A rider with a Royal Enfield bike as seen from the front

নেপাল ৰাইডিঙৰ অবিষ্মৰণীয় অভিজ্ঞতা(দ্বিতীয় খণ্ড): ৰয়েল এলফিল্ডৰ সন্ধানত ট্ৰেক্টৰ ডীলাৰত

A rider with a Royal Enfield bike as seen from the front

নেপাল ৰাইডিঙৰ অবিষ্মৰণীয় অভিজ্ঞতা(দ্বিতীয় খণ্ড): ৰয়েল এলফিল্ডৰ সন্ধানত ট্ৰেক্টৰ ডীলাৰত

এটকা ডাউন পেমেণ্টত বাইক

বাইক এখন কিনিম বুলি ভবাৰ কথা গম পাই লগৰ চিনাকি দুই-এজনে পৰামৰ্শ দিবলৈ ধৰিলে অমুকখন কিনক,তমুকখন কিনক বুলি । এদিন বাতৰি কাকত এখনত বিজ্ঞাপন এটা পালো যে এটকা ডাউন পেমেন্ট দি হোন্ডাৰ “শ্চাইন” বাইক খন কিনিব পাৰি । মনত সাহস এটা পালোঁ । গ’লো গোলাঘাট বেঙেনাখোৱাত থকা হোণ্ডাৰ বাইকৰ ডীলাৰলৈ অফিচৰে এজনক লগত লৈ । তাত গৈ জানিব পাৰিলো যে পুৰণা মডেলটোতহে এই অফাৰ দি আছে । নতুনটোত নহয় । নতুন মডেলত যদি দিয়ে কিনিম নহ’লে নিকিনো বুলি ডিলাৰৰ পৰা ওলাই আহিলো ।

ডীলাৰৰ পৰা মোলৈ ফোনৰ ওপৰি ফোন আহি থাকিল । তেনেতে এদিন মোৰ ঘৰৰ কাষৰে ভাইতি এজনে পৰামৰ্শ আগবঢ়াই মোক ক’লে,” ৰয়েল এনফিল্ডৰ বাইক এখনকে কিনক নহ’লে ।” মই বোলো–মোৰ দৰে ক্ষীণ-মীন মানুহ এটাই ৰয়েল এনফিল্ডৰ বাইক এখন চলাই ফুৰা দেখিলে মানুহ হাঁহি হাঁহি মৰিব । মোৰ উচ্চতা পাঁচ ফুট পাঁচ ইঞ্চি । কিন্তু ওজন প্ৰায় পঁঞ্চাচ কেজি হওঁ কি নহওঁ । তাৰ যুক্তি হ’ল মোতকৈ ক্ষীণ মানুহে ৰয়েল এনফিল্ডৰ বাইক চলাইছে ।

এদিন ৰয়েল এনফিল্ডৰ যোৰহাটৰ ডীলাৰলৈ বুলি ওলালো । তাৰ আগলৈকে ৰয়েল এনফিল্ডৰ বাইক কিনাৰ কথা সপোনতো যিহেতু ভবা নাাছিলো গতিকে যোৰহাটৰ ৰয়েল এনফিল্ডৰ ডীলাৰটো কোন ঠাইত আছে সেই কথা জানিবলৈও ইচ্ছা কৰা নাছিলো । গতিকে মই ৰয়েল এনফিল্ডৰ ডীলাৰ বুলি ভাবি সোমালোগৈ ট্ৰেক্টৰ ডীলাৰ এটাত ।

বাইকখন কিনি আনিবৰ দিনা যেতিয়া আটাইবোৰ কাগজ পত্ৰত চহী আদি কৰি হ’ল, ডীলাৰৰ মানুহে মোক সুধিছে বাইকখন এতিয়া ঘৰলৈ চলাই নিব কোনে ! মোৰ চেহেৰা দেখিয়ে বুজিছে বাইকখন মই নিশ্চয় নিজলৈ কিনা নাই । গতিকে মোৰ দৰে ক্ষীণ মানুহ এটাই এই বিয়াগোম বাইকখন কেনেকৈ চলাই আনিম সেই কথালৈ ডীলাৰৰ মানুহৰো চিন্তা ।

এইদৰে এটকাৰ সাহসতে ৫০০ চিচি ইঞ্জিনৰ ৰয়েল এনফিল্ডৰ ডেজাৰ্ট ষ্টৰ্ম বাইকখন কিনা হ’ল, যি খনে জীৱনত কেতিয়াবা সফল কৰিম বুলি নভবা এক ইচ্ছা–নেপালৰ দুৰ্গম পৰ্বতীয়া ঠাই মুস্তাং,কোডাৰি আৰু বুদ্ধদেৱৰ জন্মস্থান লুম্বিনী দৰ্শন পূৰ কৰাবলৈ সুদূৰ নেপাললৈ মোক লৈ গ’ল ।

