2025 চনৰ এপ্ৰিল-মে নে জুন-জুলাইত সন্দিপ কুটৱালে এদিন ফোন কৰি মোক জনাইছিল যে তেওঁ পুনৰ অসমলৈ আহিব । নৱেম্বৰ মাহত অৰুণাচল প্ৰদেশত হ’ব লগা নৰ্থ ইষ্ট ৰাইদাৰ্চ মিট(NERM)ত যোগ দিবলৈ তেওঁ আহিব । গতিকে আমি পুনৰ এবাৰ লগ পাব পাৰোঁ ।
কোনো ৰাইদিং ক্লাব বা ৰাইদাৰ্চ মিট আদিত যোগ দিয়াৰ মোৰ তেনে বিশেষ ৰাপ বা আগ্ৰহ নাই । আচলতে মই এজন বাই চাঞ্চ ৰাইদাৰলৈ ৰূপান্তৰ হোৱা মানুহ । কৰ্ম ক্ষেত্ৰলৈ অহা-যোৱা কৰিবলৈ মই ৰয়েল এন ফিল্ডৰ বাইক খন কিনিছিলো । এই বিষয়ে মই মোৰ নেপাল ৰাইদিঙৰ ওপৰত লিখা লেখনিত বিস্তাৰিত ভাবে উল্লেখ কৰিছো । নিসংগতা প্ৰিয় বুলিও ক’ব নোৱাৰি কিন্তু সৰুৰে পৰা মোৰ স্বভাৱতো এনে ধৰণৰ যে বৰ বেছি বন্ধু-বান্ধৱ মোৰ নাই । ফলত মোৰ পৰিছিত ৰাইদাৰ বন্ধুৰ সংখ্যা অতি কম । যি দুই এজন আছে তেওঁলোকৰ মুখতো নৰ্থ ইষ্ট ৰাইদাৰ্চ মিটৰ বিষয়ে কেতিয়াও একো শুনা নাই । এক কথাত তিনিবছৰৰ পূৰ্বে সন্দিপ কুটৱাল নৰ্থ ইষ্ট ৰাইদাৰ্চ মিটত যোগ দিবলৈ অহাৰ আগলৈকে মই নৰ্থ ইষ্ট ৰাইদাৰ্চ মিট(NERM)ৰ বিষয়ে অজ্ঞ আছিলো ।
সন্দিপে মোক সুধিলে মইও নৰ্থ ইষ্ট ৰাইদাৰ্চ মিটত যোগ দিম নেকি ! অৱশ্যে তেতিয়ালৈ ৰেজিষ্ট্ৰেচন বন্ধ হৈ গৈছে । পুনৰ যদি খোলে তেওঁ মোক জনাব বুলি কলে ।
মহাৰাষ্ট্ৰৰ পুণেৰ সন্দিপ কুটৱালক মই প্ৰথম লগ পাইছিলো 2018 চনৰ এপ্ৰিল মাহত ৰয়েল এনফিল্ডৰ দ্বাৰা আয়োজিত নেপাল ৰাইদত । নেপালত লগ পাওঁতে তেওঁ মোক জনাইছিল যে অসম তেওঁৰ বাবে দ্বিতীয় এখন ঘৰৰ দৰে । তেওঁৰ এই কথাষাৰে মোৰ মনত তেওঁৰ প্ৰতি এক আপোন ভাৱ জগাই তুলিছিল । নেপাল ৰাইদিঙত আমি মুঠ 27জন ৰাইদাৰ আছিলো । কিন্তু কেৱল সন্দিপৰ বাদে বাকী সকল ৰাইদাৰৰ লগত মোৰ সংযোগ প্ৰায় নোহোৱা হৈ গ’ল ।
