মুক্ত পথ আৰু অন্তহীন দুঃসাহসিক অভিযানৰ বাবে দুৰ্বাৰ বাসনাক ইন্ধন যোগোৱা AdvenRide লৈ আপোনাক স্বাগতম !
ৰোমাঞ্চকৰ যাত্ৰা প্ৰতি থকা মোৰ তীব্ৰ আকৰ্ষণ, বিভিন্ন ঠাইৰ সৌন্দৰ্য্য আৰু মানুহৰ নানা ৰঙী সংস্কৃতিৰ প্ৰতি থকা মোৰ দুৰ্বলতাৰ পৰা জন্ম লোৱা ভ্ৰমণ সম্প্ৰদায় এডভেনৰাইড(AdvenRide)ত আপোনাক পাই মই ৰোমাঞ্চিত অনুভৱ কৰিছো। ৰাইদিঙৰ প্ৰতি দুৰ্বাৰ আকৰ্ষণ থকা এজন ৰাইডাৰ হিচাপে কেৱল একক দুঃসাহসিক অভিযানতেই নহয়, গ্ৰুপ ৰাইডিঙতো মই আনন্দ পাওঁ। পাহাৰীয়া অকুৱা-পকুৱা পথেৰে হওক, বৈ থকা পাহাৰীয়া খৰস্ৰোতা নদীৰ পাৰে পাৰে হওক, বা ডাঠ হাবিৰে ভৰা গভীৰ অৰণ্য বা ঢৌ খেলি থকা বিশাল সাগৰৰ উপকুলীয় পথেৰে হওক,মোৰ প্ৰতিটো ৰাইড আপোনালোকৰ সতে শ্বেয়াৰ হ’বলৈ অপেক্ষা কৰি থকা এক অবিস্মৰণীয় কাহিনী ৷

মোৰ যাত্ৰা, আপোনাৰ প্ৰেৰণা

মোৰ বাবে ভ্ৰমণেই হৈছে চূড়ান্ত সজীৱতা। মোৰ ভ্ৰমণৰ অভিজ্ঞতা,কাহিনী,আৰু এই বিশেষ মুহূৰ্তবোৰ ধৰি ৰখা ফটোসমূহ শ্বেয়াৰ কৰিবলৈ এটা স্থান হিচাপে মই এডভেনৰাইড সৃষ্টি কৰিছো। ইয়াত লিখা প্ৰতিটো কাহিনী আনক নিজৰ যাত্ৰা বিচাৰি উলিওৱাত অনুপ্ৰাণিত কৰিবলৈ বা মোৰ অভিজ্ঞতা নিজৰ অভিজ্ঞতাৰ দৰে উপভোগ কৰিবলৈ ৰচনা কৰা হৈছে। মই বিশ্বাস কৰোঁ যে প্ৰতিটো ভ্ৰমণ কাহিনীৰ কাৰোবাৰ মনত কৌতুহল জগাই তুলিব পৰা বা ব্যক্তিগতভাৱে সেইবোৰ ঠাইত উপস্থিত হ’ব নোৱাৰাসকলৰ মাজলৈ পৃথিৱীৰ সৌন্দৰ্য্য কঢ়িয়াই নিয়াৰ শক্তি থাকে ।

AdvenRide এ কি যাঁচে

AdvenRideত, আপুনি পাব গাইড,টিপছ আৰু পঢ়িবলৈ পাব এক বিশাল পৰিসৰ জোৰা ভ্ৰমণ কাহিনী । আপুনি এজন অভিজ্ঞ ৰাইডাৰ হওক বা দুঃসাহসিক অভিযানত নতুন হওক বা সাধাৰণ পঢ়ুৱৈ, ইয়াত আপনি পাব সকলোৰে কামত আহিব পৰা যাত্ৰাৰ বাবে প্ৰয়োজনীয় ভিতৰুৱা টিপছ । দূৰৈৰ পাহাৰত সময় কটোৱাৰ পৰা আৰম্ভ কৰি নিৰিবিলি সাগৰৰ পাৰৰ যাত্ৰালৈকে,মোৰ মিছন হৈছে আপোনাৰ নিজৰ অবিস্মৰণীয় যাত্ৰাৰ পৰিকল্পনা কৰাত সহায় কৰাৰ লগতে আমাৰ পৃথিৱীৰ অবিশ্বাস্য বৈচিত্ৰ্য সমূহ প্ৰদৰ্শন কৰা ।

একেলগে ৰাইড কৰোঁ আহক ৷

আমাৰ কাহিনীবোৰৰ গভীৰতাত ডুব যাওক,ভীষণভাবে প্ৰেৰণাদায়ক ভ্ৰমণৰ ফটোসমূহ অন্বেষণ কৰক, আৰু দুচকীয়া বাহনত নতুন ঠাই আৱিষ্কাৰ কৰিবলৈ অনুপ্ৰাণিত হওক। পথক ভাল পোৱা, দুঃসাহসিক কৰ্মত ৰোমাঞ্চ অনুভৱ কৰা, আৰু বাটত লগপোৱা বিভিন্ন লোকৰ সৈতে কৰা আন্তৰিক সম্পৰ্ক স্থাপনৰ অংশীদাৰ আমাৰ এক্সপ্ল’ৰাৰ সম্প্ৰদায়ত যোগদান কৰক ।
AdvenRide ত যোগদান কৰক – য’ত প্ৰতিটো যাত্ৰা আৰম্ভ হয় দুঃসাহসিক কৰ্মৰ প্ৰতি মনত বৈ ফুৰা এক ফিৰিঙতি আৰু ৰাইডৰ প্ৰতি থকা ৰাপৰ বাবে ।