

নেপাল ৰাইডিঙৰ অবিষ্মৰণীয় অভিজ্ঞতা (প্ৰথম খণ্ড): বাইচাইকেলৰ পৰা দু:সাহসিক ৰয়েল এনফিল্ড ৰাইডাৰলৈ

A rider riding a bike on a hanging bridge
Photo by Rajesh Dhawan, Delhi(Karnali Bridge,Nepal)

নেপাল ৰাইডিঙৰ অবিষ্মৰণীয় অভিজ্ঞতা (প্ৰথম খণ্ড): বাইচাইকেলৰ পৰা দু:সাহসিক ৰয়েল এনফিল্ড ৰাইডাৰলৈ

যাত্ৰাৰ পৃটভূমি

এইটো আছিল মোৰ জীৱনৰ প্ৰথম ৰাইড । ৰাইডাৰ হোৱাৰ সপোন মোৰ কেতিয়াও নাছিল । এক আকস্মিক ঘটনাৰ সংযোগত মই ৰাইডাৰলৈ ৰূপান্তৰ হৈছিলো । ৰাইডাৰ হোৱাটো দূৰৰ কথা বাইক এখন কিনাৰ কথাও মই ভবা নাছিলো । আমোদজনক কথাটো হ’ল পাঁছ শ চিচিৰ মোৰ ৰয়েল এনফিল্ডৰ বাইকখন কিনাৰ আগলৈকে মই এখন চাইকেল চলাইহে ইফালে সিফালে অহা-যোৱা কৰিছিলো।

নেপাল ৰাইডিঙত যোৱাৰ আগলৈকে অকলশৰে মই কেতিয়াও অসমৰ বাহিৰলৈ বিশেষকৈ উত্তৰপূৱৰ বাহিৰলৈ গৈ পোৱা নাছিলো ।
আচলতে মই অসমৰ বাহিৰলৈ এবাৰেই গৈছিলো সেইটো আছিল ১৯৯০ চনৰ অক্টোবৰ মাহত স্কুলৰ পৰা যোৱা শিক্ষামূলক ভ্ৰমণত । সেইবাৰ আমি পশ্চিমবংগৰ দাৰ্জিলিঙলৈ গৈছিলো । সেইটোৱেই আছিল মোৰ অসমৰ বাহিৰৰ ভ্ৰমণৰ অভিজ্ঞতা । অৱশ্যে অৰুণাচলৰ ইটানগৰলৈ মই ১৯৯৯ চনৰ ডিচেম্বৰ মাহত এবাৰ গৈছিলো বেংকিং সেৱাৰ এটা পৰীক্ষা দিবলৈ । গতিকে ভ্ৰমণ কৰাৰ অভিজ্ঞতা আছিল মোৰ তেনেই সীমিত ।

সেয়েহে নেপাল ৰাইডিংটো আছিল মোৰ বাবে কেইবাটাও দিশত প্ৰথম । এইটো আছিল জীৱনৰ প্ৰথম ৰাইড,প্ৰথম অসমৰ বাহিৰলৈ অকলশৰে যোৱা,প্ৰথম ৰেলৰ প্ৰথম শ্ৰেণীত ভ্ৰমণ,প্ৰথম ৰেলেৰে বাইক এঠাইৰ পৰা আন এঠাইলৈ নিয়া, প্ৰথম বিদেশ ভ্ৰমণ আৰু প্ৰথম বাৰ এৰোপ্লেইনত উঠা । থ্ৰি ষ্টাৰ হোটেলত থকাটোও যদি ধৰা হয় তেন্তে সেইটোও আছিল মোৰ বাবে এক প্ৰথম অভিজ্ঞতা । এনেধৰণে জীৱনৰ কেইবাটাও প্ৰথম অভিজ্ঞতাই মোৰ নেপাল ৰাইডিংটো আকৰ্ষণীয় আৰু উত্তেজনাপূৰ্ণ কৰি তুলিছিল যাৰ স্মৃতি আজিও মোৰ মালস পঁটত সজীৱ হৈ আছে ।

নেপালৰ পৰা ওভতি অহাৰ পিছত দুই এজন লোকে মোক সুধিছিল যে বাইক চলাই মোৰ আমনি লাগিল নে নাই । তেনেকৈ এজন লোকৰ মন্তব্য শুনিবলৈ পাইছিলো যে বাইক চলোৱাৰ হেঁপাহতহে হেনো মই ইমান দূৰ বাইক চলাবলৈ গৈছিলো ।

এই কথা যদি কোৱা হয় যে খোজ কঢ়াৰ হেঁপাহতহে পৰ্বতাৰোহীয়ে পৰ্বত বগাবলৈ যায় । নিশ্চয় পৰ্বতাৰোহী এজনৰ সক্ষমতা আৰু তেওঁৰ মহান উদ্দেশ্যক অপমান কৰা হ’ব। লাখ লাখ টকা খৰচ কৰি মৃত্যুৰ সৈতে খেলা খেলি জীৱনক বাজি লগাই এজন পৰ্বতাৰোহীয়ে নিশ্চয় খোজ কঢ়াৰ হেঁপাহ পূৰণ কৰিবৰ বাবেই পৰ্বত বগাবলৈ নেযায় ! ঠিক সেইদৰে যিকোনো দূসাহসিক কৰ্ম কৰি ভাল পোৱা লোকে সেই কাম কৰি ভাল পায় বাবেই সেই দূ়সাহসিক কৰ্ম কৰে তেনে নহয় । প্ৰতিটো দূসাহসিক কৰ্মৰ সৈতে জড়িত হৈ থাকে এক প্ৰত্যাহ্বান । এই প্ৰত্যাহ্বান আন কাৰো প্ৰতি নহয় । ই হৈছে নিজৰ সৈতে মুখা-মুখী হোৱাৰ প্ৰত্যাহ্বান । এই প্ৰত্যাহ্বানৰ বাবেই দূসাহসিক কৰ্ম কৰি ভাল পোৱা লোকে তেনে কৰ্ম কৰিবলৈ আগুৱাই যায় ।