যোৱা 2022 চনৰ নৱেম্বৰ মাহত সন্দিপ কুটৱাল আন এজন ৰাইদাৰ সহ মোৰ ঘৰত এৰাতিৰ বাবে আলহীও হৈছিল । সেইবাৰ আমি পাংচাউ পাছলৈ ৰাইদিং কৰিছিলো । সেই বছৰৰে ডিচেম্বৰ মাহত তেওঁ পুনৰ অসমলৈ আহিছিল শ্চিলঙত অনুষ্ঠিত হোৱা BOBMC(Brotherhood of Bulleteers Motorcycling Consortium)ত যোগ দিবলৈ । তেওঁৰ লগত মইও সেইবাৰ প্ৰথমবাৰৰ বাবে BOBMCত যোগ দিছিলো ।
মই আশা কৰি থাকিলো যে তেওঁ হয়তো মোক NERMৰ পুনৰ ৰেজিষ্ট্ৰেচন খুলিলে জনাব । অৱশ্যে মইও এই বিষয়ে তেওঁৰ লগত একো যোগা-যোগ কৰা নাছিলো । ইয়াৰ মাজৰ সময়ছোৱাত দেশত ঘটি যোৱা ঘটনা প্ৰবাহে আকৰ্ষণ কৰি ৰখা মোৰ মনোযোগ ,দৈনন্দিন কাম-কাজ আৰু ব্যক্তিগত ব্যস্ততাৰ মাজত নৰ্থ ইষ্ট ৰাইদাৰ্চ মিটৰ বিষয়ে মনত ঠাই পাবলৈ অৱসৰ নোহোৱা হ’ল । অৱশ্যে কেতিয়াবা দই-এদিন নেটত NERMৰ ৱেবচাইটত ভুমুকি মাৰিছিলো ৰেজিষ্ট্ৰেচন খুলিছে নেকি জানিবলৈ । কিন্তু তাত কেৱল ইতিমধ্যে ৰেজিষ্ট্ৰেচন কৰা ৰাইদাৰ সকলৰ নামৰ তালিকা খনহে চাব পৰা গৈছিল ।
নৱেম্বৰৰ আগে আগে অৰুণাচলৰ মেচুকাত ভাৰতীয় বায়ু সেনাৰ নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰি যুদ্ধ আখৰা চলাব বুলিও বাতৰিত শুনিলো । গতিকে মই ভাবি ল’লো এইবাৰ নৰ্থ ইষ্ট ৰাইদাৰ্চ মিট অনুষ্ঠিত হ’ব নে নাই নিশ্চয়তা নাই ।
নৱেম্বৰৰ প্ৰথম সপ্তাহ মানত সন্দিপে মোক ফোন কৰি জনালে যে তেওঁ নৰ্থ ইষ্ট ৰাইদাৰ্চ মিটত যোগ দিবলৈ আহি আছে । মইও তেওঁক লগ দিব পাৰিম নেকি সুধিলে । মই জনালো যে মোৰ ইচ্ছা আছিল কিন্তু মইতো ৰেজিষ্ট্ৰেচন কৰিব নোৱাৰিলো । তেওঁ জনালে যে নাগপুৰৰ তেওঁৰ এজন বন্ধুৱে ৰেজিষ্ট্ৰেচন কৰিছিল যদিও ঘৰুৱা অসুবিধাৰ বাবে নৰ্থ ইষ্ট ৰাইদাৰ্চ মিটত যোগ দিব নোৱাৰে । গতিকে ইচ্ছা কৰিলে মই তেওঁৰ ঠাইত নৰ্থ ইষ্ট ৰাইদাৰ্চ মিটত যোগ দিব পাৰোঁ । এই বিষয়ে সন্দিপে তেওঁৰ বন্ধুজনৰ লগত কথা পাতিম বুলি মোক জনালে । সেই অনুসৰি তেওঁ বন্ধুজনৰ লগত কথা পাতি মোৰ ফোন নাম্বাৰটো তেওঁৰ বন্ধুক দিলে যাতে আমি পোনপতীয়াকৈ কথা পাতিব পাৰোঁ ।