বাইকখন কিনি ঘৰলৈ অনাৰ পিছত মোৰ মনটো এক প্ৰকাৰ হতাশাই আৱৰি ধৰিলে । হতাশাৰ কাৰণ বাইকখনৰ ওজন । বাইকখনৰ ওজনটো মোৰ বাবে জোখৰ নহয় যেন অনুভৱ হ’বলৈ ধৰিলে । সুদা বাইকখনৰ ওজন আছিল ১৯৭ কেজি । সমুখৰ লেগ গাৰ্ডডাল লগোৱাৰ পিছত ইয়াৰ ওজন আৰু তিনি কেজিমান বাঢ়ি গৈছিল । ফুল টেংকি পেট্ৰোল ভৰালে আৰু অন্তত ১৩ কেজিমান ওজন বাঢ়ি যায় । গতিকে বাইকখনৰ ওজন দুই কুইণ্টলৰ ওপৰ হয়গৈ ।

প্ৰথম কেইদিন বাইকখন লৰ-চৰ কৰিলেই ফুপনি ধৰে । সাংঘাটিক ভাগৰ অনুভৱ কৰিবলৈ ধৰিলো । আচলতে বাইক কিনাৰ আগদিনালৈকে চাইকেল চলাই ফুৰা মানুহ এটাই হঠাৎ দুই কুইণ্টল ওজনৰ বাইক এখন চলাবলৈ ল’লে ওজন অনুভৱ কৰাটো স্বাভাৱিক কথা । আন এটা সমস্যা হ’ল মোৰ সোঁহাতৰ কিছু নাৰ্ভৰ সমস্যা আছে । কিছু দূৰ বাইক চলালে বাইকৰ এক্সিলেটৰ ডাল ধৰি থকা সোঁহাতৰ কিলাকুটিত বিষ এটাই টন টনাবলৈ ধৰে । গতিকে মনতে সিদ্ধান্ত লৈছিলো যে যি হ’ল হ’ল আৰু । বাইক কিনাৰ হেঁপাহটো পূৰ হ’ল । এতিয়া কোনোবা এজন ভাইতিক বাইকখন দি দিম ।

ইয়াৰ মাজতে গোলাঘাটৰ অফিচলৈ অহা যোৱা কৰা চলি থাকিল,যিটো মোৰ ঘৰ বৰহোলাৰ পৰা ২৩ কিলোমিটাৰ । বৰহোলাৰ পৰা মাৰ্ঘেৰিটা-লিডুলৈ দুবাৰমান গ’লো বাইকখন লৈ । এবাৰ বৰহোলাৰ পৰা নামৰূপলৈ গৈ একেদিনাই ঘূৰি আহিলো ।
এই ৰাইদিংবোৰৰ ফলত বাইকখনৰ ওজন আৰু ইয়াক হেন্দল কৰাটো মোৰ বাবে কিছু সহজ হৈ পৰিছিল।

নেপাল ৰাইডিঙৰ উকমুকনি

২০১৮ চনৰ ফেব্ৰুৱাৰী নে মাৰ্চ মাহত এদিন ফেইচ বুকত এটা এডভাৰ্টাইজ পালো নেপাল ট্যুৰৰ বিষয়ে। এডভাৰ্টাইজটো আছিল ৰয়েল এনফিল্ডৰ । ৰেজিষ্ট্ৰেচন ফি ২৩০০০.০০টকা । তেইশ হেজাৰ টকা যোগাৰ কৰিব পাৰিম নে নোৱাৰিম চিন্তা কৰিলো । মই ভাবিছিলো ধন যোগাৰ হ’লেই ৰাইডিঙত যাব পাৰিম । পাছতহে গম পাইছিলো ধনৰ বাদেও আৰু বহু কিবা কিবি প্ৰয়োজন ৰাইদিঙত যাবৰ বাবে ।

ট্যুৰটো আৰম্ভ হ’ব লগা আছিল ২০১৮ চনৰ ১৪ এপ্ৰিলত উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ পৰা । লক্ষ্ণৌলৈ মোৰ ঘৰৰ পৰা ১৭০০ কিলোমিটাৰ দূৰ ।

প্ৰথমে মাত্ৰ সাধাৰণ অনুসন্ধিৎসা । লাহে লাহে কথাটোয়ে মনত গভীৰ ভাৱে ক্ৰিয়া কৰিব ধৰিলে । তলে তলে কোনেও গম নোপোৱাকৈ মই মানসিক ভাৱে প্ৰস্তুতি চলাব ধৰিলো । আনকি ঘৰৰ কোনেও মোৰ এই প্ৰস্তুতিৰ কথা শেষ মুহূৰ্তলৈকে জনা নাছিল ।