দীৰ্ঘ দূৰত্বৰ বাইক চলাবলৈ যোৱা লোকৰ মনতো ঠিক এই একে ধৰণৰ মানসিকতাই ক্ৰিয়া কৰি তেওঁলোকক এই কৰ্মৰ বাবে উদ্বোদ্ধ কৰি তোলে । বাইক চলোৱাৰ হেঁপাহৰ বাবে তেওঁলোকে বাইক চলাবলৈ নেযায় । কেৱল হেঁপাহ পলোৱাবৰ বাবেই বাইক চলাবলৈ হাজাৰ কিলোমিটাৰ দূৰলৈ যোৱাৰ কোনো প্ৰয়োজন নাই । ৰাইডিঙত যাওঁতে যিবোৰ নতুন ঠাই দেখাৰ সৌভাগ্য হয়,যিবোৰ নতুন মানুহ আৰু সংস্কৃতিৰ সৈতে পৰিচয় হোৱাৰ সুযোগ পোৱা যায় সেই অভিজ্ঞতা আৰু অনুভৱক কেৱল বাইক চলোৱাৰ হেঁপাহৰ কথা কৈ আওকাণ কৰিব নোৱাৰি ।

২০০০ চনত মোৰ দাদাই য়ামাহাৰ YBX মডেলৰ এখন বাইক কিনিছিল । সেইখন আছিল আমাৰ ঘৰৰ প্ৰথমখন বাইক । বাইখন মই যথেষ্ট চলালো । এক কথাত বাইক মোৰ বাবে এটা আমনি লগা বস্তুলৈ পৰিণত হৈছিল । তেন্তে কিয় মই ৰয়েল এনফিল্ডৰ বাইকখন কিনিলো ! এই কথা জানিবৰ বাবে কিছুদিন পিছলৈ ওভতি যাব লাগিব ।

২০১৫ চনৰ জুলাই মাহত মাজুলীৰ পৰা মই যেতিয়া কৰ্মসূত্ৰে ট্ৰে়ঞ্চফাৰ হৈ গোলাঘাটলৈ আহিলো, ঘৰৰ পৰা ৰাজহুৱা গাড়ীৰে অফিচলৈ অহা-যোৱা কৰাৰ বাদে মোৰ আন উপায় নাছিল । মোৰ ঘৰুৱা ঠাই বৰহোলাৰ পৰা গোলাঘাটলৈ চলা ৰাজহুৱা গাড়ী মানে টাটা মেজিক ভেন । মেজিক ভেনত যাত্ৰা কৰাৰ অভিজ্ঞতা যাৰ আছে তেওঁক এই অভিজ্ঞতাৰ বিষয়ে বহলাই কোৱাৰ প্ৰয়োজন নাই । মুঠতে চমুকৈ ইয়াকে ক’ব পাৰি যে মেজিক ভেনত যাত্ৰা কৰা লোক এজনৰ বেলেগকৈ আৰু যোগ ব্যায়াম আদি কৰাৰ প্ৰয়োজন নাই । মেজিক ভেনত ভ্ৰমণ কৰোতেই এই আটাইবোৰ কৰা হৈ যায় বুলিব পাৰি । কেতিয়াবা ভৰিটো কোঁচাই,কেতিয়াবা মূৰটো বেঁকা কৰি পিছলৈ হলাই ,ইত্যাদি ইত্যাদি বিভিন্ন ভংগীমাত যিটো ছীটত বহিব লাগে এজন, সেই ছীটত কেতিয়াবা দুজন কেতিয়াবা তিনিজন বহি কামলৈ অহা-যোৱা কৰি মোৰ তিতা-কেঁহা লাগিবলৈ ধৰিলে । থেপা-থেপিকৈ সৰহ মানুহৰ মাজত মেজিক নামৰ গাড়ী সদৃশ লো আৰু টিনৰ বাকচ এটাৰ ভিতৰত সুমাই আহি ঘৰত সদায় মই মূৰৰ বিষত ভূগিবলৈ ধৰিলো ।

গতিকে বাইক এখন কিনাৰ কথা মনে মনে চিন্তা কৰিবলৈ ধৰিলো । কিন্তু সিদ্ধান্ত কৰিব পৰা নাই কি বাইক কিনিম ! এখনো বাইক মোৰ পচন্দ নহয় । কিবা পুতলাৰ দৰে বাইকবোৰ । হাততো জমা ধন নাই ।

Naivedyanandan Sonowal

লেঞ্চৰ মাজেদি বিশেষকৈ প্ৰাকৃতিক ফটোগ্ৰাফিৰ যোগেদি পৃথিৱীখন আৱদ্ধ কৰাৰ প্ৰতি ৰাপ থকা মই এজন এডভেঞ্চাৰ ৰাইডাৰ । ভ্ৰমণে মোৰ উৎসাহক অনুপ্ৰাণিত কৰে । মই সদায় নতুন দিগন্তৰ সন্ধান কৰি আৰু বাহিৰৰ সৌন্দৰ্য্য ভগাই ভাল পাওঁ ।

প্ৰত্যুত্তৰ দিয়ক