শেষত সন্দিপৰ বন্ধু ভাৰতীয় ৰেল বিভাগৰ কৰ্মচাৰী যোগেশ দেশমুখক মই তেওঁৰ নৰ্থ ইষ্ট ৰাইদাৰ্চ মিটৰ ৰেজিষ্ট্ৰেচন ফী 6500 টকা ইউ পি আইৰ যোগেদি ট্ৰেঞ্চফাৰ কৰি দিলো আৰু নৰ্থ ইষ্ট ৰাইদাৰ্চ মিটত যোগ দিবলৈ প্ৰস্তুতি আৰম্ভ কৰিলো ।
তাৰ মাজতে সন্দিপে এদিন ফোন কৰি মোক জনালে যে তেওঁ নৱেম্বৰৰ 18 তাৰিখে পুণেৰ পৰা ফ্লাইটত আহি গুৱাহাটীত উপস্থিত হ’বহি । তেওঁৰ বাইক ইতিমধ্যে কুৰিয়াৰ এজেঞ্চিৰ যোগেদি গুৱাহাটীলৈ পঠিয়াইছে । 18 নৱেম্বৰত গুৱাহাটীত উপস্থিত হৈ তেওঁ বাইকখন চেক আপ কৰাব আৰু পিছদিনা 19 নৱেম্বৰত যোৰহাটলৈ ৰাওণা হ’ব । যোৰহাটত মই তেওঁৰ লগ হ’ম আৰু 19 তাৰ্খৰ ৰাতি যোৰাহাটত কটাই 20 নৱেম্বৰত ডিব্ৰুগড়লৈ যাম । ডিব্ৰুগড়ত 20 তাৰিখৰ ৰাতি কটাই পিছদিনা 21 নৱেম্বৰত অৰুণাচল প্ৰদেশৰ আল’ত অনুস্থিত হোৱা নৰ্থ ইষ্ট ৰাইদাৰ্চ মিটত উপস্থিত হ’ম ।
মোৰ প্ৰস্তুতি কেনে চলিছে তেওঁ মোক সুধিলে ।
মোৰ বাইকখন বহু মাহ ধৰি চাৰ্ভিচ কৰা হোৱা নাই । চাকৰিৰ পৰা অব্যাহতি লোৱাৰ পিছত বাইকখন আগৰ দৰে ইমান সঘনাই চলোৱা নহয় । ফলত বেটেৰীটোৰ চাৰ্জ কমি গৈছে । বোধ হয় নতুন বেটাৰী এটা কিনিব লগা হ’ব !
এটা কথা মই লক্ষ্য কৰিছো যে মই ক’ৰবালৈ ৰাইদিঙত যাবলৈ সাজো হ’লে সেই সময়ছোৱা মোৰ বাবে অধিক ব্যস্ততাপূৰ্ণ হৈ পৰে । এতিয়ালৈকে মই যিমানকেইটা ৰাইদিঙত গৈছো আটাইকেইটাতে মই এই কথা লক্ষ্য কৰিছো ।
হাতত এটা সপ্তাহ বাকী আছে । 16 নৱেম্বৰ দেওবাৰ- মাৰ বাবে বহু দিনতে ঠিক কৰি থোৱা আই সকাম এভাগ আছে । গতিকে তাৰ যা-যোগাৰত 14 আৰু 15 তাৰিখত ব্যস্ত । ইয়াৰ দুই নে এদিন আগত সম্পৰ্কীয় নহয় যদিও আমাৰ পৰিয়ালৰ অতি ঘৰৰ দৰে আপোন বাই এগৰাকীয়ে ফোন কৰি তেওঁৰ জীয়েকৰ নৱেম্বৰৰ 25 তাৰিখে হ’ব লগীয়া বিয়ালৈ নিমন্ত্ৰণ কৰিলে ।
মোৰ ৰাইদিং আৰম্ভ হ’ব 19 তাৰিখে আৰু সকলো ঠিকে থাকিলে 28 নৱেম্বৰত ঘৰ আহি পামহি । গতিকে যিমান ইচ্ছা থাকিলেও বিয়া খনত উপস্থিত থাকিব পৰাৰ কোনো পধ্যে আশা নাই । গতিকে মনতে ঠিক কৰিলো 18 তাৰিখে আগতীয়াকৈ বিয়া ঘৰত মাত এষাৰ লগাই কিবা এটা উপহাৰ আগতীয়াকৈ দি আহিমগৈ ।