সৰু কালৰে পৰা হিমালয় পৰ্বতৰ ৰহস্যময় কাহিনীবোৰ শুনি হিমালয়ৰ প্ৰতি আকৰ্ষণ এটা আছিল । কিন্তু হিমালয় পৰ্বতত যে বাইক চলাবলৈ সুবিধা পাম কল্পনাও কৰা নাছিলো।

এদিন চল চাই মাৰ আগত ভয়ে ভয়ে কথাটো উলিয়ালো । ভয় জানোচা একেষাৰে মানা কৰি দিয়ে । মই জানো মই কিবা কৰিবলৈ ইচ্ছা কৰিলে মাই বাধা নিদিয়ে । কিন্তু যদি না বুলি কয় তেন্তে মোৰ আশাত চেঁচা পানী পৰিব । কাৰণ মাৰ বাধা নেওচি যোৱাটো উচিত নহ’ব । কথাষাৰ জনাৰ পিছত মাই না বুলি নক’লে যদিও মই অকলে যাম বুলি জানি পোনে পোনে সন্মতি নিদিলে । মাই সুধিলে,” অকলে কেনেকৈ যাবি ইমান দূৰলৈ ?”

মই যিহেতো এবাৰো এনেদৰে অসমৰ বাহিৰলৈ যোৱা নাই সেয়ে ক’ৰবাত বিপদত পৰো বুলি মাৰ চিন্তা । কিন্তু মাইও জানিছিল যে মই এটা সিদ্ধান্ত লৈছো যেতিয়া মই যামেই । সেই বাবে মাৰ চিন্তা কৰাৰ যুক্তিও আছে ।

ট্যুৰত যাম বুলি সিদ্ধান্ত লোৱাৰ পিছৰে পৰা দিনত মনটো ডাঠ হৈ থাকিলেও ৰাতি দুৰ্বল হৈ পৰে । ৰাতি টোপনিৰ পৰা সাৰ পালে ট্যুৰত যোৱাৰ বিষয়টো মনলৈ আহি যায় আৰু কিছুমান দুৰ্বল চিন্তাটো মনটো আৱৰি ধৰে । মনলৈ হতাশ ভাব আহে । নিজে ভাবোঁ মইনো কিয় এনেকৈ যাবলৈ ওলাইছো । মিছা-মিছি টকাবোৰহে নষ্ট হ’ব । কিন্তু দিনত মনটো পুনৰ ওলোটা হৈ পৰে ।

যিকোনো এডভেঞ্চাৰৰ বাবে কৰা প্ৰস্তুতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ হৈছে মানসিক প্ৰস্তুতি । বিশেষকৈ অকলশৰে প্ৰথম বাৰৰ বাবে ওলোৱা যাত্ৰাৰ ক্ষেত্ৰত মানসিক জোৰৰ ওপৰত বহু কথা নিৰ্ভৰ কৰে । বিভিন্ন অচিন পৰিৱেশ, অচিন লোক ,অচিন বায়ু-পানী-খাদ্য আদিৰ লগত নিজকে খাপ খোৱাই ল’বলৈ নিজক মানসিক ভাৱে প্ৰস্তুত কৰিব লগা হয় । ঘৰৰ ভাত খাই, ঘৰৰ চিনাকি বিছনা খনত ৰাতি শুই সদায় অফিচলৈ অহা-যোৱা কৰা চিনাকি ৰাষ্টাত বাইক চলোৱাৰ দৰে সাধাৰণ কথা নহয় লং ৰাইদিং । বাইকখন আছে তেল ভৰাই চলালেই হ’ল বুলি যদি বাইক খন লৈ ভুটুংকৈ লং ৰাইদিঙত ওলাই যোৱা হয় ডাঙৰ ভূল কৰা হ’ব ।

প্ৰথম খণ্ড পঢ়িবলৈ ক্লিক কৰক তৃতীয় খণ্ড পঢ়িবলৈ ক্লিক কৰক

Naivedyanandan Sonowal

লেঞ্চৰ মাজেদি বিশেষকৈ প্ৰাকৃতিক ফটোগ্ৰাফিৰ যোগেদি পৃথিৱীখন আৱদ্ধ কৰাৰ প্ৰতি ৰাপ থকা মই এজন এডভেঞ্চাৰ ৰাইডাৰ । ভ্ৰমণে মোৰ উৎসাহক অনুপ্ৰাণিত কৰে । মই সদায় নতুন দিগন্তৰ সন্ধান কৰি আৰু বাহিৰৰ সৌন্দৰ্য্য ভগাই ভাল পাওঁ ।

This Post Has 2 Comments

প্ৰত্যুত্তৰ দিয়ক