কিছুদিন পূৰ্বে দদাইদেউৰ ফোনটো লক হৈ যোৱাত এটা নতুন মোবাইল ফোন মোৰ ঠিকনাত অন লাইনত অৰ্দাৰ দিছিলো । সেইটো অৰদাৰ দিওঁতে দেলিভাৰী তাৰিখ দেখুৱাইছিল 24 নৱেম্বৰ । পিছত দেখুৱাইছে 27 নৱেম্বৰ । গতিকে 24 আৰু 27 নৱেম্বৰৰ ভিতৰত সেইটো আহি পোৱাৰ কথা । কেছ আন দেলিভাৰী । গতিকে ধনখিনি যোগাৰ দি থৈ যাব পাৰিলেও পাৰ্চেলটো যে আহিল সেই কথা জনাবলৈ ডেলীভাৰী দিওঁতাজনে মোৰ লগত যোগাযোগ কৰিব পাৰিব নে নাই এক অনিশ্চয়তা । কাৰণ সেইকেইদিনত মই অৰুণাচলৰ কোন ভিতৰুৱা পাহাৰৰ মাজত থাকিম আৰু সেই ঠাইত মোবাইল নেটৱৰ্ক থাকিব নে নেথাকে তাৰ কোনো নিশ্চয়তা নাই । গতিকে মোৰ বাবে ই এটা চিন্তাৰ বিষয় হৈ পৰিল ।
17 নৱেম্বৰ সোমবাৰ-গোলাঘাটৰ ৰয়েল এনফিল্ডৰ ডিলাৰলৈ বাইকখন চাৰ্ভিচিং কৰাব বাবে যাবলৈ ওলাই ভাবিলো ডীলাৰলৈ এবাৰ ফোন কৰি চাওঁ । এই ভাবি ফোন লগালো । ডীলাৰৰ পৰা পৰা জনালে যে একে দিনাই চাৰ্ভিচিঙৰ বাবে বুক কৰা নহয় । গতিকে পিছদিনা অৰ্থাৎ 18 তাৰিখে বাইকখন চাৰ্ভিচিঙৰ বাবে বুক কৰিলো ।
পিছদিনা পুৱা বিছনাত থাকোতেই সাৰ পাই মোবাইল ফোনটো অন কৰিয়ে মেচেজ পালো-সন্দীপ কুটৱাল পুৱা 6 বজাত আহি গুৱাহাটীত উপস্থিত হৈ হোটেলত সোমাইছেহি । এইফালে মোৰ বাইক চাৰ্ভিচিঙকে কৰাই হোৱা নাই । বিছনাৰ পৰা নামিয়ে গা-পা ধুই অফিচলৈ ওলোৱাৰ দৰে খৰ-ধৰকৈ বাইক চাৰ্ভিচৰ বাবে গোলাঘাটলৈ যাবলৈ মই সাজো হ’লো ।
বাইকৰ বেটাৰীটোত যিহেতো চাৰ্জ নৰয় সেয়ে নতুন বেটাৰী এটাকে কিনো বুলি গোলাঘাট বেঙেনা খোৱাত থকা এক্সাইড বেটীৰী ডীলাৰত উপস্থিত হ’লোগৈ । ডীলাৰৰ মালিক জনে জনালে যে মোৰ বাইকত খাপ খোৱা বেটাৰী বৰ্ত্তমান মজুত নাই । পিছবেলালৈ আহি পাবহি পাৰে । গতিকে বেটাৰী আহি পালে মোক জনাবলৈ কৈ মোৰ ফোন নাম্বাৰটো দি মই আহি ৰয়েল এনফিল্ড ডীলাৰত আহি উপস্থিত হ’লোহি ।
বহুৱাই থোৱাৰ বাবে আৰু বহু দিন চাৰ্ভিছিং নকৰাৰ বাবে বাইকখনৰ কেইবাটাও মেৰামতিৰ কাম কৰিব লগীয়া আছে । ব্ৰেক মাৰিলে মাজে সময়ে কেতিয়াবা পিছ ব্ৰেকডাল লাগি ধৰি পিছ চকা জাম হৈ যায় । সেয়ে মই গোলাঘাটলৈ আহোতে পিছ ব্ৰেক যাতে ব্যৱহাৰ কৰিব লগা নহয় সেই বাবে সজাগ হৈ চলাই আহিছো । ইঞ্জিন অইল, এয়াৰ ফিল্টাৰ আদিও সলাব লগা আছে । চাৰ্ভিচ মেনেজাৰ জন মোৰ চিনাকি । তেওঁ বাইক খন পৰীক্ষা কৰি কলে এক্সিলেটৰ কেবোল ডালো নতুন লগাই লোৱা ভাল হ’ব ।
ডীলাৰত বহি আছো । পিছবেলা তিনিমান বজাত এক্সাইড বেটাৰীৰ ডীলাৰৰ পৰা ফোন কৰি জনালে যে মোৰ বাইকৰ বেটাৰী আহি পালেহি । মনটো ভাল লাগিল । মই জনালো যে মই গৈ আছো তেওঁৰ ডীলাৰলৈ ।
ৰয়েল এন ফিল্ডৰ ডীলাৰৰ পৰা বেটাৰীৰ ডীলাৰলৈ দূৰত্ব তিনিশ মিটাৰ মান হ’ব । মই খোজেৰে গৈ বেটাৰীৰ ডীলাৰত উপস্থিত হ’লোগৈ । বেটাৰীৰ দাম 3700 টকা । মই কিউ আৰ কোডটো স্কেন কৰি 3700 টকা অন লাইন যোগে ট্ৰেঞ্চফাৰ কৰিলো । মোৰ মোবাইলত 3700 টকা ডেবিট হোৱা বুলি মেচেঝ আহিল । ডীলাৰৰ মালিক জনে জনালে তেওঁৰ একাউণ্টত ধনখিনি জমা হোৱা নাই ।
ৰৈ ৰৈ সন্ধা হ’ল । টকাটো জমা হোৱা নাই । তেওঁ এইবাৰ বেঙেনাখোৱা তিনি আলিত থকা পুতেকৰ দোকানলৈ পঠিয়ালে তাতে একাইণ্টটো চেক কৰিব বোলে । পুতেকে চেক কৰি জনালে টকা জমা হোৱা নাই । টকা জমা নহ’লে বেটাৰীটো মোক দিব নোৱাৰে । মোৰ ৰৈ থাকিবলৈ সময় নাই । পিছ দিনা অৰ্থাৎ 19 তাৰিখে সন্দিপ আহি যোৰহাট পাবহি । মই তেওঁক যোৰহাটত লগ দিয়াৰ কথা । পিছদিনা 20 তাৰিখে ডিব্ৰুগড় । তাৰ পিছ দিনা অৰুণাচলৰ আল’ । মোৰ বেগ-ছেগবোৰ বান্ধিব লগা আছে । গতিকে ৰয়েল এন ফিল্ডৰ ডীলাৰলৈ ওভতিলো । বাইখন ৰয়েল এন ফিল্ডৰ ডীলাৰ পৰা লৈ ঘৰলৈ আহোতে মিনি ষ্টেটমেণ্টৰ কপি এটা বেটাৰীৰ ডীলাৰৰ মালিকৰ পুতেকৰ হাতত দি আহিলো । তেওঁ জনালে ধন খিনি তেওঁৰ একাউণ্টত জমা হ’লে তেওঁ মোক ফোন কৰি জনাব ।